Skip to main content

Posts

Showing posts from March, 2012

নৰকাসুৰ দ্বিতীয়

ওৰে ৰাতি শিল কাটি-ভাঙি নিমজ খটখটী এটা গঢ়িলোঁ ঘামত ভিজি জোনটো লুণীয়া হ'ল অনার্য সম্রাটৰ কাৰাগাৰত ঊষাদেৱী হ'লেওবা বেআইনী লেনদেন ঘোচখোৰ বেলিৰ সৈতে মোৰ বুজাবুজি আটাইবোৰ কুকুৰাৰ নিষ্ঠুৰ ডাক মই চোলাৰ জেপত লৈ ফুৰিছোঁ ওলাই যাব নোৱাৰাকৈ ৰাতি নুপুৱায় আজি নিশ্চিন্ত টোপনিত কামৰূপী দেৱী (এইবাৰ বা কাহিনীটো কি হয়!)

ভগ্নাৱশেষ

পুৰণিতকৈও পুৰণি গছ এজোপাৰ শিপাইদি নামি গৈছোঁ এখোজ দুখোজ বহুখোজ বিচাৰিছোঁ দুইহাতৰ আঙুলিৰে খুচৰি মাটিৰ সেমেকা খনিজৰ মাজত ক'ত আছে মাটিয়ে খোৱা হেঙদাঙৰ সুপ্রাচীন তামবৰণীয়া উশাহ কেনি সাৰে আছে এতিয়াও নিৰলে কৰালেৰে গঁঠা মাটিৰ মানুহৰ জীয়া ইতিহাস চিৰন্তন আনন্দ-উল্লাস চকুলো আৰু হুমুনিয়াহ আৰু এখোজ আৰু এখোজ গৈয়েই আছোঁ এইখিনিতে তাহানিৰ নগৰ এখন এতিয়াও আছে

কবিতা নহয়

চেনেহী 'ম', তোমাৰ ফেঁচাটোৰ ঠেঙে তোমাৰ বাতৰি এইমাত্রহে পালো । মই সদায় কাষতেইটো আছোঁ । যোৱাৰাতি বেছিকৈ ফাগুন ফাগুন লাগিছিল । তোমাৰ নামটো তৰাবোৰে বাৰে বাৰে আঁকিছিল । উৰা মাৰোঁ বুলি ভাবি আছোঁ দুই-এদিনতে আজৰি হৈ । মন উৰুঙা, জানাই । বাকী সকলোবোৰ কুশল । চুমা এটা বান্ধি দি পথালোঁ, নিশাহে খুলিবা গোপনে । উত্তৰৰ লগত যোৱা বছৰৰ আমি একেলগে কটোৱা স্মৃতি এপিয়লা পথাবাচোন । তোমাৰ চিঠিলৈ বাট চোৱাটো সদায় মোৰ বাবে ভাল লগা কাম । অযুত চেনেহেৰে তোমাৰেই 'চ'

বিহুলৈকে বাট চাই আছোঁ

বিহুলৈকে বাট চাই আছোঁ মলিয়াই থকা আমজোপাৰ তলৰপৰা কুলিৰ খহি পৰা মাত এটা বুটলিছোঁ প্রণয়কাতৰ পখীৰ হিয়াৰ বাতৰি পঢ়িছোঁ বুকুৰ সোঁমাজতে অস্থিৰ ভোগদৈ ফেনে-ফুটুকাৰে এই বাঢ়ে এই কমে গৰু-গা ধুৱাওঁতে তোকো তিয়াই পেলাবলে' তোৰে ঘৰৰ বাৰীৰ আমৰলি ভাঙিবলে' বছৰেকৰ বিহুটোলৈকে বাট চাই আছোঁ

বাসনা

মন যায়....... ৰাজপথৰ কিনাৰৰ প্রতিখন দেৱালত যেন আঁকি দিম তেলৰঙত তৃষ্ণাতুৰ অৰণ্যৰ কাব্য প্রতিটো সর্পিল আলিবাটত যেন বাগৰ সলাবলৈ এৰি দিম হালধীয়া সৰাপাতৰ ফাগুন ৰুই দিম কপহুৱা ডাৱৰৰ শীতল ছাঁ প্রতিটো ৰ'দে পোৰা ঘৰৰ চাদত মাতি আনিম চহৰখনলৈ বা-মাৰলীৰ চেৰেকীপকীয়া নাচোন নিজকে হেৰুৱাব ধৰা প্রতিজন নগৰবাসীৰ ওঁঠত গুঁজি দিম জীয়াই থকাৰ অমৃতময় ইচ্ছা শেষত নিজকে অনুবাদ কৰিম মেঘমল্লাৰ ৰাগৰ তন্ময়তালৈ।

সম্ভাৱনা

পছিমত মনো-নমনো ডাৱৰৰ পানীগছা আধৰুৱা জোনটো তাৰ ছাঁতে লুকাল আবেলিৰপৰা আকাশত ধূলি আৰু ধূলি সৰাপাতবোৰ ইফাল-সিফাল মোৰ বুকুত এটা পানীপিয়া চৰাই তাৰ ঠোঁটত বহুদিনীয়া পিয়াহ মেঘ চোৱাৰ হেঁপাহ ডেউকাত আবেলি আলি কিনাৰত দেখিছিলোঁ এখিলাও পাত নোহোৱাকৈ ফাগুন ৰঙা হৈ ফুলি থকা শুনিছিলোঁ বতাহে সাৱটি থকা যাদুকৰী মেঘমল্লাৰ বাৰে বাৰে আকাশলৈ চাওঁ আটাইবোৰ তৰাৰ ওঁঠত মেঘ আৰু মেঘ বিচনাত ইকাটি-সিকাটিকৈ থকাতকৈ আজি খিৰিকিমুখত মই মোক থৈ দিম বৰষুণৰ প্রাচীন আখৰা চাবলৈ