Skip to main content

Posts

Showing posts from July, 2018

আলাপ

: তই কি তাক এতিয়াও কঢ়িয়াই লৈ ফুৰিছ বুকুত? : নাই পাহৰিছো। কিন্তু এই ফটোখন ডিলিট কৰিবলৈ মন নাযায়। : হমম, মানুহে সোঁ‌ৱৰণিবোৰ পাৰ্মানেণ্টলি ডিলিট কৰিব পৰা হ'লে কিমান ভাল আছিল ন? লিখি লিখিও চেণ্ড নকৰাকৈ মচি দিয়া মেছেজবোৰৰ দৰে! : তেওঁ‌ৰ লগত তোৰ মানে আকৌ কথা হৈছে নহয় নে? : নাই ঈদৰ শুভেচ্ছা জনাইছিলো...ইনষ্টাগ্ৰামৰ ষ্ট'ৰীত। ধন্যবাদ এটা পোৱাৰ পিছত কেনে আছে সুধিবলৈ ভয় লাগিল। কিজানি ব্লক কৰি দিয়ে তাতো!

মাটিৰ বাঁ‌হী

ধূলিয়ৰি আলি এটা গৈ থাকে কেনিবা দূৰ হৈ দূৰ হৈ বুকুৰ পৰা বুকুলৈ বহু যোজন বাট অ' চেনাই বহু যোজন বাট কি নাম থ'বা আবেগৰ? এন্ধাৰৰ চুবুৰিত হেৰাই যোৱা ছাঁ‌, নে বতাহত দুলি থকা সৰাপাতৰ মালিতা তোমাৰ চহৰত কতবাৰ নিৰুদ্দেশ হয় মোৰ মফচলৰ ঠিকনা খিৰিকিত উলমি ৰয় সূতা চিঙা চিলাৰ কবিতা তথাপিও কলিজাত মাটিৰ বাঁ‌হী এই বাজে এই নাচে ৰৈ ৰৈ

বিবিধ ১

এই যে সন্ধ্যা নামিলেই তোমাৰ ছবি এখন উলিয়াই লৈছো, তুমি সিদিনা কোৱা লেথাৰি নিচিগা কথাবোৰ ভাবি অকলে অকলে হাঁ‌হিছো এয়াও একোটা অভ্যাস। চোলাধৰাৰ ৰাস্তাৰে জেপত হাত ভৰাই অকলশৰে খোজকাঢ়ি ফুৰাৰ দৰে ভাললগা অভ্যাস। মোৰ চোলাৰ জেপত ৰঙা গোলাপ দেখি প্ৰিয়াই আটাইকে এটা কাহিনী শুনাইছে। গৌতমে প্ৰতিদিন মোৰ ফোনত তোমাৰ চেহেৰা বিচাৰি হাবাথুৰি খাইছে। এজাক মানুহে বাৰে বাৰে তোমাৰ ঠিকনা সুধি আমনি কৰিছে। সচাঁ‌-মিছা অলেখ কথাৰ ভিৰত মোৰ প্ৰিয় চহৰত মই বদনাম হৈ গৈছো। তোমাক লৈ যে ভাড়াঘৰৰ চুবুৰীত কি এক কৌতূহল তাকে লৈ মই আমোদ লোৱাটোও এটা অভ্যাস। ভাললগা অভ্যাস।

Just Like A Story 3

          W hat if it were just another day! Normal, interesting, jolly, workoholic and yet frustrating at some totally temporary moment? Parash would have cooked chicken and brought the delicacy (as he thinks) to his colleagues, accompanied by some chilled beverages perhaps. Or he could have invited them to his small rented empire in the south corner of the city. But things are probably not going too well since last week. At least in comparison to many. He asked himself---- is a period of two years long enough to make lasting memories? This could have been discussed over a beer under the evening sky with his 'khas' colleagues. Is it still possible? Someone yelled within his mind---- "NEVER!"

Just Like A Story 2

          W hen a busy day stands at its regular tedious climax, the dancing lights of the drowning sun fade. The murmuring wind knocks at my favourite window. It calls me again and again mercilessly to wake up, to feel the hollowness that is being built slowly inside. How brutal it is! Agonizing!! Why do we long for friendship? Many a times it is one of the darkest curse for mankind, just like love. A purple poison! In almost every evening the windchime at my door reminds me of a bottle of wine that you were suppossed to buy me. May be you have already forgotten, or may be not. May be it gives you immense pain to face me everyday, or may be not. You make a fake smile. I do make a fake face. We all do make some fake things. After all these hours of great turmoil, we try to console our damaged souls by saying the greatest lie. Life is beautiful!

যমুনা ৰোডৰ ডিচিপ্লিন আৰু অন্যান্য

(১) আইনাৰ খিৰিকিৰ বাহিৰলৈ চাইছা নে? সৌ ইটাৰ দেৱালৰ সিপাৰ পালেই বসন্ত ওখ ওখ ঘৰৰ অৰণ্যৰ চুকে-কোণে ৰাইজাই ফাগুনৰ চিঠি উৰোতেই 'জেণ্টলমেন'ৰ কামিজ সোলকাই থওঁ‌ আকাশক সুধোঁ‌ তোমাৰ নাম বৰ্ষা নে বন্যা? ফিজি নে হিমা? ক'লে 'ডিচিপ্লিন' আহিম বুলিও বৰষুণ হৈ নাহিলা গোটেই আবেলিটো অভিমান কৰি বহি থাকিও কামত নহাৰ পিছত কাক সুধিম এতিয়া তোমাৰ কথা? (২) ডুবিবলৈ ধৰা বেলি এজনীৰ সৈতে যমুনা ৰোডত মজাকৈ বহি থাকোঁ‌তেই ইচ আচ দূৰভাষ!! কিহৰ তাড়নাত এই লেথাৰি নিচিগা কাম বেংকৰ উৰ্ধমুখী বেলেঞ্চ আৰু নাম জহন্নামে যোৱা দেওবাৰবোৰৰ দৰে ৰোমাঞ্চৰ দিনতো নিৰ্মমভাৱে কলিজা গচকি কৰ্প'ৰেট এজেণ্ডাৰ কি যে নিৰ্লজ্জ সমদল মৰহি যোৱা গধূলি একোটাত নিজৰ সৈতে অহৰহ সান্নিধ্যৰ দৰদাম (৩) সময়বোৰ এনেকৈ বিবৰ্ণ আৰু ধূসৰিত বাবেইতো মই তোমাক 'কিডনেপ' কৰাৰ কথা ভাবোঁ‌ এইখন পৃথিৱীৰ পৰা

দ্য এ টীম

(ইংৰাজ গায়ক, গীতিকাৰ, গীটাৰবাদক, সংগীত নিৰ্মাতা Ed Sheeran-ৰ The A Team শীৰ্ষক গীতৰ ভাবানুবাদ) বিৱৰ্ণ ওঁঠ , শেঁতা পৰা মুখ বৰফৰ   চেঁ‌চা   খামোচত তাই উশাহ লয় জ্বলি থকা পেটত টেঙেচী সোৱাদ পৰিশোধ নকৰা ভাড়াৰ গন্তিত শেষ হয় দিন শেলুৱৈ বাটেৰে অচিনাকি পুৰুষৰ গোন্ধত খুপি খুপি দীঘলীয়া ৰাতিবোৰ নামে জীৱনৰ ওঠৰটা বসন্ত গৰকাৰ পৰাই তাই হেনো দিবাস্বপ্নত মজি থকা নিচাখোৰৰ ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ নাগৰিক একাঁজলি পানীত এতিয়া যেন ডুবিব ধৰে তাইৰ মুখৰ ছবি নষ্টপ্ৰায় পেষ্ট্ৰী এটাৰ দৰে লাহে লাহে । কোনে বা চিঞৰি উঠে নেপথ্যত --- "The worst things in life come free to us…" জীৱনৰ জপনা খুলি নিবিচৰাবোৰ বৰ সহজকৈ আহে এনেকৈয়ে কিয়নো তাই যে ঈশ্বৰৰ দেশৰ মানুহ ! নাই নাই , বাহিৰৰ চহৰত তাই আজি নেমেলে ডেউকা ধোঁৱা আৰু নিচাৰ কাঁচৰ নলীৰে   তাইৰ মাতৃভূমিলৈ উভটনি খোজৰ সপোন অথবা তৃতীয় পুৰুষৰ সৈতে ভালপোৱাৰ দৰ - দাম পাবা জানো , শীতৰ ৰাতি বাহিৰৰ আন্ধাৰত সৰগৰ দূত ? নিৰ্জীৱ কোঠা একোটোত সিঁচৰতি খুচুৰা নোটৰ মাজত ভাগৰুৱা চকুৰে তাইৰ বেশ্যাৰ বিলাস টাপল

তুমি ধেমালিতে ক'লা

তুমি ধেমালিতে ক'লা মই ৰৈ গ'লো ইয়াত সুহুৰিৰ দৰে ফাগুন আৰু গাত নালাগে বতাহৰ দৰে কথাবোৰ বাৰে বাৰে সলাই ৰাগ তুমি আকাশৰ ছবি মই গোটেই সমতল হ'লেও লগ নহওঁ‌ দিগন্তত ক'ৰবাত এটা ৰাতি ক'ত লুকুৱাই থওঁ‌ কোৱা তুমি ধেমালিতে ক'লা মই নিচুকালো তিনিখন সাগৰৰ ঢৌ গাৰু এটাত কবিতা লিখিলো তুমি মচিবলে' কলপতীয়া শিল এটাক তোমাৰ কথা ক'লো নিজেই শুনিবলে'