Skip to main content

Posts

Showing posts from July, 2020

স-শ-চ

          গ্ৰ ন্থপ্ৰেমী লোকেৰে ভৰি থকা এটা গোটত এজনে লিখিছে, "নিজৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হোৱা অসমীয়া কিতাপ এখনৰ নাম লিখকচোন সকলোৱে। আ-কাৰ, ই-কাৰ মিলিব লাগিব।" এইটোনো কি ডাঙৰ কথাটো বুলি মিচিকিয়াই হাঁ‌হি এটা মাৰি কিতাপৰ নাম ভাবিবলৈ ধৰিলোঁ‌। ইফালে গ্ৰুপত তিতাবৰৰ অমৰজ্যোতিয়ে অসীমত যাৰ হেৰাল সীমা, ঘিলামৰাৰ মৌচুমীয়ে মৌন ওঁ‌ঠ মুখৰ হৃদয় বুলি কমেণ্ট কৰিলেই। মই কমেণ্ট পঢ়ি পঢ়ি ভাবিবলৈ ধৰিলোঁ‌। চাহেবপুৰাৰ বৰষুণ। এহ নহয়, 'চা'হে হ'ল। চ...চ...চ...। চৰাঘৰ বুলি কিবা কিতাপ আছে নে? চলচ্চিত্ৰ বুলি। নাই দেই, নাই। হৰি, হৰি! নায়েই নেকি? মোৰ মুখৰ হাঁ‌হিৰ বৰণ কলীয়া ডাৱৰলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিল। মনত পেলাবলৈ চেষ্টা কৰিছোঁ‌। নাই নাই নাই। চমাংকান(?), চেনাবৰ স্ৰোত, ছিন্নমস্তাৰ মানুহটো, ছাংলট ফেনলা...। ধেৎ নহয়! এইবাৰ কান্দোন ওলাই আহিবৰ উপক্ৰম হ'ল। কোনো এজন সাহিত্যিকে বাৰু 'চ' আখৰেৰে আৰম্ভ হোৱা কিতাপ এখন লিখিব নাপায় নে! হাঁ‌য় হাঁ‌য়! চকুচৰহা, চলিহা, চৰ্চৰী, চকলা টেঙা...। ইফালে কমেণ্টেৰে উপচি পৰিছে গোটটো। হঠাৎ বিজুলী চমকৰ দৰে নাম এটা মনলৈ অহাত চিঞৰি উঠিলো-পাই গ'লো

পদূলিত মাৰ্চমাহ

প দূলিত মাৰ্চমাহ অলং-দলংকৈ  বোকোচাত বৈ অনা বছৰৰ হিচাপৰ মেটমৰা ভাৰ উদং উদং সউ ধূলিয়ৰি আলিবাট তুঁ‌হজুয়ে পোৰা দেহা  ইছাট-বিছাট ফাগুনৰ সেয়ে ঢং গোটেই আকাশজুৰি  ৰঙচুৱা পলাশৰ মুঠি মুঠি ৰং

শৈশৱৰ আলি-কেঁ‌কুৰি ১

        স ৰুকালত গৰমৰ দিনবোৰত যেতিয়া বিদ্যুতৰ সংযোগ ব্যাহত হয় তেতিয়া বৰ আনন্দ পাইছিলোঁ। কাৰণ এটাই: উৎকট গৰমৰ বাহানা দেখুৱাই পঢ়াৰ পৰা হাত সাৰিব পাৰিম। সেই সময়ত গাঁৱৰ ঘৰত স্বাভাৱিকতে ইনভাৰ্টাৰ জাতীয় আহিলা নাছিল। বহু লোকৰ ঘৰত আনকি বিদ্যুতৰ সংযোগো নাছিল। ল'ড শ্বেডিং অতি ক'মেও এঘণ্টা সময় ধৰিতো চলিছিলেই, তাতোকৈ বেছি হোৱাৰো অনেক উদাহৰণ আছিল। এই দিনবোৰত চোতালত চকী-মূঢ়া লৈ বিচনী কোবাই ঘৰৰ সকলোৱে আড্ডা জমায়। গাঁ‌ৱৰে কোনোবাজন দদাইদেউ, পুথাওদেউ, বৰদেউতা, বুঢ়াদেউতা আহি কথাৰ পাগ উঠায়। এই আড্ডাত আমাৰ দৰে পঢ়া-শুনা কৰি থকা সৰু ল'ৰা-ছোৱালীক সততে ভাগ ল'বলৈ দিয়া নহয়। কাৰণ এয়া পঢ়াৰ সময়। ৰাতিৰ ভাতসাজ খোৱাৰ আগলৈকে ইফাল-সিফাল নচলিব। (পঢ়া মেজত বহি গোপনে টিংকল, চান্দমামাৰ ৰস লোৱাটো অন্য এক অধ্যায়।) কাৰেণ্ট যোৱাৰ লগে লগে বিচনী এখন লৈ "ইমান গৰম উঠিছে ভিতৰত" বুলি ঢপলিয়াই চোতাল পাওঁ‌গৈ। সেই জনা-নজনা কথাৰ আড্ডাত নীৰৱে ভাগ লোৱাৰ হেঁ‌পাহত। অন্তৰেৰে কামনা কৰোঁ ভাত বঢ়াৰ সময়লৈকে কাৰেণ্ট নাহক। সেই মনোকামনা কেতিয়াবা পূৰণ হয়। কেতিয়াবা নহয়। কোনো সময়ত আকৌ দেউতা বা বৰদেউতাহঁ‌ত 'উপকাৰী

উলটি নহা নাওবোৰ

বাঁ‌ হপাতৰ ঠাৰিত কঁ‌পি থকা  পকা কৰ্দৈৰ দৰে ৰ'দজাক ভিতৰ সোমাই আহিছে চৰাঘৰত লানি লানিকৈ ঢলি পৰিছে গছবোৰৰ ছাঁ‌ পাহাৰীয়া চৰাইৰ মাত এটা পাছচোতালত কেনিবাদি সৰিছে ঠিক এনেকুৱা এটা দিনতে নাও লৈ যোৱা নাৱৰীয়াবোৰ উলটি অহাৰ কথা আছিল ঠিক এনেকুৱা এটা দিনতে

ঈশ্বৰৰ জন্মৰ আগেয়ে

ঈ শ্বৰৰ জন্মৰ আগেয়ে  মানুহবোৰ জুইৰ কাষত ঘূৰণীয়াকৈ বহিছিল পোৰা মঙহেৰে উদৰ পূৰাই বিনিময় কৰিছিল গছৰ পৰা গুটি আৰু গুটিৰ পৰা গছ হোৱাৰ গোপন কথা উত্তৰীয় অবিহনে নিবাৰণ কৰিছিল লজ্জা যিদিনাই প্ৰথমজন ঈশ্বৰৰ জন্ম হ'ল সিদিনাই মানুহে বুদ্ধত্ব হেৰুৱালে

গৃহবন্দী ব’হাগ

বে লি লহিয়াবৰ হোৱা নাই যতনাই ৰখা কিতাপবোৰত ৰ’দ কপৌ এহালে চোতালত এটি-দুটি চাউল বুটলে ক’ৰবাত গীটাৰৰ টুং-টাং নে বতাহৰ মাত? কাৰ ঘৰত বা জেওৰা বৈছে!   গৃহবন্দী ব’হাগতো “দেউতাৰ পদূলিত” মাধুৰী গোন্ধাই ঢোলে গুমগুমাই মনত কবিতাৰে গুঁঠিব নোৱাৰি ব’হাগ — তাহানিতে তুমি কোৱা কথা।