Skip to main content

Posts

Showing posts from November, 2020

মোক এনে এখন পৃথিৱীৰ সাধু কোৱা

            মো ক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত এই দৈনন্দিন বিদ্বেষ আৰু ঘৃণাৰ অন্ধকাৰ আয়তৰ সিপাৰে এখন বিশাল আকাশৰ ঘৰ, য'ৰ পৰা জাকে জাকে সৰি পৰা  হেজাৰ পপীয়া তৰাৰ কুহুমীয়া নিৰ্যাসত আমি মুকলি চোতালত ৰৈ নিৰ্ভয়ে জাহ যাব পাৰোঁ‌ ৰাতিটোৰ বাবে। মোক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত নাই কোনো নিৰ্বাক ঈশ্বৰৰ ঘৰ যিখন পৃথিৱীত তুমি, মই, তেওঁ একেলগে গলি গলি কুঁৱলীত মিলি যোৱা একাদশীৰ সেমেকা জোনৰ তলত বিনিময় কৰিব পাৰোঁ‌ বিশ্বাস, প্ৰেম আৰু  জীৱন-বৈভৱৰ বিলাসী টোপোলা মোক এনে এখন পৃথিৱীৰ সাধু কোৱা।

নিৰ্বাক

শ ৰতৰ একোটা নিৰল সন্ধিয়াৰ আঙুলিত ধৰি ইজনে সিজনৰ ছাঁ‌ খেদি ফুৰাৰ হাবিয়াস কাহানিও নাছিল সউ দিগন্তত ঢলি পৰা গাখিৰতী পথাৰৰ সিপাৰে নিয়ৰত ভিজি থকা চিনাকি চহৰৰ কোনোবা এখন শূণ্য খিৰিকিৰ মুখত ৰৈ তথাগত ভংগীৰে স্বনিৰ্বাসনৰ আখৰাৰ কথাও আমি কোৱা নাছিলো সেয়ে তেওঁ যোৱাৰ বাটত এতিয়াও আহিনৰ লহপহ ওঁ‌ঠ জাক জাক কুঁৱলীয়ে ভেঁ‌টি ধৰা পদূলিত মহুৰা-সূতাৰ দৰে মেৰ খাই ৰৈ যোৱা নিৰ্যাস