নমৰা আঁউসীৰ ঘোপমৰা চোতালত
কিলবিলকৈ ছাঁবোৰ ভৰিয়েদি বগাই
আহে
এখন হাতে বিচাৰি নাপায় আনখনৰ আঙুলি
চম্পাৱতীৰ ফুল যেন হাত ঐ,
সেওঁতাত নতুন সেন্দুৰ।
নৈৰ পানীত বৈ যায়
লূণীয়া মৌনতা
“আই মোৰ ভৰি কূটেকূটায়
আই মোৰ দেহা ভকেভকায়
আই তোৰ জোঁৱায়ে মাৰিলে পুৰি”
চম্পাৱতীৰ জহা ধান মৰহি মৰে
চম্পাৱতীৰ চাঙঘৰ জহে
ঐ খহে।
বঁটা চৰাই ৰখোতে গধূলি হ’ল
কানিমুনি বেলিকা একোকে নেদেখি
চম্পাৱতী কেনিনো গ’ল।
Comments
Post a Comment