Skip to main content

Posts

Showing posts from June, 2021

অলিম্পিয়ান দেৱতাসকলৰ উত্থান

আদিদেৱী গেইয়া আৰু তেওঁৰ সন্তানসকল আদিতে জগতত একোকে নাছিল। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত অনাদি-অনন্ত মহাশূণ্যই বিৰাজ কৰিছিল। কোনোবা এক মুহূৰ্তত এই মহাশূণ্যৰপৰাই আদিদেৱী গেইয়া অৰ্থাৎ পৃথিৱীয়ে জন্মলাভ কৰে। তেওঁ আছিল সমস্ত জগতৰ মাতৃ আৰু উৰ্বৰতাৰ মূৰ্তমান স্বৰূপ। তেওঁৰ লগতে মহাশূণ্যৰ পৰা ইৰেবাছ অৰ্থাৎ আন্ধাৰ, হেমেৰা (দিবা) আৰু নিক্সৰো (নিশা) জন্ম হয়। এওঁ‌লোক আটায়ে আছিল গ্ৰীকসকলৰ আদি দেৱ-দেৱী আৰু এওঁ‌লোকে প্ৰকৃতিৰ একো একোটা প্ৰধান উপাদানক প্ৰতিনিধিত্ব কৰাৰ লগতে ইয়াক নিয়ন্ত্ৰণো কৰিছিল। সৃষ্টিৰ বিজয়ধ্বজাধাৰিণী গেইয়াই কালক্ৰমত কোনো পিতৃৰ অবিহনেই প'ণ্টাছ (সমুদ্ৰ), অ'ৰিয়া (পৰ্বত) আৰু ইউৰেনাচক (আকাশ) স্ৰজন কৰে। গেইয়া আছিল স্বয়ং উৰ্বৰতা। সৃষ্টিৰ অদম্য তাড়নাত তেওঁ ইউৰেনাচক সংগী হিচাপে বাছি লয়। প্ৰতিনিশা দেৱী নিক্সে আন্ধাৰৰ দেৱতা ইৰেবাছৰ সহায়ত গেইয়াক ঢাকি ধৰে আৰু তেতিয়াই ইউৰেনাচ নভোমণ্ডলৰ পৰা নামি আহি গেইয়াৰ সৈতে মিলনৰত হয়। এই মিলনৰ ফলত তেওঁলোকৰ সূৰ্যোজ্বল ছজন পুত্ৰ আৰু ছগৰাকী কন্যাৰ জন্ম হয়। এওঁ‌লোকেই হৈছে বিখ্যাত টাইটানসকল। ইয়াৰে মাজত ক্ৰ'নচ আছিল কনিষ্ঠতম টাইটান। পৰৱৰ্তী সময়ত গেইয়াই এশখন হাত আ

ঋতুসমূহৰ উৎপত্তিৰ কাহিনী

প্ৰাচীন গ্ৰীচৰ আখ্যান। আদিতে পৃথিৱীত বাৰমাহে প্ৰাচুৰ্যৰ ঋতুৱেই বিৰাজ কৰিছিল। শীতাৰ্ত হৈ বিৰিখৰ পাতবোৰ খহি অৰণ্যখন লঠঙা হৈ পৰা নাছিল। সেউজীয়া ঘাঁ‌হনিডৰা তুষাৰে আৱৰি নিদ্ৰামগ্ন কৰা নাছিল। নিয়মিত বৰষুণৰ টোপালে চৌপাশ জীপাল আৰু উৰ্বৰা কৰি ৰাখিছিল। নদীসমূহত অবিৰাম গতিৰে শীতল পানীৰ ফল্গুধাৰা প্ৰবাহিত হৈছিল। শস্য আৰু কৃষিকাৰ্যৰ লগতে ভূমিৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী দেৱী ডিমিটাৰৰ কৃপাত সমগ্ৰ পৃথিৱীত চিৰবসন্তই অৱস্থান কৰিছিল।  ডিমিটাৰৰ মৰমৰ জীয়ৰীৰ নাম আছিল পাৰ্চিফোনি। তেওঁ প্ৰায়েই মাতৃৰ সৈতে অলিম্পাচ পৰ্বতৰ পৰা ধৰাৰ বুকুলৈ শস্যমালাৰ বৃদ্ধিৰ খতিয়ান ল'বলৈ আহিছিল। পাৰ্চিফোনিৰ খোজত বিবিধ ফুলে মূৰ ডাঙি উঠিছিল। তেওঁৰ মাত শুনি পক্ষীয়ে সুৰীয়া কণ্ঠৰে গীত জুৰিছিল। এইদৰেই এবাৰ তেওঁ লহপহকৈ বাঢ়ি অহা শস্য এডৰাৰ মাজেৰে উৎফুল্লিত হৈ ঘূৰি ফুৰিছিল। ইফালে সেই সময়তে উদ্গিৰণ হ'বলৈ ধৰা এক আগ্নেয়গিৰিক নিৰীক্ষণ কৰিবলৈ পাতালপুৰীৰ অধিপতি হেডিচো আহিছিল পৃথিৱীলৈ। বিধিৰ কি বিপাক! আগ্নেয়গিৰিৰ সলনি হেডিচৰ চকু পৰিল পাৰ্চিফোনিৰ ওপৰত। তেওঁ মুগ্ধ হৈ পাৰ্চিফোনিৰ ফালে ৰ লাগি চাই ৰ'ল। কি এই দৈৱিক সৌন্দৰ্য! কি নিৰ্মল, সদা হাস্য