Skip to main content

Posts

Showing posts from May, 2020

ৱিকিপিডিয়াত কেনেকৈ লিখিব পাৰি

        যো ৱা কিছুদিন ধৰি ফেচবুকত  𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊 শীৰ্ষক এলানি প্ৰবন্ধ শ্বেয়াৰ কৰিছোঁ‌ য'ত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমাজ-সংস্কৃতি, ভূগোল আদি বিষয়সমূহ সামৰি লোৱা হৈছে। এই প্ৰবন্ধসমূহ অসমীয়া ৱিকিপিডিয়াৰ পৰা তুলি অনা আৰু আপোনাৰ বা মোৰ দৰেই কিছু লোকে এই তথ্যসমৃদ্ধ প্ৰবন্ধসমূহ লিখিছে। প ' ষ্টসমূহ দেখি কেইগৰাকীমান বন্ধু-বান্ধৱীয়ে সুধিছে যে ৱিকিপিডিয়াত কেনেকৈ লিখিব পাৰি। তেওঁলোকৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ হকে সামান্যতম হ'লেও কাম কৰিবলৈ আগ্ৰহী লোকসকলৰ সুবিধাৰ্থে তলৰ কথাখিনি আগবঢ়ালো। ১) কি লিখিব:  ৱিকিপিডিয়াত আমি সকলোৱে অতি সহজতে লিখিব পাৰোঁ আৰু ইয়াৰ বাবে কোনো বিশেষ বিষয়ত পাকৈত হোৱাটো মুঠেই জৰুৰী নহয়। ইয়াৰ বাবে বিশেষ কোনো কাৰিকৰী জ্ঞানৰো প্ৰয়োজন নাই। গতিকে  ৱিকিপিডিয়াত কেনেদৰে লিখিম সেই কথাৰ লগতে ৱিকিপিডিয়াত কি লিখিম সেই কথাটো প্ৰথেমেই আমি জনাটো প্ৰয়োজনীয়। ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ আৰু সেয়েহে এখন বিশ্বকোষত থাকিবলগীয়া যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াৰ বাবে উপযুক্ত। যেনে ধৰক , আপুনি শেহতীয়াকৈ প্ৰকাশিত এখন অসমীয়া গ্ৰন্থ পঢ়ি ভাল পাই