Skip to main content

Posts

Showing posts with the label প্ৰেম

নীলপদ্ম

হালি পৰা গছবোৰে মোৰ কপাল চুই সুধিছিল এইমাত্ৰ আলিয়েদি আঁ‌তৰি যোৱা চেমনীয়া বসন্তৰ কথা ভৰা নৈৰ সিপাৰে কিউপিডৰ দেশ বঠা নোহোৱা নাৱৰ ঘাটত নীলপদ্ম স্বৰবৰ্ণৰ দৰে নহয় জীৱন ঠাইতে পাহাৰ ঠাইতে সমতল আঙুলি টোঁ‌ৱাই চুব জানো পাৰিবা সোণালী জোনৰ ভৰুণ ওঁ‌ঠ? কেনি আছে সৰলৰেখাৰ বাট বুকুৰ পৰা বুকুলৈ?

তেওঁ হয়তো তোমাক সুধিব

কেতিয়াবা বাৰাণ্ডাত থিয় দি বৰষুণ চাওঁতে টোপালবোৰ মোৰ খটখটীয়েদি উঠি আহিব আৰু বহি পৰিব চিকুণকৈ মুচি থোৱা মজিয়াত মই নুসুধাকৈয়ে অনৰ্গল কৈ যাব সিহঁতে ছাঁদত ভাঁহি থকা দুখন সুৱদী মুখ আৰু এইমাত্ৰ ভিজি পৰা চুলি একোছাৰ কাহিনী । -------------------------------- তাত এখন ঘৰ হ ’ ব , আৰু ইয়াত এখন বাগিছা গুলঞ্চ ফুলবোৰৰ দাঁতিয়ে পাজৰে উৰি ফুৰা সৰু সৰু চৰাইবোৰ চাই মই নিজকে তোমাৰ বিষয়ে ক ’ ম । ------------------------------- মোৰ কথা ওলালে তেওঁ হয়তো তোমাক সুধিব , “ এতিয়াৰ দৰেই নিৰিবিলি সন্ধিয়াবোৰত তুমি পকা লিচু এটাৰ দৰে গোন্ধাইছিলা নে ?”

অৰণ্যৰ ৰাতিটো

গছৰ জীয়া দলং এখনত আমি বহি আছিলো সেইদিনা বৰকৈ বতাহ বলিছিল ঠেঙুলিবোৰে পাত - পোখালিবোৰ মেলি দি আমাক শীতৰ পৰা আৱৰণ দিছিল কজলা শিপাবোৰে সাজি দিয়া নিৰাপদ খোৰোঙত দুয়ো কুচি - মুচি বহিছিলো আৰু বিনিময় কৰিছিলো বুকুৰ শিলভাৰ এপদ এপদকৈ ছাঁইবৰণীয়া দুখৰ পোছাক সোলকাই আমি নগ্ন হৈছিলো , হাঁহিছিলো আৰু কান্দিছিলো হিয়া উজাৰি অদূৰৰ ঘাইপথেদি আমাক এৰি গুচি গৈছিল এজাক গাড়ীৰ স্বাৰ্থপৰ হেডলাইট চকুলোবোৰ গোট মাৰি কাঁইটত কেতেকী এপাহ ফুলিছিল আৰু এখন অৰণ্যই আমাৰ কাহিনী শুনিছিল নিৰলে ।

তাই আৰু কবিতাবোৰ

তাই কবিতা নিলিখে তাই কবিতা নপঢ়েও ৰূমমেটে সজাই দিয়া মেহেন্দী হাতেৰে চুই নাচায় কবিতাৰ অমোঘ শৰীৰ হাচনাহানা ৰাতিৰ পদূলিত ৰৈ এৰালছিগা কবিতাৰ আখৰা কৰোঁতে তাই ৰ ’ লাগি চাই থাকে কবিৰ আঙুলিবোৰ অথচ তাই নাজানে , কবিৰ জপনামুখত তাইৰ বাবেই কুৱঁলীত ভিজি সৰু সৰু কবিতাবোৰ সৰি থাকে বোকোছাত আধালিখা কবিতা এবাহ লৈ কবিৰ কিৰিকিয়েদি উজাই আহে নিষিদ্ধ নদীৰ সোণোৱালী মাছ আপোনজনে ওঁঠত ওঁঠ থ ’ লে সৰি পৰা কবিতা এটি তাই আলফুলে সামৰি থয় আৰু সিফালে কোনোবা প্ৰেমিকৰ দিনলিপিৰ পৃষ্ঠাত কবিতাই হাঁহে , হুমুনিয়াহ কাঢ়ে নাইবা উচুপি উঠে নিৰল সন্ধিয়া তাই কবিতা নিলিখে , নপঢ়ে কবিতা জিভাত লৈ চাকি নাচায় কবিতাৰ লুণীয়া সোৱাদ ।

শৰীৰি

(১) মমবোৰে যেতিয়া মেৰিয়াই ল'ব একোঠালি আন্ধাৰৰ নিহালি তেতিয়াই আমি সাৰ পাম দুয়ো দুয়োকে নিচুকাম নিৰলে টোপনি যাম দোকমোকালি (২) শেষকণ লুনীয়ালৈকে চাকি চাম মাটি-কমলাৰঙী তোমাৰ ওঁঠ বনৰীয়া লতা হৈ জপটিয়াম নিয়ৰ এটোপাল হৈ বগুৱাবাই যাম খৰিকাজাঁই বুকুৱেদি এফোঁটা মৰম আঁকি যাম দুচকুত (৩) এটা বিন্দুত দুয়ো ওপঙি ৰ'লো ওজনহীন দেহ, ভাৰহীন মন হাতত হাত, ওঁঠত ওঁঠ, বুকুত বুকু আৰু কলিজা মাথোঁ এখন

কবিতা নহয়

চেনেহী 'ম', তোমাৰ ফেঁচাটোৰ ঠেঙে তোমাৰ বাতৰি এইমাত্রহে পালো । মই সদায় কাষতেইটো আছোঁ । যোৱাৰাতি বেছিকৈ ফাগুন ফাগুন লাগিছিল । তোমাৰ নামটো তৰাবোৰে বাৰে বাৰে আঁকিছিল । উৰা মাৰোঁ বুলি ভাবি আছোঁ দুই-এদিনতে আজৰি হৈ । মন উৰুঙা, জানাই । বাকী সকলোবোৰ কুশল । চুমা এটা বান্ধি দি পথালোঁ, নিশাহে খুলিবা গোপনে । উত্তৰৰ লগত যোৱা বছৰৰ আমি একেলগে কটোৱা স্মৃতি এপিয়লা পথাবাচোন । তোমাৰ চিঠিলৈ বাট চোৱাটো সদায় মোৰ বাবে ভাল লগা কাম । অযুত চেনেহেৰে তোমাৰেই 'চ'