শৰতৰ একোটা নিৰল সন্ধিয়াৰ আঙুলিত ধৰি
ইজনে সিজনৰ ছাঁ খেদি ফুৰাৰ হাবিয়াস কাহানিও নাছিল
সউ দিগন্তত ঢলি পৰা গাখিৰতী পথাৰৰ সিপাৰে
নিয়ৰত ভিজি থকা চিনাকি চহৰৰ
কোনোবা এখন শূণ্য খিৰিকিৰ মুখত ৰৈ
তথাগত ভংগীৰে স্বনিৰ্বাসনৰ আখৰাৰ কথাও
আমি কোৱা নাছিলো
সেয়ে তেওঁ যোৱাৰ বাটত এতিয়াও আহিনৰ লহপহ ওঁঠ
জাক জাক কুঁৱলীয়ে ভেঁটি ধৰা পদূলিত
মহুৰা-সূতাৰ দৰে মেৰ খাই ৰৈ যোৱা নিৰ্যাস
Comments
Post a Comment