Skip to main content

Posts

Showing posts from June, 2020

স্বাধীন অসমৰ প্ৰসংগক্ৰমে

               স্বা ধীন অসম বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় এই কথাটোত দ্বিমত থাকিলেও এসময়ত বহুসংখ্যক লোকে ভাৰতৰ পৰা স্বাধীনতা লাভৰ আকুল ধাৰণা এটাক সংগোপনে পোহপাল দিছিল। ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰত জন্মলাভ কৰা সংযুক্ত মুক্তি বাহিনী বা চমুকৈ আলফাৰ প্ৰতি ৰাইজৰ সমৰ্থন আছিল মুক্ত, স্বতঃস্ফুৰ্ত। সৃষ্টি হৈছিল অসমৰ এক নতুন ইতিহাসৰ। বুজা-নুবুজা বয়সত সেই অস্থিৰ সময়ছোৱাৰ আমিও সাক্ষী আছিলো। প্ৰেমাস্পদৰ সৈতে হাঁ‌হি-পাতি মছগুল হোৱাৰ বয়সত ল'ৰাবোৰে বুকুত জুই একুৰা লৈ হাবিলৈ ওলাই গৈছিল। ইয়াৰ পিছত ৰাতিয়ে-দিনে ৰজাৰ চিপাহীয়ে পিয়াপি দি ফুৰিছিল গাঁ‌ৱবোৰত। ঘেৰাও কৰি লোৱা গাঁ‌ওখন মূক হৈ পৰিছিল। কৰ্মসূত্ৰে দেউতা ঘৰত নাথাকিছিল প্ৰায়ে। এনে এটা দিনতে বনকৰা দাদাজনে এখন মোটোহা হাতৰ পূৰ্ণহতীয়া চৰ খাই কান্দিছিল। তথাপিও হিন্দী ভালদৰে ক'ব নজনা মোৰ মায়ে বাৰাণ্ডাত থিয় দি উত্তৰ দিছিল "মুঝে মালুম নহী।" আইতাই খামুচি ধৰিছিল মোৰ হাত। খবৰ কাগজ আৰু আলোচনীৰ ছবি চাই ধৰ্ষণ কি সেয়া কাৰোবাক সুধিবলৈ মোৰ ভয় লাগিছিল। কি নাম? ভনীমাই দত্ত। এনেকৈয়ে বহুদিন পাৰ হৈ গৈছিল। স্বাধীনতা দিৱস ব

প্ৰাচীন মহাসিন্ধুৰ পাৰত

             এ য়া একো একোটা জীৱন্ত সাধুকথা। আজিৰ পৰা ৫-৬ হাজাৰ বছৰ আগৰ কাহিনী। আমাৰ উপৰি পুৰুষৰ হৰপ্পাৰ পাশুপতি ছীল কাহিনী। সেইসকল উপৰি পুৰুষ যি সুখ-দুখ, দুৰ্যোগ-আনন্দৰ মাজেৰে জীৱনক উদযাপন কৰিব জানিছিল। তেওঁলোকে নৃত্য কৰিছিল, হেঙুল-হাইতাল ছবি আঁ‌কিছিল, কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিছিল, যুঁজ-বাগৰত ভাগৰি পৰিছিল আৰু সেউজীয়া এডৰা শস্যমালাৰ সপোন দেখিছিল। নদীৰ বুকুৱেদি দিগন্ত বিচাৰি মেলি দিছিল বণিকৰ নাওঁ‌। কপাহী কাপোৰত নিজৰ পছন্দৰ ৰঙেৰে বোলাব জানিছিল তেওঁলোকে। মৌন ওঁ‌ঠ আৰু হাতৰ মৈলামেৰে তামবৰণীয়া কথাবোৰ লিখি ৰাখিছিল ভৱিষ্যৎ প্ৰজন্মৰ বাবে। পিতামহ-প্ৰপিতামহৰ স্মৃতিক মৃন্ময়  পাত্ৰত সাৱটি কঢ়িয়াই ফুৰিছিল দিনৰ পিছত দিন। বৃষ্টিহীনতাৰ শৈল-কঠোৰ আঙুলিকো তেওঁ‌লোকে চুমা দি সাজিছিল শীতল পানীৰ ঘৰ। হয়। এই সকলোবোৰ সঁ‌চা আছিল। প্ৰস্তৰৰ কাল অতিক্ৰমি সিন্ধু নদীৰ পাৰত পৃথিৱীৰ এক প্ৰাচীনতম সভ্যতাক হাজাৰ বছৰ ধৰি গঢ় দিছিল তেওঁ‌লোকে। এই গৌৰৱময়, প্ৰাচুৰ্যৰে ভৰা, সমৃদ্ধ সভ্যতা। কিন্তু সেয়া স্থায়ী নাছিল। কোনোৱেই কেতিয়াও স্থায়ী নাছিল। তথাপিও ইতিহাসত তেওঁ‌লোকৰ নিৰ্ভীক পদচিহ্নই আমাক বিস্মিত কৰে। এতিয়াও!! পুৰাতাত্বিক