Skip to main content

Posts

Showing posts from January, 2019

অসমীয়া খোৱা-লোৱাবোৰ

A recipe in this blog?? Like really? This is what I am thinking right now. This blog is definitely not meant for recipes. Then what is a common Assamese pork recipe right from our local Assamese kitchen doing here? The following explanation is quite satisfactory for me. Recently, I have posted a   photo of Sunga Pork or Pork in Bamboo Pipe on a facebook group. Some people who are yet to taste the delicacy of Assamese cuisine asked me about the procedure of cooking pork in a bamboo pipe. I can think of no better option than putting the whole procedure of this mouth-watering Assamese pork recipe in my blog itself for any future reference. So, here it is. Pork in Bamboo Pipe  ( চুঙাত দিয়া গাহৰি) Ingredients: Pork ½ kg cut into small pieces Ginger 2 inches finely crushed Garlic 10-12 cloves roughly crushed 1 Medium sized Onion finely chopped 2-3 Crushed Red chili Salt Mustard Oil 3 tsp Water ½ cup Optional ingredients: Bamboo shoot ½ tsp Bhoot Jolokia

নীলপদ্ম

হালি পৰা গছবোৰে মোৰ কপাল চুই সুধিছিল এইমাত্ৰ আলিয়েদি আঁ‌তৰি যোৱা চেমনীয়া বসন্তৰ কথা ভৰা নৈৰ সিপাৰে কিউপিডৰ দেশ বঠা নোহোৱা নাৱৰ ঘাটত নীলপদ্ম স্বৰবৰ্ণৰ দৰে নহয় জীৱন ঠাইতে পাহাৰ ঠাইতে সমতল আঙুলি টোঁ‌ৱাই চুব জানো পাৰিবা সোণালী জোনৰ ভৰুণ ওঁ‌ঠ? কেনি আছে সৰলৰেখাৰ বাট বুকুৰ পৰা বুকুলৈ?

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক