Skip to main content

Posts

Showing posts from August, 2017

Just like a story…

A mild wind is running all through the city. Fragmented floral yellows are scattered everywhere. The wind can become storm at times — the wind cannot be confined in. It cannot be bound by any ordinance. Can we transform ourselves to the keynote of the wind? Parash thought, lighting the next cigarette at his moonlit terrace. Can we live free, independent of all and alone like this wind? Can we spend our entire days without any worries or concern for future? Maya used to say, “One can’t always live alone. At least old age needs company.” This is the general rule. At least she thinks so. Maya!! What was Parash’s relation with Maya? A relationship complicated or contrary to the customs of society for many but simple as a straight line for both of them. A conditional contract for a limited time span!! There wasn’t any hollow promises or compulsion or terribly frustrating sophistication — there were (Should it be in past tense? He often wonders.) only the most ancient magic mankind ha

গল্পৰ দৰে

ব তাহ এজাকে গোটেইখন ঢপলিয়াই ফুৰিছে । যেনি - তেনি ঠাঁৰি ছিগা সোণাৰুৰ ফুল । বতাহ — হাৱা হাৱাই — ৱিণ্ড কেন বিকাম ষ্টৰ্ম এট টাইমছ । কোনো নিয়ম নামানে বতাহে । মন গ ’ লেই ছন পৰা মাটিত বীজ সিঁচে অথবা পাৰ হৈ যায় “ ভাঙি থৈ মোৰ পঁজা ” । বতাহৰ দৰে হ ’ ব পাৰে নে মানুহ ? ভৰ জোনাকৰ ছাদত বহি নতুনকৈ জ্বলোৱা চিগাৰেটটোত হোপা মাৰি ভাবিলে পৰশে । ইচ্ছা কৰিলেই আমি অঘৰী , সম্পূৰ্ণ স্বাধীন আৰু অকলশৰীয়া হ ’ ব পাৰোঁ নে ? কোনো বান্ধোন , কোনো ভাবনা নোহোৱাকৈ পাৰ কৰিব পাৰোঁ নে দিন ? মায়াই কৈছিল —“ অন্ততঃ বুঢ়া কালটো মানুহে অকলশৰে কটাই দিব নোৱাৰে বুইছ । সেইকাৰণেই মানুহে এটা সময়ত লগ বিচাৰিব লগা হয় । ” নিয়ম!   স্বাৰ্থ নেকি তাতো ? উস , সেইজনী মায়া ! মায়াৰ সৈতে তাৰ সম্পৰ্কটোও আছিল অদ্ভুত । বহুতৰ বাবে জটিল কিন্তু সিহঁত দুয়োটাৰ বাবে এটা বৰ সৰল সম্পৰ্ক । চিৰকাললৈ নহয় , এটাই আনটোৰ সান্নিধ্য বিচাৰিছিল মাত্ৰ নিৰ্দিষ্ট এছোৱা সময়ৰ বাবে । যেন এক চুক্তি — সম্পৰ্কৰ কণ্ডিচনেল কণ্ট্ৰেক্ট । কোনো প্ৰতিশ্ৰু

মিয়াজাকিৰ স্পিৰিটেড এৱেৰ সঁচা চৰিত্ৰবোৰ

নি গনি এটা বৰ জোৰেৰে দৌৰি আহিছে । পিছে পিছে এটা বোন্দা মেকুৰী । দুৱাৰখন পাৰ হৈয়েইচোন নিগনিটো বেৰৰ দাঁতিত ৰৈ গ ’ ল । আৰে , কি কাৰবাৰ ! মেকুৰীটো দুৱাৰেদি পাৰ হ ’ বলৈ ধৰোঁতেই সি দিলে লেং মাৰি আৰু বপুৰা হামখুৰি খাই পৰিলগৈ ।   ¾ এয়া হৈছে আমি সচৰাচৰ টেলিভিছনৰ পৰ্দাত দেখি থকা টম আৰু জেৰী (Tom & Jerry) । এনেকৈয়ে কাৰ্টুন বা এনিমেছন কথাছবিসমূহে শিশুৰ লগতে প্ৰাপ্তবয়স্ক দৰ্শককো সততে আমোদ দিয়ে । বৰ্তমান ত্ৰিমাত্ৰিক বা থ্ৰী ডি  (3D) কথাছবিয়ে   ৯০ৰ দশকৰ জনপ্ৰিয় দ্বিমাত্ৰিক এনিমেছন কথাছবিসমূহৰ ঠাই লৈছে । তথাপি দ্বিমাত্ৰিক এনিমেছনৰ আদৰ এতিয়াও কমা নাই । জাপানী শৈলীৰ কমিকছ অৰ্থাৎ মংগাৰ জগতত হায়ায় ’ মিয়াজাকি (Hayao Miyazaki) এটা বহুল পৰিচিত নাম । লগতে তেওঁ এগৰাকী মংগা শৈলীৰ এনিমেছন চলচ্চিত্ৰৰ লেখক , পৰিচালক আৰু প্ৰযোজক । যুদ্ধ বিভীষিকা ,  ধনতান্ত্ৰিক সমাজ ব্যৱস্থা , গোলকীকৰণ আৰু আধুনিক জীৱনযাত্ৰাত ইয়াৰ প্ৰভাৱক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই এনিমেছন চলচ্চিত্ৰসমূহৰ বাবে তেওঁ