Skip to main content

Posts

Showing posts with the label কবিতা

উত্তৰাধিকাৰ

আদিতে জগত আছিল মহাশূণ্য নাছিল কোনো দানৱ অথবা ঈশ্বৰ অমোঘ তিমিৰাচ্ছন্ন অসীমত নাছিল পাৰ্থিৱ নাৰী আৰু পুৰুষ  কিম্বা কোনো বহুবৰ্ণ কিন্নৰ। কোনো অজ্ঞাত আলোকপুঞ্জৰ অলৌকিক আৱিৰ্ভাৱত হোৱা  দেৱতাৰ জন্ম এক সাধুকথা। কিন্তু তেতিয়াই প্ৰথমবাৰৰ বাবে  তুমি জন্ম ল'লা পদ্মিনী হৈ চক্ৰপানিৰ চৰণ সেৱাৰ বাবে যি আছিল তোমাৰ জ্ঞাতে-অজ্ঞাতে হাজাৰ বছৰীয়া সভ্যতালৈ   পুৰুষে এৰি থৈ যোৱা উত্তৰাধিকাৰ। সেই অধিকাৰে অতযুগ লালন কৰা মদমগ্ন মুখেৰে মই আওঁ‌ৰাই যাওঁ‌: তুমি ৰম্যা, তুমি ভোগ্যা, তুমি উৰ্বৰা সমস্ত বেদীতে তুমি পূজ্যা। কিন্তু তোমাৰ হংসগমনত ৰিপুৰ জন্ম বস্ত্ৰৰ তলত মৈথুন কামনাৰ ভ্ৰষ্ট নৰক সাধুকথাৰ দেৱতাৰ উপাসনা গৃহত  সেয়ে তোমাৰ প্ৰৱেশ অনাধিকাৰ তোমাৰ মাতৃ অংগত ফুলা  মাসিক ৰক্তোৎপলৰ অপবিত্ৰতাৰে তুমি নাচাবা আকাশৰ উচ্চতা।

পদূলিত মাৰ্চমাহ

প দূলিত মাৰ্চমাহ অলং-দলংকৈ  বোকোচাত বৈ অনা বছৰৰ হিচাপৰ মেটমৰা ভাৰ উদং উদং সউ ধূলিয়ৰি আলিবাট তুঁ‌হজুয়ে পোৰা দেহা  ইছাট-বিছাট ফাগুনৰ সেয়ে ঢং গোটেই আকাশজুৰি  ৰঙচুৱা পলাশৰ মুঠি মুঠি ৰং

উলটি নহা নাওবোৰ

বাঁ‌ হপাতৰ ঠাৰিত কঁ‌পি থকা  পকা কৰ্দৈৰ দৰে ৰ'দজাক ভিতৰ সোমাই আহিছে চৰাঘৰত লানি লানিকৈ ঢলি পৰিছে গছবোৰৰ ছাঁ‌ পাহাৰীয়া চৰাইৰ মাত এটা পাছচোতালত কেনিবাদি সৰিছে ঠিক এনেকুৱা এটা দিনতে নাও লৈ যোৱা নাৱৰীয়াবোৰ উলটি অহাৰ কথা আছিল ঠিক এনেকুৱা এটা দিনতে

গৃহবন্দী ব’হাগ

বে লি লহিয়াবৰ হোৱা নাই যতনাই ৰখা কিতাপবোৰত ৰ’দ কপৌ এহালে চোতালত এটি-দুটি চাউল বুটলে ক’ৰবাত গীটাৰৰ টুং-টাং নে বতাহৰ মাত? কাৰ ঘৰত বা জেওৰা বৈছে!   গৃহবন্দী ব’হাগতো “দেউতাৰ পদূলিত” মাধুৰী গোন্ধাই ঢোলে গুমগুমাই মনত কবিতাৰে গুঁঠিব নোৱাৰি ব’হাগ — তাহানিতে তুমি কোৱা কথা।

নীলপদ্ম

হালি পৰা গছবোৰে মোৰ কপাল চুই সুধিছিল এইমাত্ৰ আলিয়েদি আঁ‌তৰি যোৱা চেমনীয়া বসন্তৰ কথা ভৰা নৈৰ সিপাৰে কিউপিডৰ দেশ বঠা নোহোৱা নাৱৰ ঘাটত নীলপদ্ম স্বৰবৰ্ণৰ দৰে নহয় জীৱন ঠাইতে পাহাৰ ঠাইতে সমতল আঙুলি টোঁ‌ৱাই চুব জানো পাৰিবা সোণালী জোনৰ ভৰুণ ওঁ‌ঠ? কেনি আছে সৰলৰেখাৰ বাট বুকুৰ পৰা বুকুলৈ?

যমুনা ৰোডৰ ডিচিপ্লিন আৰু অন্যান্য

(১) আইনাৰ খিৰিকিৰ বাহিৰলৈ চাইছা নে? সৌ ইটাৰ দেৱালৰ সিপাৰ পালেই বসন্ত ওখ ওখ ঘৰৰ অৰণ্যৰ চুকে-কোণে ৰাইজাই ফাগুনৰ চিঠি উৰোতেই 'জেণ্টলমেন'ৰ কামিজ সোলকাই থওঁ‌ আকাশক সুধোঁ‌ তোমাৰ নাম বৰ্ষা নে বন্যা? ফিজি নে হিমা? ক'লে 'ডিচিপ্লিন' আহিম বুলিও বৰষুণ হৈ নাহিলা গোটেই আবেলিটো অভিমান কৰি বহি থাকিও কামত নহাৰ পিছত কাক সুধিম এতিয়া তোমাৰ কথা? (২) ডুবিবলৈ ধৰা বেলি এজনীৰ সৈতে যমুনা ৰোডত মজাকৈ বহি থাকোঁ‌তেই ইচ আচ দূৰভাষ!! কিহৰ তাড়নাত এই লেথাৰি নিচিগা কাম বেংকৰ উৰ্ধমুখী বেলেঞ্চ আৰু নাম জহন্নামে যোৱা দেওবাৰবোৰৰ দৰে ৰোমাঞ্চৰ দিনতো নিৰ্মমভাৱে কলিজা গচকি কৰ্প'ৰেট এজেণ্ডাৰ কি যে নিৰ্লজ্জ সমদল মৰহি যোৱা গধূলি একোটাত নিজৰ সৈতে অহৰহ সান্নিধ্যৰ দৰদাম (৩) সময়বোৰ এনেকৈ বিবৰ্ণ আৰু ধূসৰিত বাবেইতো মই তোমাক 'কিডনেপ' কৰাৰ কথা ভাবোঁ‌ এইখন পৃথিৱীৰ পৰা

নিজৰ উপস্থিতিৰ আনন্দত

হাবিডৰাৰে ঢপলিয়াই অহা ধুমুহাৰ জুৰ - জুৰ শব্দই ৰাতি মোৰ টোপনি ভাঙিলে উঠি গৈ দেখো বেলকনিত , বৰষুণৰ চেতাৰ বাজিছে সৰাপাতৰ সিয়নিত ধূলিবোৰ জহি - খহি শেষ হয় ৰি - ৰিকৈ বাজি থকা শব্দবোৰ এটি এটিকৈ বুটলি লওঁ নিজৰ উপস্থিতিৰ আনন্দত

সম্ভাৱনা

পছিমত মনো-নমনো ডাৱৰৰ পানীগছা আধৰুৱা জোনটো তাৰ ছাঁতে লুকাল আবেলিৰপৰা আকাশত ধূলি আৰু ধূলি সৰাপাতবোৰ ইফাল-সিফাল মোৰ বুকুত এটা পানীপিয়া চৰাই তাৰ ঠোঁটত বহুদিনীয়া পিয়াহ মেঘ চোৱাৰ হেঁপাহ ডেউকাত আবেলি আলি কিনাৰত দেখিছিলোঁ এখিলাও পাত নোহোৱাকৈ ফাগুন ৰঙা হৈ ফুলি থকা শুনিছিলোঁ বতাহে সাৱটি থকা যাদুকৰী মেঘমল্লাৰ বাৰে বাৰে আকাশলৈ চাওঁ আটাইবোৰ তৰাৰ ওঁঠত মেঘ আৰু মেঘ বিচনাত ইকাটি-সিকাটিকৈ থকাতকৈ আজি খিৰিকিমুখত মই মোক থৈ দিম বৰষুণৰ প্রাচীন আখৰা চাবলৈ