Skip to main content

Posts

Showing posts from January, 2012

জলকুঁৱৰীৰ সপোন

পানী ভাঙি উঠি আহে তাই মাজৰাতি প্রতিজোপা থেৰেজুকলীয়া গছে দলিয়াই পেলায় এঙেৰুৱা আন্ধাৰৰ এৰাতি টোপনি মোৰ শৰীৰত বনৰীয়া সুৰ এটা গজে তাই মেৰিয়াই লোৱা মাছৰ গোন্ধত এলান্ধু আকাশখন এঙামুৰি দি উঠে ডাৱৰ ফালি নামি আহে সোণালী কালপুৰুষ ক'ৰবাত ফুলৰ চুবুৰী এটাই সাৰ পায় নৈপৰীয়া বালিত ভিজি সেউজীয়া হয় মোৰ যৌৱন প্রত্যেক ৰাতি তাইৰ চকুত চকু থওঁ এনেকৈয়ে একাবেঁকা সাপ এডাল হৈ পৰাৰ স্পষ্ট বাসনাত