Skip to main content

Posts

Showing posts from October, 2015

গছবোৰৰ মৃত্যুত

ওখ গছবোৰ ঠিক এইখিনিতে বাগৰি পৰিছিল সিহঁতৰ কাৰণে কোনেও মৌন প্ৰাৰ্থনা কৰা নাছিল, অথবা কোনেও বন্ধৰো ঘোষণা কৰা নাছিল, কোনেও এবাৰলৈয়ো এষাৰ কথা কোৱা নাছিল সেই হতভগীয়া গছবোৰৰ বিষয়ে এপাহো ফুল নযচাকৈ বাটৰুৱাবোৰ পাৰ হৈ গৈছিল নিৰ্বিকাৰভাৱে মাথো সেই উদাৰ মহীৰূহই অতদিন আশ্ৰয় দিয়া সৰু সৰু চৰাইবোৰে কণমাণি ঠোঁট মেলি বৰ দুখলগাকৈ কান্দিছিল অৰু মই বেলিটোৰ তলতে আলিবাটত ৰৈ সিহঁতৰ দুখৰ সমভাগী হৈছিলো।

চম্পাৱতীৰ সাধু

নমৰা আঁউসীৰ ঘোপমৰা চোতালত কিলবিলকৈ ছাঁবোৰ ভৰিয়েদি বগাই আহে এখন হাতে বিচাৰি নাপায় আনখনৰ আঙুলি চম্পাৱতীৰ ফুল যেন হাত ঐ , সেওঁতাত নতুন সেন্দুৰ । নৈৰ পানীত বৈ যায় লূণীয়া মৌনতা “ আই মোৰ ভৰি কূটেকূটায় আই মোৰ দেহা ভকেভকায় আই তোৰ জোঁৱায়ে মাৰিলে পুৰি ” চম্পাৱতীৰ জহা ধান মৰহি মৰে চম্পাৱতীৰ চাঙঘৰ জহে ঐ খহে । বঁটা চৰাই ৰখোতে গধূলি হ ’ ল কানিমুনি বেলিকা একোকে নেদেখি চম্পাৱতী কেনিনো গ ’ ল ।