আদিতে জগত আছিল মহাশূণ্য নাছিল কোনো দানৱ অথবা ঈশ্বৰ অমোঘ তিমিৰাচ্ছন্ন অসীমত নাছিল পাৰ্থিৱ নাৰী আৰু পুৰুষ কিম্বা কোনো বহুবৰ্ণ কিন্নৰ। কোনো অজ্ঞাত আলোকপুঞ্জৰ অলৌকিক আৱিৰ্ভাৱত হোৱা দেৱতাৰ জন্ম এক সাধুকথা। কিন্তু তেতিয়াই প্ৰথমবাৰৰ বাবে তুমি জন্ম ল'লা পদ্মিনী হৈ চক্ৰপানিৰ চৰণ সেৱাৰ বাবে যি আছিল তোমাৰ জ্ঞাতে-অজ্ঞাতে হাজাৰ বছৰীয়া সভ্যতালৈ পুৰুষে এৰি থৈ যোৱা উত্তৰাধিকাৰ। সেই অধিকাৰে অতযুগ লালন কৰা মদমগ্ন মুখেৰে মই আওঁৰাই যাওঁ: তুমি ৰম্যা, তুমি ভোগ্যা, তুমি উৰ্বৰা সমস্ত বেদীতে তুমি পূজ্যা। কিন্তু তোমাৰ হংসগমনত ৰিপুৰ জন্ম বস্ত্ৰৰ তলত মৈথুন কামনাৰ ভ্ৰষ্ট নৰক সাধুকথাৰ দেৱতাৰ উপাসনা গৃহত সেয়ে তোমাৰ প্ৰৱেশ অনাধিকাৰ তোমাৰ মাতৃ অংগত ফুলা মাসিক ৰক্তোৎপলৰ অপবিত্ৰতাৰে তুমি নাচাবা আকাশৰ উচ্চতা।
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।