Skip to main content

Posts

Showing posts from February, 2012

একপক্ষীয়

এদিন তুমি হাতৰ মুঠিতেই আলফুলে সুমুৱাই আনিছিলা এখন ধূলিৰ আকাশ অলপ ডাৱৰ, কুহুমীয়া বতাহ আৰু বৰষুণৰ অলপ সম্ভাৱনা তোমাৰ সোঁকাষেৰে যুৰীয়া শালিকা উৰিছিল এপাহ ফুল সৰিছিল শিমলুৰ তুমি অহা নাছিলা মোৰ বাবে মোলৈ বুলি অনা নাছিলা ফাগুন তথাপিও অনামিকা, মই প্রেমৰ প্রাচীন শিলালিপি পঢ়িছিলোঁ সৰাপাতৰ নিৰল দোতাৰা শুনিছিলোঁ হাত পাতি ধৰিছিলোঁ প্রথমজাক বৰষুণৰ প্রথমটো টোপাল তোমাৰ সৈতে তুমি গম নোপোৱাকৈ

খৰাং

মাজৰাতি সাৰ পাই শৰালীৰ মাত শুনিলোঁ আকাশত আজিও একেই ডাৱৰ ভাঙি যোৱা সপোনত তোৰে সৈতে কথা ছিৰালফটা বুকুত অপেক্ষাৰ উম থাকে আজিও বৰষুণ আহে বা নাহে!

ফাগুন

(১) কুহুমীয়া আবেলিটোৰ লগ নাই চোতালেদি পাৰ হয় বতাহ শেষ পাতখিলাত প্রতিশ্রুতি (২) আকাশৰ ৰং দুটা মূধচত দুযোৰ শালিকা মাটিত নাথাকে দুভৰি (৩) বাঁহবোৰে সাৰ পালে গৰু অহাৰ বাটছোৱা ধূলি বুকুত পিয়াহ