আলোকচিত্ৰ: চন্দন |
খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম। দিনটো প্ৰায় পথাৰতে পাৰ হয়। পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ’লেও বাকী খোৱা-লোৱাবোৰো পথাৰতে কৰা হয়। পথাৰৰ মুকলিত বহি ইটো-সিটো খোৱাৰ আমেজই সুকীয়া। ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী-হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে। গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত। চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি-গৰৈচিৰিকা দুই-চাইটা দি পথায়। সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ একাকাৰ হৈ পৰে। কঠীয়াতলীসমূহত আলিৰ কাষে কাষে এবিধ বৰ তেলেতীয়া শাক উপজে। তিতাবৰৰ ফালে ইয়াক লেহেতি শাক বুলি কোৱা হয়। দীঘলিয়া জোঙামূৰীয়া পাতৰ লেহেতি শাক ভিতৰি ফোপোলা আৰু পাব থকা। ই প্ৰায় ১০-১২ ইঞ্চি ওখ হয়। ঠাইভেদে হয়তো ইয়াৰ নাম ভিন্ন। শুকানকৈ কম তেলত ভাজিলে ই বৰ সোৱাদলগা হয়। ৰোৱাৰ দিনত ইয়ো এক বঢ়িয়া মুখৰোচক।
আলোকচিত্ৰ: কৃষ্ণা গগৈ |
বৰ্তমানৰ খৰতকীয়া আৰু যান্ত্ৰিক যুগে আমাৰ বহুতো চিনাকি ছবি ম্লান কৰি পেলাইছে। সেয়া হ’লেও নদী আৰু পথাৰৰ ঘাঁইখুটা সাৱটি এতিয়াও গাঁৱৰ পৰম্পৰাগত অসমীয়া সমাজখন বৰ্ত্তি আছে আৰু ইয়াৰ লগতে আমাৰ মাজত জীয়াই আছে পথাৰত খোৱা-লোৱা কৰাৰ দৰে সৰু সৰু কথাৰ কিছুমান বিশাল আনন্দ।
Comments
Post a Comment