প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
বেলি লহিয়াবৰ হোৱা নাই
যতনাই ৰখা কিতাপবোৰত
ৰ’দ
কপৌ এহালে চোতালত
এটি-দুটি চাউল বুটলে
ক’ৰবাত গীটাৰৰ টুং-টাং
নে বতাহৰ মাত?
কাৰ ঘৰত বা জেওৰা
বৈছে!
গৃহবন্দী
ব’হাগতো
“দেউতাৰ পদূলিত”
মাধুৰী গোন্ধাই
ঢোলে গুমগুমাই মনত
কবিতাৰে গুঁঠিব নোৱাৰি ব’হাগ —
তাহানিতে তুমি কোৱা
কথা।
Comments
Post a Comment