Skip to main content

Posts

Showing posts with the label অৰণ্য

নিজৰ উপস্থিতিৰ আনন্দত

হাবিডৰাৰে ঢপলিয়াই অহা ধুমুহাৰ জুৰ - জুৰ শব্দই ৰাতি মোৰ টোপনি ভাঙিলে উঠি গৈ দেখো বেলকনিত , বৰষুণৰ চেতাৰ বাজিছে সৰাপাতৰ সিয়নিত ধূলিবোৰ জহি - খহি শেষ হয় ৰি - ৰিকৈ বাজি থকা শব্দবোৰ এটি এটিকৈ বুটলি লওঁ নিজৰ উপস্থিতিৰ আনন্দত

গছবোৰৰ মৃত্যুত

ওখ গছবোৰ ঠিক এইখিনিতে বাগৰি পৰিছিল সিহঁতৰ কাৰণে কোনেও মৌন প্ৰাৰ্থনা কৰা নাছিল, অথবা কোনেও বন্ধৰো ঘোষণা কৰা নাছিল, কোনেও এবাৰলৈয়ো এষাৰ কথা কোৱা নাছিল সেই হতভগীয়া গছবোৰৰ বিষয়ে এপাহো ফুল নযচাকৈ বাটৰুৱাবোৰ পাৰ হৈ গৈছিল নিৰ্বিকাৰভাৱে মাথো সেই উদাৰ মহীৰূহই অতদিন আশ্ৰয় দিয়া সৰু সৰু চৰাইবোৰে কণমাণি ঠোঁট মেলি বৰ দুখলগাকৈ কান্দিছিল অৰু মই বেলিটোৰ তলতে আলিবাটত ৰৈ সিহঁতৰ দুখৰ সমভাগী হৈছিলো।

এনেকৈয়ে

এদিন হঠাতে গোমা হ'ব আকাশ দোপালপিটা বৰষুণ এজাক লতা বগোৱাদি বগাব চৌপাশে সপ্তাহটোলৈ নিটাল মাৰিব বেলি এনেকৈয়ে কুঁৱলীত কঁপি-জপি সৰাপাতৰ আলিয়েদি শীত আহিব নামি

কুঁৱলী

কাঁচিজোনৰ মুখ ঢাকি বাৰে বাৰে আমনি কৰিম ওৰেটো ৰাতি সূতা পকোৱাদি মেৰিয়াই মেৰিয়াই বান্ধিম আলিবাটৰ কেঁকুৰি আন্ধাৰৰ গোটেই অৰণ্যজুৰি আগ্রাসী শিপা মোৰ গজ্‌গজীয়া ফেঁহুজালি চোতালত বহি লৈ শীতলাম আকাশৰ সুৰুঙাৰে খহি পৰা জুইফুল (ভাইটী নয়নজ্যোতিৰ হাতত...)

এনেকৈয়ে শৰত্‍ আহক

লাহে লাহে অনাবৃত হওক অৰণ্যখন ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে পুৱাটোৰ সেমেকা গালেদি তৰুণ ৰ'দজাক বৈ আহক ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক বেলিটোৰ চেঁচা পৰি থকা মুখ লালকাল দি থকা এডৰা ৰামধেনুত প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া শেষ হওক অন্তহীন বৰষুণৰ ঋতু এনেকৈয়ে শৰত্‍ আহক।