Skip to main content

Posts

Showing posts with the label জীৱন

অৰণ্যৰ ৰাতিটো

গছৰ জীয়া দলং এখনত আমি বহি আছিলো সেইদিনা বৰকৈ বতাহ বলিছিল ঠেঙুলিবোৰে পাত - পোখালিবোৰ মেলি দি আমাক শীতৰ পৰা আৱৰণ দিছিল কজলা শিপাবোৰে সাজি দিয়া নিৰাপদ খোৰোঙত দুয়ো কুচি - মুচি বহিছিলো আৰু বিনিময় কৰিছিলো বুকুৰ শিলভাৰ এপদ এপদকৈ ছাঁইবৰণীয়া দুখৰ পোছাক সোলকাই আমি নগ্ন হৈছিলো , হাঁহিছিলো আৰু কান্দিছিলো হিয়া উজাৰি অদূৰৰ ঘাইপথেদি আমাক এৰি গুচি গৈছিল এজাক গাড়ীৰ স্বাৰ্থপৰ হেডলাইট চকুলোবোৰ গোট মাৰি কাঁইটত কেতেকী এপাহ ফুলিছিল আৰু এখন অৰণ্যই আমাৰ কাহিনী শুনিছিল নিৰলে ।

চম্পাৱতীৰ সাধু

নমৰা আঁউসীৰ ঘোপমৰা চোতালত কিলবিলকৈ ছাঁবোৰ ভৰিয়েদি বগাই আহে এখন হাতে বিচাৰি নাপায় আনখনৰ আঙুলি চম্পাৱতীৰ ফুল যেন হাত ঐ , সেওঁতাত নতুন সেন্দুৰ । নৈৰ পানীত বৈ যায় লূণীয়া মৌনতা “ আই মোৰ ভৰি কূটেকূটায় আই মোৰ দেহা ভকেভকায় আই তোৰ জোঁৱায়ে মাৰিলে পুৰি ” চম্পাৱতীৰ জহা ধান মৰহি মৰে চম্পাৱতীৰ চাঙঘৰ জহে ঐ খহে । বঁটা চৰাই ৰখোতে গধূলি হ ’ ল কানিমুনি বেলিকা একোকে নেদেখি চম্পাৱতী কেনিনো গ ’ ল ।

সাম্প্ৰতিক

ধূসৰ সময় নৈৰ বুকুত তেজ কুঁৱলী ফালি আগবাঢ়ে কাগজৰ নাওঁ ধোঁৱাত ৰূদ্ধ কণ্ঠস্বৰ সিপাৰৰ পৰা কোনে মাতে কাতৰাই “ আই ক ’ ত , আই ?” দৃষ্টি হেৰুৱাই মাছবোৰ ঢপলিয়াই মৰে মৰহা বননিত উচপিচাই এজাক প্ৰজাপতিৰ কজলা দুখ নিমাত গছবোৰৰ পৰা ওলমি থাকে মুখ হেৰুৱা একোখন বিবৰ্ণ মুখা পানীত জ্বলি থকা ঘৰ এটাৰ ছবি গুৰিবঠা ক ’ ত হেৰ ’ নাৱৰীয়া ? শূণ্যত মলঙেচোন বালিঘড়ীৰ আয়ুস কুম্ভীৰৰ অনুগ্ৰহত আমাৰ দিন আৰু ৰাতি ।

মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ

উভালি পৰা আকাশৰ বিদীৰ্ণ সেওঁতাৰে ক ’ লা ঘোঁৰাজাকৰ বনৰীয়া চেঁকুৰ এজনৰ বিধ্বস্ত দুচকুত আনজনৰ সাৱলীল টোপনিৰ ঘৰ মূৰ তুলি চোৱা অস্থিৰ বুদ্ধ , জোনৰ বুকুৰ বেঙুনীয়া ঘাঁবোৰ নুশুকুৱালৈকে তৰ্জনী আঙুলিৰে আঁতৰাই থোৱা প্ৰতিটো তৰা । খিৰিকিৰ আইনাত হতাশাত হালধীয়া পৰা এটি এটি লুণীয়া কবিতাৰ নিৰ্বাক আঙুলি জাৰকেঁকোৱা আন্ধাৰত উজাগৰে নতশিৰ সৰিয়হফুলা হেঁপাহৰ পুৰাতন জুপুৰি দুহাত মেলি দিয়া অস্থিৰ বুদ্ধ , চিনাকি মেঘবন্দৰত পৰুৱাই পোৱা বেলিৰ নিৰ্বিকাৰ টোপনি নভঙালৈকে মহতিয়াই পেলোৱা বিষাদ - বৰষুণজাক ।

তেওঁৰ বুকুৱেও হাহাকাৰ কৰে নে…

তেওঁ উদঙাই দিয়ে হাতীদাঁতৰ শৰীৰ কামিজৰ জেপত মই দুচকু সোলকাই থওঁ কলিজাৰ এন্ধাৰ কোঠাত বিপন্ন প্ৰজাপতি তেওঁৰ বুকুৱেও হাহাকাৰ কৰে নে , টেবুলৰ পৰা বাগৰি পৰা কবিতাবোৰৰ বিষাদত দোৰোল খোৱা জিভা দেখি ? খিৰিকি খুলিলেই সোমাই আহে আঁউসীৰ সেমেকা জোন চিনাকি দেৱালত চিনাকি দুখৰ পানীৰঙী ছাঁ জলঙাৰ সিপাৰে সেই শুকান ওঁঠযোৰ কঁপে এইপাৰে বিষাদত ভিজে মোৰ সৰিয়হ ফুলা হেঁপাহ ৰাতি দোভাগত কেনি সৰে কেতেকীৰ মাত ? এন্ধাৰত তলমূৰ কৰি থাকে প্ৰতিটো ষ্ট্ৰীটলাইট নিজানত অকলে তেওঁৰো কলিজা বিষায় নে জিভাত ছেদেলি - ভেদেলি তৰাবোৰ লৈ দুডোখৰকৈ ভাগি পৰি থকা ধৰাশায়ী আকাশ দেখি ? চকু তুলিলেই তৰাবোৰ খহি পৰে কেনিবা ওখতকৈয়ো ওখ ডালটোত ওলমি ৰয় নিচলা আকাশ আহত মজিয়াত সিঁচৰতি জিঁয়াপাখি কঁপে নে তেওঁৰো সেই এজাৰ ফুলৰ ওঁঠ শেতেলীৰ শিলচেঁচা খামোচত উচুপি উঠা ৰ ’ দে পোৰা হাবিয়াসৰ শেষপৃষ্ঠা পঢ়ি ?