গছৰ জীয়া দলং এখনত আমি বহি আছিলো সেইদিনা বৰকৈ বতাহ বলিছিল ঠেঙুলিবোৰে পাত - পোখালিবোৰ মেলি দি আমাক শীতৰ পৰা আৱৰণ দিছিল কজলা শিপাবোৰে সাজি দিয়া নিৰাপদ খোৰোঙত দুয়ো কুচি - মুচি বহিছিলো আৰু বিনিময় কৰিছিলো বুকুৰ শিলভাৰ এপদ এপদকৈ ছাঁইবৰণীয়া দুখৰ পোছাক সোলকাই আমি নগ্ন হৈছিলো , হাঁহিছিলো আৰু কান্দিছিলো হিয়া উজাৰি অদূৰৰ ঘাইপথেদি আমাক এৰি গুচি গৈছিল এজাক গাড়ীৰ স্বাৰ্থপৰ হেডলাইট চকুলোবোৰ গোট মাৰি কাঁইটত কেতেকী এপাহ ফুলিছিল আৰু এখন অৰণ্যই আমাৰ কাহিনী শুনিছিল নিৰলে ।
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।