Skip to main content

Posts

Showing posts from January, 2016

তেওঁ হয়তো তোমাক সুধিব

কেতিয়াবা বাৰাণ্ডাত থিয় দি বৰষুণ চাওঁতে টোপালবোৰ মোৰ খটখটীয়েদি উঠি আহিব আৰু বহি পৰিব চিকুণকৈ মুচি থোৱা মজিয়াত মই নুসুধাকৈয়ে অনৰ্গল কৈ যাব সিহঁতে ছাঁদত ভাঁহি থকা দুখন সুৱদী মুখ আৰু এইমাত্ৰ ভিজি পৰা চুলি একোছাৰ কাহিনী । -------------------------------- তাত এখন ঘৰ হ ’ ব , আৰু ইয়াত এখন বাগিছা গুলঞ্চ ফুলবোৰৰ দাঁতিয়ে পাজৰে উৰি ফুৰা সৰু সৰু চৰাইবোৰ চাই মই নিজকে তোমাৰ বিষয়ে ক ’ ম । ------------------------------- মোৰ কথা ওলালে তেওঁ হয়তো তোমাক সুধিব , “ এতিয়াৰ দৰেই নিৰিবিলি সন্ধিয়াবোৰত তুমি পকা লিচু এটাৰ দৰে গোন্ধাইছিলা নে ?”

কাইলৈ আমি নিজ নিজ বাটে যামগৈ

সেমেকা বালিত আমি উদং গাৰে শুই আছিলো। ৰঙীণ শামুকৰ সৰু সৰু খোলাবোৰত ৰ'দে জুম বান্ধি বান্ধি পৰিছিলহি। হাতত হাত মুঠি মাৰি আমি কথা পাতিছিলো। ওঁঠত ওঁঠত থৈ চাকি চাইছিলো বিশ্বাস আৰু অন্তৰংগতা। বতাহখোৱা চৰাইবোৰ লাজ পাই উৰি গৈছিল। লুণীয়া পানীৰ ঢৌবোৰে খিলখিলাই হাঁহিছিল। অদূৰৰ মাছমৰীয়া নাওঁবোৰক আওকাণ কৰি আমি মিচিকিয়াই আছিলো। হঠাৎ আকাশখনে মন মাৰি পেলালে। তেওঁৰ চকুত দুফোটা পানী। বুকুত শিলভাৰ লৈ কাইলৈ আমি নিজ নিজ বাটে যামগৈ।

অৰণ্যৰ ৰাতিটো

গছৰ জীয়া দলং এখনত আমি বহি আছিলো সেইদিনা বৰকৈ বতাহ বলিছিল ঠেঙুলিবোৰে পাত - পোখালিবোৰ মেলি দি আমাক শীতৰ পৰা আৱৰণ দিছিল কজলা শিপাবোৰে সাজি দিয়া নিৰাপদ খোৰোঙত দুয়ো কুচি - মুচি বহিছিলো আৰু বিনিময় কৰিছিলো বুকুৰ শিলভাৰ এপদ এপদকৈ ছাঁইবৰণীয়া দুখৰ পোছাক সোলকাই আমি নগ্ন হৈছিলো , হাঁহিছিলো আৰু কান্দিছিলো হিয়া উজাৰি অদূৰৰ ঘাইপথেদি আমাক এৰি গুচি গৈছিল এজাক গাড়ীৰ স্বাৰ্থপৰ হেডলাইট চকুলোবোৰ গোট মাৰি কাঁইটত কেতেকী এপাহ ফুলিছিল আৰু এখন অৰণ্যই আমাৰ কাহিনী শুনিছিল নিৰলে ।

তাই আৰু কবিতাবোৰ

তাই কবিতা নিলিখে তাই কবিতা নপঢ়েও ৰূমমেটে সজাই দিয়া মেহেন্দী হাতেৰে চুই নাচায় কবিতাৰ অমোঘ শৰীৰ হাচনাহানা ৰাতিৰ পদূলিত ৰৈ এৰালছিগা কবিতাৰ আখৰা কৰোঁতে তাই ৰ ’ লাগি চাই থাকে কবিৰ আঙুলিবোৰ অথচ তাই নাজানে , কবিৰ জপনামুখত তাইৰ বাবেই কুৱঁলীত ভিজি সৰু সৰু কবিতাবোৰ সৰি থাকে বোকোছাত আধালিখা কবিতা এবাহ লৈ কবিৰ কিৰিকিয়েদি উজাই আহে নিষিদ্ধ নদীৰ সোণোৱালী মাছ আপোনজনে ওঁঠত ওঁঠ থ ’ লে সৰি পৰা কবিতা এটি তাই আলফুলে সামৰি থয় আৰু সিফালে কোনোবা প্ৰেমিকৰ দিনলিপিৰ পৃষ্ঠাত কবিতাই হাঁহে , হুমুনিয়াহ কাঢ়ে নাইবা উচুপি উঠে নিৰল সন্ধিয়া তাই কবিতা নিলিখে , নপঢ়ে কবিতা জিভাত লৈ চাকি নাচায় কবিতাৰ লুণীয়া সোৱাদ ।

নিজৰ উপস্থিতিৰ আনন্দত

হাবিডৰাৰে ঢপলিয়াই অহা ধুমুহাৰ জুৰ - জুৰ শব্দই ৰাতি মোৰ টোপনি ভাঙিলে উঠি গৈ দেখো বেলকনিত , বৰষুণৰ চেতাৰ বাজিছে সৰাপাতৰ সিয়নিত ধূলিবোৰ জহি - খহি শেষ হয় ৰি - ৰিকৈ বাজি থকা শব্দবোৰ এটি এটিকৈ বুটলি লওঁ নিজৰ উপস্থিতিৰ আনন্দত