Skip to main content

Posts

Showing posts from November, 2011

সাঁকো হেৰাল

এইমাত্র শুনিলোঁ--- দস্তাবেজৰ শত শত মুখৰিত পৃষ্ঠা নিমাত হৈ যোৱাৰ খবৰ বুকুভঙা বেজাৰত সেমেকি সেমেকি কঁপি কঁপি নিথৰ হ'ল শতটা অভিজ্ঞতাৰ অজস্র ৰহণেৰে বুলোৱা এডৰা অমিতাভ শব্দ আকাশখনে মাহটোত দ্বিতীয়বাৰৰ বাবে নিজা ৰং হেৰুৱাই নিঠৰুৱা হোৱা দেখিলোঁ ৰ'দজাক অন্যমনস্ক হ'ল দিনটোৰ বাবে সাঁকো হেৰাল সাঁকো জগলীয়াৰ ওপৰৰ সাঁকো চিগিল ঘপহকৰে নোহোৱা হ'ল লুইতৰপৰা গংগালৈ পোনপটীয়া দলং মাহটোত আকৌ এবাৰ বতাহজাকে পাহৰিলে সেউজীয়া বাঁহীসুৰৰ ঠিকনা এইবাৰ একেবাৰেই উকা হ'ল জনমভূমি সাঁকো হেৰাল, সাঁকো চিগিল (ডঃ মামণি ৰয়ছম গোস্বামীলৈ শ্রদ্ধাৰে।)

আহ্বান

ঠেৰেঙা লগা দুখৰ বিস্তীর্ণ ভগ্নাৱশেষৰ ওপৰত তোমাৰ উদ্দাম নৃত্য চোৱাৰ হাবিয়াস মোৰ বহুদিনীয়া ঠেকেচি পেলোৱা বিষাদৰ আধাপোৰা কলিজা উভালি পেলোৱা কজলা বেজাৰৰ সর্বগ্রাসী শিপা ভৰিৰ তলত পিষ্ট হওক শত আশংকাৰ শিলভাৰ বিনষ্ট হওক হেজাৰ ভয়ৰ সর্বনাশী হেঁচা কোঙা দুর্ভাগ্যৰ চেঁচা পৰা বুকুত গুঁজি দিয়া স্বর্ণিম সমৃদ্ধিৰ ৰ'দোন্মুখ তেজৰঙী পতাকা

অকলে

কুঁৱলীৰে মুখ ঢাকি বাহিৰত তৰাবোৰ কঁপে ডিঙিলৈকে মেৰাই লওঁ আন্ধাৰৰ নিহালী মৌনতাৰ নিয়ৰ সৰে এটোপ-দুটোপ সাৰে থাকে এপাহ ৰাতি ফুলা ফুল সাৰে থাকে অগা-ডেৱা সোঁৱৰণিৰ অযুত বর্ণালী।

অৱধাৰিত

নিষিদ্ধ আন্ধাৰৰ কিলবিল আঙুলিবোৰে মোক চুই চাব খোজে বাৰে বাৰে বাট হেৰুৱাওঁ, আকৌ বিচাৰি পাওঁ পুনৰবাৰ হেৰুৱাওঁ পৈত্রিক কক্ষপথ থান-বান হয় পুৰাতন লক্ষ্মণৰেখা নষ্ট সময়ৰ সৈতে বর্ধমান মিতিৰালিত ৰক্তাভ লক্ষ্যই ক্রমাত্‍ বাগৰ সলায় এনেকৈয়ে এৰাসূঁতি সময়ত অপৈণত অতীতক এৰোঁ আঁউসীৰ আকাশ সাৱটি জ্বলে মোৰ নতুন জোন সন্তপর্ণে অনুসৰণ কৰোঁ এক নতুন স্বর্ণিম সপোন (অলপতে এজন অন্তৰংগ বন্ধুৱে ক'লে -- কলেজৰ পাঁচোটা বছৰত ময়েই সকলোতকৈ বেছি সলনি হ'লো...কথাষাৰে বৰকৈ ক্রিয়া কৰিলে...সেই অনুভূতি-অনুভৱেৰেই এই শাৰীকেইটা লিখিলোঁ।)

বিষাদৰ দুশাৰীমান

বাক চৰাই এটাই কন্দুৱাই থৈ গ'ল এঙেৰুৱা আকাশ ঈদৰ জোনটো হেৰুওৱাৰ দুখত লগৰীয়া ছাঁও লুকাল এপথাৰ নিলগত সেয়া বাঁহ ফুটাৰ শব্দ নিয়ৰৰ সৈতে দুখবোৰ সৰি আছে টোপাটোপে লুইতৰ দুয়োপাৰে গোট মাৰি আছে বৰফ-চেঁচা বিষাদ

অলপ আগলৈকে আমি কথা কৈ আছিলোঁ

অলপ আগলৈকে আমি কথা কৈ আছিলোঁ জীয়া মাছৰ দৰে খলখলাই আছিল মুখ বাগৰা ৰ'দ জিলিকা হাঁহি উফৰি ফুৰিছিল টুকুৰা-টুকুৰ ফিৰিঙতি শব্দ অলপ আগলৈকে ছটফটাই ফুৰা শব্দৰ সেউজীয়া ফৰিঙটোৰ পাখি কোনে কাটিলে, কোনে কপালত আঁকি দিলে বয়স্কৰ টিকটিকীয়া ফোঁট? কিমান আপোন হ'লে এৰি অহাৰ পৰত কলিজা ফাটে, চকুৱেদি বৈ আহে ক'বলৈ ৰৈ যোৱা কথাৰ লুণীয়া? কিমান আপোন হৈ পৰিলে বিচ্ছেদৰ যন্ত্রণা দুচকুত ৰঙা হৈ জ্বলে? বুকুত এটা শিল গজিছে লৰাব নোৱাৰো, খহাব নোৱাৰো, ভাঙিবও নোৱাৰো এয়া বিদায় লোৱাৰ ক্ষণ এতিয়া গোটেইখন নিমাওমাও (সময়ে লগ এৰোৱাব বিচৰা কলেজৰ অন্তৰংগ বন্ধু-বান্ধৱীকেইটাৰ হাতত মৰমেৰে)

এনেকৈয়ে

এদিন হঠাতে গোমা হ'ব আকাশ দোপালপিটা বৰষুণ এজাক লতা বগোৱাদি বগাব চৌপাশে সপ্তাহটোলৈ নিটাল মাৰিব বেলি এনেকৈয়ে কুঁৱলীত কঁপি-জপি সৰাপাতৰ আলিয়েদি শীত আহিব নামি