Skip to main content

Posts

Showing posts from April, 2024

খৰাং

গোটেই বাগিচাখন শুকাই আছে শীতে লঠঙা কৰি যোৱা গছবোৰ থিয় হৈ আছে প্ৰাচীন কীৰ্তিচিহ্ন একোটাৰ দৰে নাই, এইফালে বৰষুণৰ নাম-গোন্ধ নাই বনে-পাতে মাথো ফাগুনে এৰি যোৱা ধূলিৰ চামনি আকাশত শৰালীৰ কোৰ্হাল এটা নাই নাই, এইফালে বৰষুণৰ চিন-চাব নাই চ'তৰ কুলিৰ মাত এটা বহু দূৰৈত বাজে এই ঠাইলৈ বসন্তৰ কানসাৰেই নাই নাই, এইফালে কলীয়া ডাৱৰৰ ছাঁ‌টোও নাই

শেষ হ'বলৈ ধৰা ৰাতি এটাৰ কথা

ওৰেটো ৰাতি শুই থাকিলোঁ নৈখনৰ পাৰৰ শিল এচটাত পদবিহীন দিব্যাংগ হৈ কি মাছে খালে দুভৰি? কি মাছে খালে?? বৰনদীত সাতোৰোতে অচিন মাছে খালে দুভৰি অচিন মাছে খালে পূবে ফেহুঁ‌জালি দিওঁতেই কোন বনদেৱীয়ে বা বোলাই গ'ল যাদুকৰী চৰাইৰ পাখি পুনৰ গজি উঠিছে মোৰ পদযুগল সোণালী ডেউকা লগা পাদুকা এযোৰৰ সৈতে দুচকুত বাকি গ'ল অজস্ৰ হেঁ‌পাহ পুনৰ উৰিবলৈ

এই দিনবোৰ শেষ নহওঁতেই

টিনৰ চালত জিৰ জিৰকৈ  ন-বাৰিষাৰ বৰষুণ পৰিছে ৪ বাই ৩ ফুট খিৰিকিখনৰ বাহিৰৰ  পৃথিৱীখনে হাত বাউল দি মাতিয়েই আছে ডাল ভৰি ফুলি থকা ৰবাব টেঙাজোপালৈ অহা  মৌমাখিৰ জাকটো আঁ‌তৰি গৈছে পানীৰ গতিশীল টোপালৰ ভৰত দোঁ‌ খাই পৰা ফুলবোৰৰ এপাহ-দুপাহ সৰিছে অতদিন ধূলিৰে পোত খাই থকা চৌপাশত বৰষুণ মিহলি হোৱাৰ  সেই প্ৰাচীন চিনাকি গোন্ধটো  মই নাকেৰে উজাই লৈছোঁ‌ এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম  তুমি-মই একেলগে  এদিন বহিম তোমাৰ বেলকনিত ৰঙাচাহৰ কাপত চুমুক দি পাৰ হৈ যোৱা ধুমুহাজাকৰ কথাকে পাতিম এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম

হস্পিটেলৰ বিছনাৰ পৰা লাইভ

মোৰ ভাল লাগিছে যে আপুনি মোৰ অসুখৰ খবৰ ল'বলৈকে বুলি মেছেজ কৰিছে আপোনাৰ হাতৰ আখৰ মোবাইলৰ স্ক্ৰীনত ভাঁ‌হি অহা নাই যদিও মই অন্তৰেৰে বিশ্বাস কৰোঁ যে বিজ্ঞানে এদিন সেয়াও সম্ভৱ কৰিব মোৰ মোবাইলৰ স্ক্ৰীনত কলিং বুলি আপোনাৰ নামটো ভাঁ‌হি আহোতে মই পৰম আহ্লাদিত হৈছো ফোনটো ৰিচিভ কৰিবলৈ মোৰ সোঁ‌ মণিবন্ধত কেণ্ডুলাৰ সৰ্পিল চুমা  দুয়োহাতত চেলাইনেৰে খুৱাই থকা খাদ্য চেলাইনেৰে পিন্ধাই থকা বস্ত্ৰ আৰু চেলাইনেৰে আঁ‌কি থকা নতুন ঘৰৰ নক্সা তথাপিও মই পৰম সুখ পাইছোঁ কিয়নো বিনা স্বাৰ্থত আজিকালি কোনে কাৰ অসুখৰ খবৰ লয়! (সততে খবৰ লৈ থকা হিমানীৰ হাতত- চন্দন দা, ২৩/০২/২০২৪)