পুৰণিতকৈও পুৰণি গছ এজোপাৰ শিপাইদি নামি গৈছোঁ এখোজ দুখোজ বহুখোজ বিচাৰিছোঁ দুইহাতৰ আঙুলিৰে খুচৰি মাটিৰ সেমেকা খনিজৰ মাজত ক'ত আছে মাটিয়ে খোৱা হেঙদাঙৰ সুপ্রাচীন তামবৰণীয়া উশাহ কেনি সাৰে আছে এতিয়াও নিৰলে কৰালেৰে গঁঠা মাটিৰ মানুহৰ জীয়া ইতিহাস চিৰন্তন আনন্দ-উল্লাস চকুলো আৰু হুমুনিয়াহ আৰু এখোজ আৰু এখোজ গৈয়েই আছোঁ এইখিনিতে তাহানিৰ নগৰ এখন এতিয়াও আছে
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।