হালি পৰা গছবোৰে মোৰ কপাল চুই সুধিছিল এইমাত্ৰ আলিয়েদি আঁতৰি যোৱা চেমনীয়া বসন্তৰ কথা ভৰা নৈৰ সিপাৰে কিউপিডৰ দেশ বঠা নোহোৱা নাৱৰ ঘাটত নীলপদ্ম স্বৰবৰ্ণৰ দৰে নহয় জীৱন ঠাইতে পাহাৰ ঠাইতে সমতল আঙুলি টোঁৱাই চুব জানো পাৰিবা সোণালী জোনৰ ভৰুণ ওঁঠ? কেনি আছে সৰলৰেখাৰ বাট বুকুৰ পৰা বুকুলৈ?
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।