Skip to main content

Posts

Showing posts from October, 2020

গীত

আ কাশৰ একাঁ‌জলি দুহাতে আনি আবেলিৰ বতাহে দিলেহি সানি পলাশৰ পদূলিত ফাগুনে আহি চিনাকি চিনাকি জুৰিলে বাঁ‌হী আঙুলিৰ ফাঁ‌কেৰে হেঙুলীয়া ৰং হেঁ‌পাহৰ দৰে বৈ পৰিছে এধানি আইনাৰ খিৰিকিত তোমাৰেই ছবি গুনগুন অনুৰাগ শেৱালী সুৰভি বুকুৰ চোতাল মোৰ জোনাকী জোনাকী তোমাৰ ওঁ‌ঠৰ গান ৰাখিছো সামৰি আৱেগৰ শলিতাৰে প্ৰতিপল জ্বলে পখিলা পাখিৰ ৰঙে পদূলি শুৱনি এখোজ দুখোজ মোৰ পদূলি গৰকি সুৰৰ শলিতা হৈ দূবৰি গচকি ৰ'দালি কবিতা এটি জাকি মাৰি আহি বাহ সাজি পোহৰালে মনৰ কোঠালি আবেলিৰ দাপোণত সোণাৰুৰ পাহি কেতেকী মাতৰ ৰাতি বুকুৰ জুৰণি