Skip to main content

Posts

Showing posts from July, 2011

শাওণী ৰাতিৰ গান

(১) বতাহে এটি গীত শিকাই যাৰ সুৰত প্রতিখিলা পাতৰ টোপনি ভাগে থৌকি-বাথৌ হয় খোলা খিৰিকীৰ মুখ (২) খিৰিকীৰ আইনাত খামুচি আছে নিখুঁত কাঁচিজোনৰ এফাল ডাৱৰীয়া শেঁতা জোনাকত জ্বলে অদূৰৰ গাভিনী পথাৰৰ সুখ (৩) জোঁটপোট লতাৰে বগুৱা বাই কুৰুলি এটা লাহেকৈ মাটিলৈ নামে মেঘ ফুলা আকাশত সেয়া কি জাতিংগামুখী চৰাই? (৪) বৰষুণত এন্ধাৰবোৰ তিতি থাকিলে পাথৰৰ নগৰীতো পিছৰাতি কলিজা ধৰফৰাই

বৰষুণ

আজি বৰকৈ তিতিলে খেতিয়কৰ খৰাং হেঁপাহ এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ ভৰিত ছটফট মাছৰ লাহ-বিলাহ ডাৱৰৰ ঠেঁহ ভাগোতে আকাশমুৱা গছৰ চুবুৰিটো তিতে কেঁচা ঘাঁহৰ গা জুৰ পৰে সেমেকি সেমেকি থাকে ৰাতিপুৱা বৰষুণৰ গানত কি সুৰ, কি ৰাগ? যি সুৰত নৈখন কাষচাপি আহে শেলুৱৈ টোপনিৰপৰা সাৰ পায় প্রতিছটা প্রাচীন শিল কালি হাবিখনৰ সিপাৰে খহি পৰা বেলিটো হেনো আজি গোটেই দিনটো শুব।

পুৱাতে

ইমান পুৱাতে নিয়ৰ ভাঙি আহিলো বহুদূৰ বিচাৰি নাপালো ক'ত ফুলিছে সুগন্ধি বনফুল, কি চৰায়ে গাইছে ৰ'দৰ গান, কেনি এঙামুৰি দি উঠে মৌ বৰষা চিনাকি সুৰ।

অকলশৰীয়া এৰাতিৰ দুশাৰীমান

সাৰে আছে মোৰ সৈতে ভোটাতৰা দুয়ো একেলগে লিখিছোঁ নিঃসংগতাৰ ইলিজি নিটাল মাৰি থাকে ক'লাজামু আকাশ কৰৈ এজোপাৰ লিচ্‌পিচ্‌ আগলিত পাক খাই ৰয় আধৰুৱা জোন। চৌপাশ মেৰিয়াই এজাক ভুনভুন সময় কাৰ পিছে পিছে ঢপলিয়াই আহিল ইমানবোৰ ভঙা-ছিঙা সুৰ? নিশাচৰ উৰুলি এটা বুকুতে বান্ধি ডুখৰীয়া আন্ধাৰত ৰৈ আছে কোন?

ৰ'দৰ অপেক্ষাৰ এদিন

বহুদিন ধৰি দেখা নাই প্রখৰ বেলিৰ তেজ ৰ'দলৈ মোৰ হেঁপাহ বাঢ়িছে আকাশলৈ মু কৰি ৰৈ আছে জুৰুলি-জুপুৰি হাবিখন ভিজা চোতালৰ মুখ সেমেকা বনবোৰ আৰু খেৰ-বাঁহৰ উৰুখা পঁজাটোৰ দুখ। (২০/৭/১১)

অনামিকাক লৈ ৰোমাণ্টিকতাৰ অলপ

শব্দহীন শব্দবোৰ সামৰি-সুতৰি দুই বেঞ্চ আঁতৰৰপৰা চাই আছিলোঁ---- তোমাৰ চুলিত লৰ্‌ফৰ্‌ বতাহৰ আঙুলি অনামিকা কবিতা এটাই কূটা কঢ়িয়াই বাহ সাজি আছিল হঠাত্‍ উঠি গ'লা তুমি এই যেন উৰি গ'ল এজাক ধান বুটলা ভাটৌ এপথাৰ তন্ময়তা ভাঙি

দুখৰ দিনত

অ' বাঁহী, উৰুঙা গধূলি নুশুনাবি তোৰ ভগ্ন হিয়াৰ গান নীৰৱ হৈয়েই চাকিব খুজিছোঁ হেৰুৱা দিনৰ সুখৰ অলপমান আৰু নোজোকাবি চকুৰ পানীক নালাগে ধুবলৈ ৰং সলোৱা বিষাদ চকুত লাগি থকা অভিমান

সময়

মই সময় মই মহাকাল ময়েই সকলো। এহাতত মোৰ মৃত্যুবাণ আনহাতত সৃষ্টিৰ বীজ মোতেই বিলীণ হয় পুৰণিৰ ভগ্নাৱশেষ মোতেই নতুনৰ অংকুৰণ ঘটে ময়েই বিশ্বনিয়ন্তা মোৰেই সামান্য ইংগিতত বসন্তই পৰশি যায় পুষ্প কানন বৰষাই চুমা খাই ৰুক্ষ মাটিক মোৰেই আঙুলিৰ ঠাঁৰত শীতে সেমেকাই তোলে এটি এটি ৰাতি কুঁৱলীৰ ওৰণিৰে আৱৰে পৃথিৱী ময়েই মৃত্যু, ময়েই ধ্বংস অবিৰাম প্রলয় নৃত্যৰে মই চূর্ণীকৃত কৰোঁ শত গৌৰৱৰ উন্নত স্তম্ভ ভৰিৰে মোহাৰো শত দম্ভ, কত বিজয় নিচান কত জয়ৰ অভিমান। ধ্বংসৰ শেষত সেই ভগ্নাৱশেষত ময়েই সৃষ্টিৰ বন্তিগছি হৈ গঢ়ি তোলো এক নতুন সভ্যতা সঁজাল ধৰা একোটি নৱতম সপোন মোৰেই বুকুৰ উমত জীপাল হৈ উঠে। মই চিৰশাশ্বত, অবিনশ্বৰ চিৰ গতিশীল,সর্বশক্তিমান।