যোৱা কিছুদিন ধৰি ফেচবুকত 𝕋𝔸𝕃𝔼𝕊 𝔽ℝ𝕆𝕄 𝕋ℍ𝔼 ℍ𝕀𝔾ℍ𝕃𝔸ℕ𝔻𝕊 শীৰ্ষক এলানি প্ৰবন্ধ শ্বেয়াৰ কৰিছোঁ য'ত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সমাজ-সংস্কৃতি, ভূগোল আদি বিষয়সমূহ সামৰি লোৱা হৈছে। এই প্ৰবন্ধসমূহ অসমীয়া ৱিকিপিডিয়াৰ পৰা তুলি অনা আৰু আপোনাৰ বা মোৰ দৰেই কিছু লোকে এই তথ্যসমৃদ্ধ প্ৰবন্ধসমূহ লিখিছে। প'ষ্টসমূহ
দেখি কেইগৰাকীমান বন্ধু-বান্ধৱীয়ে সুধিছে যে ৱিকিপিডিয়াত কেনেকৈ লিখিব
পাৰি। তেওঁলোকৰ লগতে অসমীয়া ভাষাৰ উত্তৰণৰ হকে সামান্যতম হ'লেও কাম কৰিবলৈ আগ্ৰহী লোকসকলৰ সুবিধাৰ্থে তলৰ কথাখিনি আগবঢ়ালো।
১) কি লিখিব: ৱিকিপিডিয়াত আমি সকলোৱে অতি সহজতে লিখিব পাৰোঁ আৰু ইয়াৰ বাবে কোনো বিশেষ বিষয়ত পাকৈত হোৱাটো মুঠেই জৰুৰী নহয়। ইয়াৰ বাবে বিশেষ কোনো কাৰিকৰী জ্ঞানৰো প্ৰয়োজন নাই। গতিকে ৱিকিপিডিয়াত কেনেদৰে লিখিম সেই কথাৰ লগতে
ৱিকিপিডিয়াত কি লিখিম সেই কথাটো প্ৰথেমেই আমি জনাটো প্ৰয়োজনীয়। ৱিকিপিডিয়া এখন অনলাইন বিশ্বকোষ আৰু সেয়েহে এখন বিশ্বকোষত থাকিবলগীয়া যিকোনো বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াৰ
বাবে উপযুক্ত। যেনে ধৰক, আপুনি শেহতীয়াকৈ প্ৰকাশিত এখন অসমীয়া
গ্ৰন্থ পঢ়ি ভাল পাইছে আৰু ভাবিছে যে এই গ্ৰন্থখনৰ বিষয়ে সকলোৱে জনা উচিত। সেই
গ্ৰন্থখনৰ বিষয়েই আপুনি ৱিকিপিডিয়াত লিখি পেলাব পাৰে।
২) কেনেদৰে লিখিব: যদিহে আপুনি মোবাইল
ফোন বা কম্পিউটাৰত অসমীয়া লিপিৰে লিখিব জানে তেনেহ’লে আপোনাৰ
আধাখিনি কাম সমাপ্ত বুলি ধৰিব পাৰে। গতিকে আপুনি গুগলত www.as.wikipedia.org বা
অসমীয়া ৱিকিপিডিয়া বুলি লিখি সন্ধান কৰক। প্ৰথম লিংকটোত
ক্লিক কৰিলেই অসমীয়া ৱিকিপিডিয়াৰ বেটুপাত খোল খাব। মোবাইলত খুলিলে পৃষ্ঠাৰ
তলৰফালে থকা ‘ডেক্সটপ’ নামৰ লিংকটোৰ সহায়ত পৃষ্ঠাটোৰ দৰ্শন
সলনি কৰি ল’ব।
বেটুপাতৰ পৃষ্ঠাত নতুন একাউণ্ট সৃষ্টিৰ বুটামটো টিপক। |
ক) একাউণ্ট এটা খোলক: ৰ’ব,
ভয় খাব নালাগে। ইয়াত টকা-পইচা বা আপোনাৰ কোনো
গোপনীয় তথ্য প্ৰদান কৰিবলগীয়া নাই। ৱিকিপিডিয়াত প্ৰবন্ধ লিখিবলৈ পঞ্জীয়নভুক্ত
সদস্য হোৱাটো জৰুৰী বাবেই ডেক্সটপ ম’ডত সোঁহাতে ওপৰত থকা
‘একাউণ্ট সৃষ্টি কৰক’ লিংকটোত ক্লিক
কৰি মিনিটৰ ভিতৰতে অতি সহজে একাউণ্ট এটা খুলিব পাৰে।
নীলা আখৰত দেখা প্ৰবন্ধসমূহ ইতিমধ্যেই ৱিকিপিডিয়াত আছে। |
খ) আপুনি লিখিব বিচৰা প্ৰবন্ধটো বিচাৰি
চাওক: আপুনি লিখিব বিচৰা গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে কোনোবাই
লিখিবও পাৰে। গতিকে ৱিকিপিডিয়াৰ যিকোনো পৃষ্ঠাৰে সোঁহাতে ওপৰফালে থকা সন্ধান
বাকচটোত গ্ৰন্থখনৰ নামটো শুদ্ধকৈ লিখি সন্ধান কৰক। মন কৰিব যে নামটো ভুলকৈ লিখিলে
আপুনি বিচৰাধৰণে ফলাফল নাপাবও পাৰে। যদিহে প্ৰবন্ধটো আছে তেন্তে সন্ধানৰ
ফলাফলসমূহত ইয়াক নীলা আখৰত দেখিবলৈ পোৱা
যাব। এনে ক্ষেত্ৰত আপুনি ইতিমধ্যে থকা প্ৰবন্ধটো পঢ়ি তাত নতুন তথ্য যোগ দি প্ৰবন্ধটো
উন্নত কৰিব পাৰে।
এই ৱিকিত ‘সৌমাৰ নন্দিনী’ পৃষ্ঠাটো সৃষ্টি কৰক |
গ) নতুন প্ৰবন্ধৰ সৃষ্টি: যদিহে
গ্ৰন্থখনৰ বিষয়ে ৱিকিপিডিয়াত প্ৰবন্ধ নাই তেনেহ’লে ৰঙা আখৰত “এই ৱিকিত ‘অমুক’ পৃষ্ঠাটো সৃষ্টি কৰক”
বুলি দেখিবলৈ পাব। ৰঙা লিংকটোক ক্লিক কৰিলেই আপুনি গ্ৰন্থখনৰ বিষয়ে লিখিব পাৰিব।
গ্ৰন্থৰ কথাটো এটা সামান্য উদাহৰণহে। অন্য বিষয়ৰ কথা বাদেই দিছোঁ; অসমৰে সমৃদ্ধ লোক-সংস্কৃতি, স্থাপত্য,
বিখ্যাত ব্যক্তি আৰু ঠাই বা অন্য ভৌগোলিক দিশসমূহৰ বহু কথা এতিয়াও
অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট হ’বলৈ বাকী আছে। আপুনি নিজৰ
পছন্দৰ বিষয় বাছি ল’ব পাৰে।
পৃষ্ঠা প্ৰকাশ কৰাৰ পিছত প্ৰবন্ধটো দৃশ্যমান হ'ব। |
ঘ) প্ৰকাশ কৰক: প্ৰবন্ধটো লিখি
শেষ হ’লে তলৰ ‘পৃষ্ঠা প্ৰকাশ কৰক’ বুটামটো টিপি
ইয়াক প্ৰকাশ কৰিব লাগিব আৰু তেনে কৰিলে প্ৰবন্ধটো লগে লগেই সকলোৰে দৃশ্যমান হ’ব।
৩) ৱিকিপিডিয়াত কি লিখা নহয়:
ক) সৃষ্টিশীল লেখনি: ৱিকিপিডিয়াৰ নীতি
অনুসৰি কোনো সৃষ্টিশীল লেখা অৰ্থাৎ গল্প-কবিতা-উপন্যাস বা
এনেধৰণৰ কোনো মৌলিক সাহিত্য ৱিকিপিডিয়াত লিখা নহয়। ইয়াৰ বাবে আপুনি নিশ্চয়কৈ অন্য
প্লেটফৰ্ম বাছি ল’ব পাৰে।
খ) গৱেষণামূলক লেখনি: কোনো মৌলিক গৱেষণামূলক লেখনি,
গৱেষণা পত্ৰ, সমালোচনাত্মক প্ৰবন্ধ আদিক
ৱিকিপিডিয়াত ঠাই দিয়া নহয়।
গ) প্ৰশংসামূলক বা আক্ৰমণাত্মক ভাষা: ৱিকিপিডিয়া প্ৰকৃততে
এক নিৰপেক্ষ তথ্যৰ ভঁৰাল আৰু ইয়াৰ প্ৰবন্ধসমূহৰ ভাষাশৈলী প্ৰশংসামূলক বা
আক্ৰমণাত্মক হ’ব নালাগে। উদাহৰণস্বৰূপে: “ককাদেউতাৰ হাড় উপন্যাসখন প্ৰত্যেকেই পঢ়া উচিত” বা “ভদাই এজন বৰ বেয়া মানুহ আছিল” আদি বাক্য আমি পৰিহাৰ কৰি চলিব লাগে। অগত্যা ইয়াৰ সলনি “ককাদেউতাৰ হাড় উপন্যাসখন সকলোৱে পঢ়ি চাব লগা উপন্যাস হিচাপে গণ্য কৰা হয়”
বা “কিছু লোকৰ মতে ভদাই এজন বেয়া মানুহ আছিল”
বুলি লিখিব পৰা যায়।
ঘ) নিজৰ বিষয়ে, নিকটাত্মীয় বা বন্ধুৰ বিষয়ে, নিজৰ প্ৰকাশিত গ্ৰন্থ, ৱেবছাইট, উদ্ভাৱন বা পুৰস্কাৰ আদিৰ বিষয়ে: আপুনি
বিশ্বকোষত স্থান পাবৰ যোগ্য হ’লেও নিজেই নিজৰ বিষয়ে নিলিখিব।
আপোনাৰ নিকটাত্মীয় বা বন্ধুৰ বিষয়ে লিখিবলৈ হ’লেও ইয়াৰ ভাষা
পক্ষপাতদুষ্ট হোৱাৰ সম্ভাৱনা প্ৰৱল। এইবোৰ ক্ষেত্ৰত এনে প্ৰবন্ধসমূহ আন কোনো লোকক
লিখিবলৈ দিয়ক।
৪) মনত ৰাখিবলগীয়া কেইটামান কথা:
ক) তথ্য উৎস: প্ৰবন্ধ এটাত তথ্য সন্নিৱিষ্ট কৰোঁতে এটা কথালৈ
লক্ষ্য কৰিব যে এই তথ্যটো আন কোনো ঠাই যেনে কাকত-আলোচনী, ৱেবছাইট, প্ৰকাশিত গ্ৰন্থ বা অন্য বিশ্বাসযোগ্য অ’ডিঅ’ভিজুৱেল আদিত পোৱা যাব নে নাই। যদিহে পোৱা নাযায়
তেন্তে ইয়াক প্ৰত্যাহ্বান জনোৱা হ’ব পাৰে আৰু সেয়ে সেই
তথ্যটো ব্যক্তিগতভাৱে জানিলেও দিয়াৰ পৰা বিৰত থাকক। ব্যক্তিগত ৱেবছাইট, ব্ল’গ, নিজৰ লেখা প্ৰকাশ কৰা
কাকত-আলোচনী আৰু পাবত গজা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰা
গ্ৰন্থসমূহৰ পৰা সংগ্ৰহ কৰা তথ্য গ্ৰহণযোগ্য নহয়।
খ) সম্পাদনাৰ সহায়: যদিহে আপুনি কিবা কথাক লৈ
দোমোজাত পৰিছে তেন্তে ৱিকিপিডিয়াৰ যিকোনো এজন সক্ৰিয় বা অভিজ্ঞ সদস্যক সুধিলেই তেওঁ
আপোনাক নিশ্চয় সহায় কৰিব।
আশা ৰাখিছো যে এই গোটেই কথাখিনি আপোনাৰ সহায়ক হ’ব। প্ৰবন্ধ এটা গোলকীয় মানদণ্ডৰ হোৱাকৈ লিখিবলৈ হ’লে কি কি বিষয়ত গুৰুত্ব দিব লাগে বা প্ৰবন্ধটোৰ সাজ-সজ্জা কেনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে পিছলৈ আলোচনা কৰিম।
Comments
Post a Comment