Skip to main content

Posts

Showing posts from April, 2012

শৰীৰি

(১) মমবোৰে যেতিয়া মেৰিয়াই ল'ব একোঠালি আন্ধাৰৰ নিহালি তেতিয়াই আমি সাৰ পাম দুয়ো দুয়োকে নিচুকাম নিৰলে টোপনি যাম দোকমোকালি (২) শেষকণ লুনীয়ালৈকে চাকি চাম মাটি-কমলাৰঙী তোমাৰ ওঁঠ বনৰীয়া লতা হৈ জপটিয়াম নিয়ৰ এটোপাল হৈ বগুৱাবাই যাম খৰিকাজাঁই বুকুৱেদি এফোঁটা মৰম আঁকি যাম দুচকুত (৩) এটা বিন্দুত দুয়ো ওপঙি ৰ'লো ওজনহীন দেহ, ভাৰহীন মন হাতত হাত, ওঁঠত ওঁঠ, বুকুত বুকু আৰু কলিজা মাথোঁ এখন