Skip to main content

ইৰ’চ (কিউপিড) আৰু ছাইকীৰ কাহিনী

প্ৰাচীন গ্ৰীচৰ আখ্যান। ৰাজকুঁৱৰী ছাইকী আছিল অতীৱ সুন্দৰী। ছাইকীৰ সৌন্দৰ্যৰ খ্যাতি ইমানেই বিয়পি পৰিছিল যে জনসাধাৰণে তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিৰ (ভেনাচ) সমকক্ষ বুলি গন্য কৰিছিল। তেওঁৰ ৰূপসুধা আকণ্ঠ পান কৰিবলৈ দেশ-বিদেশৰ লোকে ৰাজমহলত আহি ভিৰ কৰিছিল আৰু তেওঁকেই দেৱীৰ আসনত স্থাপন কৰি এই অতুলনীয় সৌন্দৰ্যৰ আৰাধনা কৰিছিল। এই কথা স্বয়ং এফ্ৰোডাইটিৰ কাণতো নপৰাকৈ নাথাকিল। দেৱী এফ্ৰোডাইটিৰ সৈতে মৰণশীল এগৰাকী সাধাৰণ মানৱীৰ তুলনা? কেনে স্পৰ্ধা! এফ্ৰোডাইটিৰ পুত্ৰ ইৰ’চ (কিউপিড) আছিল প্ৰেম আৰু যৌনতাৰ দেৱতা। হাতত অনন্ত কামনাৰ ধনু আৰু কাঁড় লৈ তেওঁ দেৱতা আৰু মানৱৰ বুকুত প্ৰেমৰ দাৱানল জ্বলাই গোটেই জগত ভ্ৰমি ফুৰিছিল। এফ্ৰোডাইটিয়ে পুত্ৰ ইৰ’চক আদেশ দিলে- ইয়াৰ উপযুক্ত শাস্তি দিয়া হওক। কোনো কুৎসিত জীৱৰ প্ৰতি ছাইকীৰ অন্তৰত বাসনা জগাই তোলা হওক। কথামতেই কাম। ইৰ’চে সোণালী ডেউকা কোবাই তড়িৎ গতিৰে ছাইকীৰ প্ৰাসাদৰ দিশে উৰা মাৰিলে। কিন্তু ইয়াৰ পিছত কি হ’ল? ছাইকীৰ ৰূপসুধা দেখা পাই স্বয়ং প্ৰেমৰ দেৱতা বাসনাসিক্ত হৈ ধৰাশায়ী হৈ পৰিল। ইফালে এফ্ৰোডাইটিৰ ৰোষৰ কথা ছাইকীৰ পিতৃ ৰজাৰ কাণত পৰাত তেওঁ আতংকিত হৈ উঠিল। ইয়াৰ সমাধান বিচাৰি তেওঁ গ্ৰীচৰ ভৱিষ্যতবক্তা অ’ৰেকলসকলৰ শৰণাপন্ন হওঁতেই তেওঁলোকৰ ভয়ংকৰ বাণীত তেওঁৰ হৃদয় দগ্ধ হ’ল – ছাইকীৰ বিয়া হ’ব দেৱতায়ো ভয় কৰা এক পাখিলগা জীৱৰ সৈতে। যদি ৰাজ্যৰ মংগল বিচাৰে তেন্তে পাহাৰৰ উচ্চতম শৃংগত ছাইকীক সঁপি দিব লাগিব সেই জীৱৰ হাতত। সকলোৰে মংগলৰ বাবে ছাইকীয়ে নিজৰ ভাগ্যক ধিয়াই থিয় হ’ল সেই শৃংগত। তেওঁৰ দুই ভগ্নী আৰু পিতৃয়ে কান্দি-কাটি বিদায় জনালে ছাইকীক। বহু সময় পাৰ হ’ল। কিন্তু নাই যি নাই, সেই পাখিলগা ভয়ংকৰ জীৱৰ কোনো দেখাদেখি নাই। এনেতে এজাক বতাহে আহি ছাইকীক আলফুলে বোকোচাত বান্ধি উৰুৱাই লৈ গ’ল সেই শৃংগৰপৰা সকলোৰে দৃষ্টিৰ আঁতৰলৈ। সেয়া আছিল পছোৱা বতাহ জেফিৰাচ। কিন্তু জেফিৰাচে ক’লৈ নিলে ছাইকীক?

      যেতিয়া বেজাৰত অৰ্ধচেতন ছাইকীয়ে কোনো বাদ্যযন্ত্ৰৰ সুমধুৰ সংগীতধনিত সাৰ পাই উঠিল তেতিয়া তেওঁ নিজকে হাতীদাঁত আৰু স্বৰ্ণৰে সজ্জিত এক প্ৰাসাদৰ সুকোমল শয্যাত নিজকে শুই থকা পালে। এয়া কি ঠাই? ছাইকীৰ মনত কৌতূহল। প্ৰাসাদত ঘূৰি-পকি ছাইকীয়ে দেখিলে বিবিধ চৌখিন বস্ত্ৰ আৰু অলংকাৰৰ সম্ভাৰ। মেজত সজাই ৰখা বিবিধ সুস্বাদু ব্যঞ্জন। নেপথ্যত সংগীতৰ লহৰ। কিন্তু কোনো জনপ্ৰাণী প্ৰাসাদত নাই। কি আচৰিত! এয়া জানো কোনো দানৱৰ স্থান? লাহে লাহে অস্তাচলত বেলি ডুব গ’ল। এসময়ত ছাইকী ঢলি পৰিল নিদ্ৰাদেৱীৰ কোলাত। দোভাগ ৰাতি কপালত কাৰোবাৰ স্নেহস্পৰ্শত ছাইকীৰ টোপনি ভাগিল। কিন্তু চাৰিওদিশ অন্ধকাৰ। একোকে নেদেখি। ভয়ত ছাইকীৰ অণ্ঠকণ্ঠ শুকাবলৈ লওঁতেই এষাৰ কোমল মাত।

: ভয় নকৰিবা। মই তোমাৰ প্ৰেমত ব্যাকুল। তোমাৰ স্বামীত্বপ্ৰাৰ্থী। মোক বৰণ কৰিবা নে?

আশ্চৰ্যচকিত ছাইকীৰ মুখেৰে নিৰ্গত হ’ল-

: কোন তুমি? তুমিয়েই নেকি অ’ৰেকলৰ ভৱিষ্যতবাণীৰ সেই ভয়ংকৰ দানৱ?
: ময়েই সেই দানৱ। কিন্তু মই যে তোমাৰ প্ৰেমপ্ৰাৰ্থী। মোৰপৰা তোমাৰ কোনো ভয় নাই।

আহ! কি মধুৰ এই পৌৰষ কণ্ঠ! ছাইকীৰ এই অসহায় অৱস্থাতো বল প্ৰয়োগৰ চেষ্টা নকৰি এই আকুল প্ৰেমভিক্ষা! ছাইকীয়ে ভাবিলে। এওঁনো দানৱ হ’ব পাৰে নে? ওঁহো, এওঁ কোনো দানৱ নহয়। এওঁ কোনো সুপুৰুষ।

: তুমি যদি মোৰ প্ৰেমত ব্যাকুল তেন্তে দেখা দিয়া।
: প্ৰিয়তমা, মই তোমাক হিয়া উজাৰি ভালপোৱা দিম কিন্তু তুমি মোৰ চেহেৰা যাতে চাব নিবিচাৰা। কাকূতি কৰিছোঁ।

সেয়া আছিল ইৰ'চ। স্বয়ং প্ৰেমৰ দেৱতাৰ আহ্বানত মানৱী ৰাজকুঁৱৰী ভোল নগৈ পাৰে নে? ইৰ’চৰ কথাত ছাইকী বিচলিত হ’ল। ইমান আকুলতা ভৰা বাণী! তেওঁৰ কথাকেই মানি লোৱা যাওক। কিজানি এয়াই নিয়তিৰ ইচ্ছা। ছাইকীয়ে নিজকে সঁপি দিলে ইৰ’চৰ স্নেহস্পৰ্শত। এনেকৈয়ে ইৰ’চৰ সুঠাম বুকুৰ মাজত নিদ্ৰাদেৱীয়ে পুনৰ আঁকোৱালি ল’লে তেওঁক।

যেতিয়া সূৰ্যদেৱতা হেলিঅ'চে সাতোটা ঘোঁৰাই টনা তেওঁৰ ৰথ পূবৰ আকাশেৰে দৌৰাই আনিলে তেতিয়া ছাইকীৰ তন্দ্ৰা ভাগিল। কিন্তু সেই মৰমিয়াল দানৱ তেতিয়ালৈ আঁ‌তৰি গৈছিল। শয্যাত মাথোঁ তেওঁৰ ডেউকাৰ পৰা খহি পৰা এক সোণোৱালী পাখি। গোটেই দিনটো ছাইকীয়ে ৰাতিৰ সেই পুৰুষজনৰ কথা ভাবিয়েই কটালে। আহিব নে তেওঁ আজিও? নিশা অন্ধকাৰত পুনৰ নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰোঁতেই পুনৰ সেই পৌৰষ কণ্ঠ, "ছাইকী।" ছাইকীৰ মন-প্ৰাণ চঞ্চল হৈ উঠে।

       এনেকৈয়ে দিন বাগৰিল। দিনত ছাইকীয়ে অধীৰ অপেক্ষাৰে ইৰ'চৰ বাবে বাট চায়। প্ৰতিৰাতিৰ প্ৰেমময় কথা-বাৰ্তা আৰু মধুমিলনৰ অন্তত ৰাতি নৌপুৱাওঁ‌তেই তেওঁ অন্তৰ্ধান হয়। আনহাতে ছাইকীৰ গৰ্ভত ইৰ'চৰ সন্তানৰ অংকুৰণ ঘটে।

      মৃদু বতাহে প্ৰাসাদৰ বাগিচাৰ সুগন্ধি কেউফালে বিলাই দিয়া দিন এটাতে ছাইকীৰ কাণত পৰে ভগ্নীদ্বয়ৰ বিননি। তেওঁলোকে আকুলতাৰে সেই পাহাৰৰ শিখৰৰপৰা ছাইকীৰ নাম ধৰি মাতিছে। উত্ৰাৱল হৈ পৰে ছাইকী। কিমানদিন যে চেনেহৰ ভগ্নীহঁ‌তক দেখা নাই! জেফিৰাচক কাবৌ কৰি মাতিলে ছাইকীয়ে, "হে জেফিৰাচ, মোৰ ভনীহঁ‌তে পাহাৰৰ শিখৰত ৰৈ বিননি জুৰিছে। মোক তুলি লৈ নোযোৱা কিয় বোকোচাত?" জেফিৰাচে ছাইকীৰ সলনি দুই ভগ্নীকেই আনি ইৰ'চৰ প্ৰাসাদ আনি পোৱালেহি। ছাইকীৰ আটকধুনীয়া আভৰণ আৰু প্ৰাসাদৰ প্ৰাচুৰ্য দেখি ইৰ্ষাৰ জুইত দহিবলৈ আৰম্ভ কৰা দুই ভগ্নীয়ে ছাইকীক সুধিলে দানৱ স্বামীৰ কথা। কোনোদিনে নেদেখা পুৰুষজনৰ প্ৰতি ছাইকীৰ মনত ভয় আৰু সন্দেহৰ ভাব জগাবলৈ ভগ্নীহঁ‌তৰ বহুপৰ লাগিল। যোৱাৰ আগতে তেওঁলোকে বুদ্ধি দিলে যে কিদৰে স্বামী নিদ্ৰামগ্ন হওঁ‌তেই মিঠাতেলৰ বন্তি এগছি জ্বলাই তেওঁৰ প্ৰকৃত ৰূপটো উদং কৰি চাব লাগে। বুকুত শিল থৈ ছাইকীয়ে বিদায় দিলে দুই ভগ্নীক। আজি নিশাই তেনেহ'লে মুখামুখি হ'ব লাগিব অতদিনে আওকাণ কৰি অহা সেই চৰম সত্যৰ।

নিশাৰ আন্ধাৰে পৃথিৱী আৱৰাৰ লগে লগেই ইৰ'চো আহিল সোণোৱালী ডেউকা কোবাই প্ৰেয়সীৰ কাষলৈ। স্নেহালিংগনৰ শেষত টোপনিত ঢলি পৰা ইৰ'চক বন্তি জ্বলাই চাওঁতেই ছাইকী মোহিত হ'ল। এয়াতো কোনো দানৱ নহয়। এয়া কুন্দত কটা চেহেৰা আৰু নিটোল শৰীৰেৰে কোনো নিদ্ৰামগ্ন দেৱতাহে। এনেহেন প্ৰেমাস্পদৰ প্ৰতি সন্দেহ ওপজাৰ বাবে লজ্জিত হ'ল ছাইকী। কি সুন্দৰ এই পুৰুষ! ছাইকী যেন মন্ত্ৰমুগ্ধ হ'ল। আজি হেঁ‌পাহ পলুৱাই চাব এই চিকুণ মুখ, সুঠাম নগ্ন শৰীৰৰ এই সৌন্দৰ্য। কিন্তু বিধাতাৰ জানো সেয়া ইচ্ছা? বহুপৰ ৰ' লাগি প্ৰিয়পুৰুষক চাই থাকোঁ‌তেই ঘটিল অঘটন। ছাইকীৰ হাতৰ তপত তেলৰ বন্তি সৰি পৰিল ইৰ'চৰ বুকুত। উস!! কি দুৰ্ভাগ্য! হতচকিত হৈ সাৰ পাই উঠা ইৰ'চে প্ৰচণ্ড বেদনা আৰু লজ্জাত ক্ৰোধিত হৈ ক'লে, "কেনে নিষ্ঠুৰ মোৰ প্ৰিয়া! কাৰ কথাত মোক দিয়া প্ৰতিশ্ৰুতি ভাঙি মোক অপমান কৰিলা? হাঁ‌য়, মাতৃ এফ্ৰোডাইটিক মই কি উত্তৰ দিম? কি?" ছাইকীৰ কাকূতিক নেওচি ইৰ'চ মুকলি খিৰিকিৰে উৰা মাৰে দূৰলৈ। কি বিড়ম্বনা এয়া! বুকুৰ আপোনজনক হাততে পায়ো হেৰুৱাই ছাইকী যেন উন্মাদ হৈ পৰিল। প্ৰাসাদৰ দুৱাৰ খুলি দৌৰ মাৰিলে ইৰ'চ যোৱাৰ দিশে। "প্ৰিয়তম, মোৰ প্ৰিয়তম।" হৃদয় অনুতাপৰ প্ৰচণ্ড অনলত দগ্ধ। অশ্ৰুজলেৰে বাট নেদেখা হৈ ছাইকী এসময়ত বহি পৰিল ঘাঁ‌হনিত। এনেতে বনদেৱতা পেন আহি উপস্থিত হ'ল তেওঁৰ কাষত। পেনে ছাইকীক ক'লে "স্বয়ং প্ৰেমৰ ইৰ'চক তুমি জীৱনসংগীৰূপে পাইছিলা। তেওঁ ক্ষুণ্ণ হৈছে। তুমি অলিম্পাচৰ মহান দেৱতাসকলক আহ্বান কৰা। তেওঁলোকেহে তোমাক এই সংকটত সহায় কৰিব পাৰিব।" বনদেৱতা পেনক ধন্যবাদ জনাই পুৱাই ছাইকীয়ে বুকুত শিল ৰাখি আৰম্ভ কৰিলে এক নতুন যাত্ৰা।

যেতিয়া বনৰীয়া ফুলেৰে আৱৰি থকা উপত্যকাটোৰ টোপনি ভাঙিছিল তেতিয়া ছাইকী ৰাওনা হৈছিল দুই ভগ্নীৰ কাষলৈ বুলি। গোটেই দিন অনাহাৰে যাত্ৰা কৰি লেবেজান হোৱা ছাইকীৰ মুখেৰে ইৰ'চৰ বৰ্ণনা শুনি প্ৰমাদ গণিছিল দুয়ো। কি সৌভাগ্য ছাইকীৰ! এনে স্বামীৰ হৃদয়ত স্থান পোৱা যাব নে? পাহাৰৰ শিখৰৰ পৰা আকুলতাৰে আহ্বান কৰিলে আহিব নে তেওঁ? এই অনুসন্ধিৎসা আৰু ইৰ্ষাৰ জুয়ে ছাইকীৰ দুই ভগ্নীক গ্ৰাস কৰিবলৈ বেছি সময় নালাগিল। দুয়ো পাহাৰৰ সেই নিৰ্দিষ্ট চূড়াটোলৈ গৈ কাতৰাই মাতিলে ইৰ'চক। পছোৱা বতাহ জেফিৰাচক ডাংকোলা কৰি ইৰ'চৰ প্ৰাসাদলৈ লৈ যাবলৈ কাকূতি কৰি নিজকে এৰি দিলে শূণ্যত। কিন্তু জেফিৰাচে বাসনাত উন্মাদপ্ৰায় দুয়ো ভগ্নীক তুলি নধৰিলে আৰু ইয়ে তেওঁলোকৰ মৃত্যুৰ কাৰণ হ'ল।

      ইফালে ছাইকী দুখ আৰু বিৰহত ম্ৰিয়মান। বনদেৱতা পেনৰ কথা শিৰোগত কৰি তেওঁ উপস্থিত হ'লগৈ কৃষিকাৰ্যৰ অধিষ্ঠাত্ৰী অলিম্পাচ পৰ্বত নিবাসী দেৱী ডিমিটাৰৰ মন্দিৰত। হৃদয়ৰ সমস্ত অপৰাধবোধ আৰু বেজাৰ উজাৰি দি চকুলো টুকি ছাইকীয়ে ডিমিটাৰৰ বেদীৰ আগত কৈ গ'ল নিজৰ কাহিনী। এই সকৰুণ দৃশ্যত ডিমিটাৰ বিচলিত হ'ল। কিন্তু ছাইকীক দিয়া নামমাত্ৰ সঁ‌হাৰি মানেই প্ৰেমৰ দেৱী এফ্ৰোডাইটিৰ ক্ৰোধ আৰু শত্ৰুতাক সহজ আমন্ত্ৰণ। গতিকে সমভাগী হৈয়ো ডিমিটাৰে দুচকু আঁ‌তৰাই থ'লে। অলেখ অনুনয়ৰ পিছতো ডিমিটাৰৰ সঁ‌হাৰি নাপাই ছাইকী গৈ থিয় হ'ল দেৱতাৰ ৰাণী হীৰাৰ মন্দিৰৰ দুৱাৰদলিত। কিন্তু সৰ্বপূজ্যা হ'লেও ডিমিটাৰৰ দৰেই এফ্ৰোডাইটিৰ সৈতে মনোমালিন্য দেৱী হীৰাৰ কোনোপধ্যে কাম্য নহয়। তেওঁ ম্ৰিয়মান ছাইকীৰ সন্মুখত দেখা দি ক'লে, "হে ছাইকী, উঠা। এফ্ৰোডাইটিৰ মন্দিৰলৈ গৈ তেওঁৰ আৰাধনা কৰা। একমাত্ৰ তেৱেঁ‌ইহে ইৰ'চক উলোটাই দিব পাৰিব।" এই দৈৱবাণী শুনি ছাইকীয়ে অনুভৱ কৰিলে যে এফ্ৰোডাইটিক তুষ্ট কৰাৰ বাবে তেওঁৰ সন্মুখত আৰু কোনো পথ নাই।

এইবাৰ ছাইকী এফ্ৰোডাইটিৰ মন্দিৰলৈ গৈ দেৱীৰ শৰণাপন্ন হ'ল। ইফালে এই গোটেই ঘটনাক্ৰম সমুদ্ৰৰ মাজৰ মুক্তাৰে সজ্জিত নিজ প্ৰাসাদৰ পৰা লক্ষ্য কৰি থকা এফ্ৰোডাইটিয়ে বিজয় উল্লাসত আত্মহাৰা হ'ল। মানৱী হৈ এগৰাকী দেৱীৰ স্থান ল'বলৈ যোৱাৰ পূৰ্ণ প্ৰতিফল দিবলৈ বুলি তেওঁ ততালিকে ছাইকীৰ সন্মুখত আৱিৰ্ভূতা হ'ল। ধীৰ কণ্ঠেৰে তেওঁ ছাইকীক ক'লে, "শুন ছাইকী। মোক সন্তুষ্ট কৰিবলৈ তই আৰাধনা কৰিলেই নহ'ব। মই তোক মোৰ প্ৰাসাদলৈ লৈ যাম। তাতেই তই মোক সন্তুষ্ট কৰিব পাৰিলেহে ইৰ'চৰ সংগ কামনা কৰিব পাৰিবি।" তৎমূহূৰ্ততে ছাইকীক লৈ এফ্ৰোডাইটি অন্তৰ্হিতা হ'ল আৰু প্ৰাসাদলৈ গৈ পোনচাটেই তেওঁ ছাইকীক নিজৰ দুই পৰিচাৰিকা চিন্তা আৰু বেজাৰৰ হাতত গটাই দিলে। একালৰ ৰাজকন্যাৰ কি কপাল! চিন্তা আৰু বেজাৰৰ হাতত ছাইকী পদে পদে লাঞ্ছিতা হ'ল। আনহাতে ভূতৰ ওপৰত দানহ পৰাদি এফ্ৰোডাইটিয়েও ছাইকীক অত্যাচাৰ কৰিবলৈ নেৰিলে। তেওঁ ভিন ভিন প্ৰকাৰৰ শস্য আৰু মাহ একোটোপোলা মিহলি কৰি মজিয়াত ছটিয়াই দি ক'লে, "যদিহে তই ইৰ'চৰ সৈতে জীৱনত মিলনৰ ইচ্ছা পুহি ৰাখিছা তেন্তে প্ৰথমেই বেলি ডুবাৰ আগেয়ে এই শস্য আৰু মাহবোৰ ভাগে ভাগে টোপোলাত ভৰাই থানথিত লগা।" এইখিনি কথা কৈয়েই ৰুটীৰ টুকুৰা এটা ছাইকীৰ ফালে দলিয়াই দি এফ্ৰোডাইটি আঁ‌তৰি গ'ল। কিন্তু এগৰাকী সাধাৰণ যুৱতীৰ বাবে ইমান কম সময়ত ইমানবোৰ শস্য এটা এটাকৈ বুটলি টোপোলাত ভৰোৱা কাম সম্ভৱ নে? মুঠেই নহয়। তাকেই উপলব্ধি কৰি হতাশ হৈ পৰা ছাইকী বহি পৰিল মজিয়াত। মনৰ দাপোণত সেই প্ৰিয়তমৰে উজ্বল মুখ। এই সময়ত ক'ত আছে ইৰ'চ? ক'ত?

প্ৰকৃততে সেই সময়ত ইৰ'চ আছিল এফ্ৰোডাইটিৰ প্ৰাসাদতেই। কোঠাৰ বাহিৰ ওলোৱাত মাতৃৰ কঠোৰ নিষেধাজ্ঞা। চাকিৰ তপত তেলে দগ্ধ কৰা বুকুতকৈয়ো প্ৰিয়তম নাৰীয়ে বিশ্বাসভংগ কৰাৰ আঘাতে তেওঁক ভিতৰৰ পৰা দহিছিল। কিন্তু হ'লে কি হ'ব! শতবাৰ পোৱা আঘাতো প্ৰেমে পাহৰায়। ইৰ'চৰ বুদ্ধিমতেই কণমাণি পৰুৱা এটা উপস্থিত হ'লগৈ ছাইকীৰ কাষত আৰু ক'লে, "হে মানৱী, দুখ নকৰিবা। আমি তোমাৰ সৈতে আছোঁ‌।" ইয়াৰ পিছতেই শতাধিক পৰুৱা লানি পাতি আহি এটা এটাকৈ শস্য আৰু মাহবোৰ ভাগে ভাগে টোপোলাত ভৰালে আৰু আশ্বৰ্যচকিত ছাইকীত বিদায় জনাই ঘৰাঘৰি গ'ল।

বেলি লহিয়াওঁ‌তেই হাতত সুৰাৰ পাত্ৰ লৈ এফ্ৰোডাইটি আহিল ছাইকীৰ বিপৰ্যয় উপভোগ কৰিবলৈ। কিন্তু ই কি? এয়া কেনেকৈ সম্ভৱ! প্ৰচণ্ড ক্ৰোধত জ্বলি-পকি এফ্ৰোডাইটিয়ে ক'লে, "এতিয়া দ্বিতীয়টো কাৰ্যৰ বাবে সাজু হ' ছাইকী।" এফ্ৰোডাইটিৰ আগ্ৰাসী কণ্ঠত ছাইকী কঁ‌পি উঠিল। কি বা এই দ্বিতীয় কাৰ্য?

পিছদিনা পুৱাই এফ্ৰোডাইটিয়ে ছাইকীক এক নদীৰ পাৰলৈ লৈ গ'ল। সেই খৰস্ৰোতা নদী আছিল বহুবিধ জলজ হিংস্ৰ জন্তুৰ আবাস। তেওঁ ছাইকীক সিপাৰৰ সেউজীয়া ঘাঁ‌হনিত চৰি থকা সোণালী ভেঁ‌ড়াৰ পালটোলৈ আঙুলিয়াই দেখুৱাই ক'লে, "সৌ যে দেখিছ সোণালী ভেঁ‌ড়াবোৰ, সিহঁ‌তৰ ঊণসূতা মোৰ বৰ হেঁ‌পাহৰ। যদিহে তই তাৰ এখাঙ মোক আনি দিয় মোৰ বান্দীহঁ‌তে তাৰে কাপোৰ ব'ব। কিন্তু চাবি, ভেঁ‌ড়াবোৰ বৰ খঙাল। অলপ অসাৱধান হ'লেই সিহঁ‌তে তোৰ কোমল শৰীৰটো শিঙেৰে ফালি ছিৰাছিৰ কৰিব।" এই কথা কৈয়েই এফ্ৰোডাইটি পলকতে নেদেখা হ'ল। এইবাৰ ছাইকী সম্পূৰ্ণৰূপে হতাশ হ'ল। কোন মানৱীৰ সাধ্য দেৱৰো দুৰ্গম এই নদী অতিক্ৰম কৰা? তাৰোপৰি খঙাল ভেঁ‌ড়াৰ গাৰপৰা সোণালী ঊণসূতা উভালিবলৈ গ'লে নিজৰ দেহত প্ৰাণ ৰ'ব নে? ইয়াকে ভাবি-গুণি ছাইকীয়ে বুজি উঠিল যে ইৰ'চৰ সৈতে পুনৰ্মিলন এক অলীক কল্পনা মাথোন। ইৰ'চৰ অবিহনে এই তুচ্ছ জীৱনৰ অৰ্থই বা কি! সেই মুহূৰ্ততে ছাইকীয়ে জীৱনৰ এক কঠিন আৰু চৰম সিদ্ধান্ত লৈ পেলালে। নদীৰ ফালে মন্ত্ৰমুগ্ধৰ দৰে ধীৰে ধীৰে খোজ পেলালে তেওঁ। ইয়াতেই যন্ত্ৰণাৰ শেষ। এয়াই পৰম শান্তি!! মৃত্যৱেই চিৰন্তন আশ্ৰয়। কিন্তু এই সময়তে ছাইকীৰ বস্ত্ৰত কিহবাৰ টান পৰিল। ঘূৰি চাওঁতেই সেই আঁ‌চল টানি ধৰা নদীৰ পাৰৰ নলখাগৰি এডালে মাত লগালে। "হে নাৰী, এই পৃথিৱী দুখ, বেজাৰ আৰু নিষ্ঠুৰতাৰে ভৰা। সেয়ে হ'লেও এই ধৰালৈ নিজৰ শৰীৰৰ ভিতৰত একলা-দুকলাকৈ বাঢ়ি অহা এধানি প্ৰাণক আমন্ত্ৰণ কৰি অনাৰ দায়িত্ব তোমাৰ। এই স্ফীত উদৰেৰে তুমি কিয় আপোনঘাতী হ'ব খুজিছা?" উত্তৰত ছাইকী মাথোন কান্দোনত ভাঙি পৰিল। নলখাগৰিয়ে পুনৰ ক'লে, "দেৱী এফ্ৰোডাইটিয়ে তোমাক ভেঁ‌ড়াৰ পৰা যি ঊণসূতা সংগ্ৰহ কৰিবলৈ দিছে সেয়া কোনো মানৱৰ পক্ষে সম্ভৱ নহয়। এই ভেঁ‌ড়াবোৰ সূৰ্যদেৱতা হেলিঅ'চৰ। সেয়ে ইহঁত দুৰ্দান্ত। দুপৰ বেলা যেতিয়া ভেঁ‌ড়াবোৰে খাই-বৈ উঠি শিলত গা ঘঁ‌হাব তেতিয়া বতাহে প্ৰচুৰ ঊণসূতা কঢ়িয়াই আনি দূৰলৈকে সিঁচি যাব। তুমি নদীৰ পাৰৰ গোটেই খাগৰিবোৰৰ গাৰপৰা এয়া চপাই-গোটাই নিবা।" এই কথা শুনি ছাইকীৰ বুকু শোক আৰু কৃতজ্ঞতাবোধে একেলগে হেঁ‌চা মাৰি ধৰিলে। নৈপৰীয়া নলখাগৰিডালক স্নেহালিংগনেৰে ধন্যবাদ জনাই ছাইকীয়ে পছোৱা বতাহ জেফিৰাচৰ অনুগ্ৰহত ইয়াৰ কথামতেই এখাঙ ঊণসূতা গোটাই লৈ এফ্ৰোডাইটিৰ প্ৰাসাদলৈ বাট বুলিলে। মনত শংকা, ইয়াৰ পিছত বা আৰু কি!

সোণালী ঊণেৰে সৈতে প্ৰাসাদত আহি উপস্থিত হোৱা ছাইকীক দেখি এফ্ৰোডাইটিৰ ধৈৰ্যৰ সীমা হেৰাল। ই কি সম্ভৱ? মনৰ কপট ভাব লুকুৱাই তেওঁ ক'লে, "ছাইকী, এতিয়ালৈকে তোক দিয়া আটাইবোৰ কাম নিয়াৰিকৈ কৰাৰ বাবে তোৰ শলাগ লৈছোঁ‌। কিন্তু এয়াই শেষ নহয়। আৰু দুটা কাম এতিয়াও বাকী। কালিলৈ তই পুৱাতেই তই ষ্টাইক্স আৰু ক'কিটাচ নদীৰ উৎসস্থললৈ যাব লাগি। পৰ্বতৰ যিটো গৰাৰ পৰা এই দুই নদীৰ জন্ম হৈছে তাৰপৰাই চিৰতৰুণ বসন্তৰ এপিয়লা জলধাৰা মোক আনি দিবি।" ছাইকীয়ে নীৰৱে এফ্ৰোডাইটিৰ কথা শুনি থাকি নিজকে ক'লে, "আৰু মাত্ৰ দুটা কাম। এই কাম কৰিব পাৰিলেই মোৰ প্ৰিয়তমৰ সৈতে মিলন ঘটিব।" এই আশা লৈয়েই পিছদিনা পুৱাই হাতত স্বৰ্ণপাত্ৰ লৈ ছাইকীৰ যাত্ৰা কৰিলে দুই নদীৰ উৎসলৈ। ষ্টাইক্স নদীয়েই হৈছে ইহলোক আৰু পৰলোকৰ সীমা। এই নদীখনে পাতালপুৰী আৰু পৃথিৱীক নিলগাই ৰাখে। আনহাতে ক'কিটাচ হৈছে অনন্ত বিলাপৰ নদী। এই নদী পাতালপুৰীলৈকে প্ৰবাহিত হৈছে। শিল আৰু গছ-বমত আঁ‌চোৰ খাই তেজ বিৰিঙা দেহেৰে যেতিয়া ছাইকী পৰ্বতৰ গৰা পাই বসন্তৰ জলধাৰাৰ স্ফটিক নৃত্য দেখা পালে তেতিয়া তেওঁৰ মনৰ দুখ-ভাগৰ সমূলি আঁ‌তৰি গ'ল। কিন্তু এই জলধাৰাৰ পানী সংগ্ৰহ কৰাটো ইমান সহজ জানো? ওঁ‌হো, নহয়। এই ঠাইখণ্ড সুৰক্ষিত কৰি ৰাখিছিল কিছুসংখ্যক ড্ৰেগনে। সিহঁ‌তৰ মুখৰ পৰা নিৰ্গত লেলিহান জুইশিখা দেখি এইবাৰ ছাইকীৰ হৃদয় কঁ‌পি উঠিল। কেনেকৈ পাৰ হ'ব ড্ৰেগনৰ সুৰক্ষা বেষ্টনী! এয়া দুঃসাধ্য। এয়া অসম্ভৱ! উপায়বিহীন ছাইকীয়ে এইবাৰ একান্তমনে সমুদ্ৰ, জলধাৰা আৰু অশ্বৰ অধিপতি প'জাইডনক কাকূতি কৰিবলৈ বহিল। এই আকুল প্ৰাৰ্থনাত প'জাইডনৰ মন কুমলিল। তেওঁ নিজে দেখা নিদি নিজৰ উৰণীয়া সামুদ্ৰিক অশ্ব হিপ্প'কেম্পাচক ছাইকীৰ সহায়ৰ বাবে প্ৰেৰণ কৰিলে। হিপ্প'কেম্পাচৰ আগমণত ড্ৰেগনবোৰৰ মাজত হাহাকাৰ লাগিল আৰু ভয়ত সকলোবোৰ পলাই পত্ৰং দিলে। কৃতজ্ঞতাত গদগদ হৈ ছাইকীয়ে তড়িৎ গতিৰে বসন্তৰ সেই জলধাৰাৰ পানী পিয়লাত ভৰাই এফ্ৰোডাইটিৰ কাষলৈ বুলি লৰ ধৰিলে।

এইবাৰো ছাইকীয়ে হেলাৰঙে অসম্ভৱকো সম্ভৱ কৰি তোলা দেখি এফ্ৰোডাইটি হতাশ হ'ল। তেওঁ ভাবিলে, "এয়াই শেষ। এইবাৰ চৰম পন্থা লোৱা যাওক।" বাহিৰত মিঠা মাতেৰে তেওঁ ছাইকীক ক'লে, "তোৰ ওপৰত মই বৰ সন্তুষ্ট হৈছোঁ‌। ইৰ'চৰ যোগ্য সহধৰ্মিণী হিচাপে নিজকে প্ৰমাণ কৰিবলৈ তই মাত্ৰ আৰু এটা কাম কৰিব লাগিব। তই অতি সোনকালে টেনেৰাচত থকা পাতালপুৰীৰ প্ৰৱেশদ্বাৰেৰে পাতালৰ ৰাণী প্ৰজাৰপিনাৰ কাষলৈ যাবি আৰু তেওঁৰপৰা মোৰ বাবে চিৰসৌন্দৰ্যৰ পেৰাটো লৈ আনিবিগৈ।" কথাখিনি কৈয়েই আপেল এটা ছাইকীৰ ফালে দলিয়াই দি এফ্ৰোডাইটিয়ে প্ৰস্থান কৰিলে। 

প্ৰিয়তমক লগ পোৱাৰ চিন্তাতে সেই নিশা ছাইকীয়ে উজাগৰে কটালে। শেহৰাতিৰ চিলমিল টোপনিত তেওঁ সপোনতে এক অতিকৈ চিনাকি কণ্ঠই কাণৰ কাষত কোৱা শুনিলে, "হে মোৰ প্ৰিয়তমা, পাতালপুৰীৰ প্ৰৱেশদ্বাৰলৈ যাওঁ‌তে শুদা হাতেৰে নাযাবা। ষ্টাইক্স নদীৰ নাৱৰীয়াজনৰ বাবে মুখৰ ভিতৰত দুটা মুদ্ৰা নিবা আৰু পাতালপুৰীৰ দ্বাৰৰক্ষী চাৰ্বেৰাছৰ বাবে মৌ দিয়া এখন বাৰ্লিৰ  পিঠা। নাৱেৰে গৈ থাকোঁ‌তে তুমি কোনোবাই মাতিলেও ভ্ৰুক্ষেপ নকৰিবা আৰু হে মোৰ প্ৰিয়তমা, ভুলতো তুমি কোনো কথা নক'বা।" ধহমহাই সাৰ পাই উঠিয়েই ছাইকীয়ে নিজৰ কোলাত বাৰ্লিৰ পিঠা আৰু দুটা মুদ্ৰা দেখা পালে। আনন্দত ছাইকীৰ মুখত মিচিকি হাঁ‌হিৰ ৰেখা ফুটি উঠিল। আপোনজন তেন্তে তেওঁৰ লগতেই আছে। পূবৰ হেঙুলী কিৰণ চৌপাশে বিয়পি পৰোঁতেই ছাইকী সাজু হ'ল অন্তিম পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ।

এফ্ৰোডাইটিৰ অনুগ্ৰহত ছাইকী শীঘ্ৰেই গৈ টেনেৰাচত অৱস্থিত পাতালপুৰীৰ প্ৰৱেশদ্বাৰ পালেগৈ। কাপোৰৰ মাজতে লুকুৱাই নিয়া টোপোলাত ইৰ'চে সপোনতে দি যোৱা মৌ দিয়া পিঠা আৰু মুখৰ ভিতৰত দুটা মুদ্ৰা। সেয়া কোনো সাধাৰণ ঠাই নাছিল। ই আছিল মৃত্যুলোক অৰ্থাৎ পৃথিৱী আৰু পৰলোক অৰ্থাৎ হেডিচৰ নগৰী পাতালৰ সীমা। এই দুয়োখন ঠাইৰ মাজত চিৰ প্ৰৱাহমান ষ্টাইক্স নদী। আন্ধাৰ আৰু পোহৰৰ দোমোজাতে ছাইকীয়ে দেখিলে চাৰণ নামৰ নাৱৰীয়াৰ নাও যি যুগ যুগ ধৰি প্ৰতিটো বিদেহ আত্মাক পৃথিৱীৰ পৰা পাতাললৈ লৈ যোৱাৰ দায়িত্ব পালন কৰি আহিছে। ছাইকী ধীৰে ধীৰে নাৱত উঠিবলৈ আগুৱাই যাওঁ‌তেই চাৰণে সুধিলে, "হে মানৱী, এই যাত্ৰাৰ বিনিময়ত দিবলৈ কি আছে?" ছাইকীৰ মনত পৰিল মুখৰ ভিতৰৰ দুয়োটা মুদ্ৰাৰ কথা। মুখ মেলোঁ‌তেই এঙাৰৰঙী বসনধাৰী নাৱৰীয়াই দুয়োটা মুদ্ৰা ছাইকীৰ মুখৰ পৰা থপিয়াই নিয়াদি নিলে। ছাইকীয়ে প্ৰমাদ গণিলে। চাৰণে ইৰ'চৰ প্ৰেমাস্পদক থিকেই চিনিছিল। ছাইকীৰ বাহিৰে কোনো ব্যক্তিয়ে আজিলৈকে সোশৰীৰে এই ঠাইত ভৰি দিয়া নাছিল। এইবাৰ চাৰণে হাত ধৰি ছাইকীক তুলি দিলে নাৱত। আৰম্ভ হ'ল পাতাল অভিমুখী অভিনৱ যাত্ৰা। ছাইকীয়ে বিস্ময়ত হতবাক হৈ দেখিলে সেই নদীৰ মাজত অলেখ মানুহৰ আত্মা। কোনোৱে যদি হিয়া ঢাকুৰি কান্দিছে, কোনোৱে ছাইকীৰ ফালে হাত বাউলী মাতিছে। বিনিময়ত চাৰণক দিব লগা মুদ্ৰাৰ অভাৱতেই এই আত্মাবোৰ পাতালত প্ৰৱেশ কৰিব নোৱাৰি এই ঠাইতেই অতৃপ্ত হৈ বিচৰণ কৰি ফুৰিছে। ছাইকীৰ ওঁ‌ঠ কঁ‌পি উঠিল। প্ৰিয়জনৰ কথা মনত পেলাই তেওঁ সকলোকে আওকাণ কৰি গৈ থাকিল। এই অদ্ভুত যাত্ৰাৰ যেন শেষ নাই! 

এনেকৈ কিমান সময় পাৰ হ'ল ছাইকীয়ে নাজানে। এসময়ত নাও পাৰত লাগিল। চাৰণে ছাইকীক হাতত ধৰি পাতাল নগৰীৰ মুখ্য দুৱাৰত নমাই দি ক'লে, "উভটনি যাত্ৰাত তোমালৈ মই অপেক্ষা কৰিম।" মূৰ দুপিয়াই ছাইকী আগবাঢ়িল দুৱাৰৰ দিশে। কিন্তু কাণিমুনি পোহৰত বাট ভেটি এয়া কোন? সেয়া আছিল পাতালৰ দ্বাৰৰক্ষী তিনিমূৰীয়া কুকুৰ চাৰ্বেৰাছ, যাৰ চকুত ধূলি দি কোনো আত্মা, মানৱ অথবা দেৱতা হেডিচৰ নগৰীত প্ৰৱেশ কৰাতো অসম্ভৱ। ছাইকীয়ে টোপোলা বান্ধি নিয়া মৌ দিয়া বাৰ্লিৰ পিঠা আগবঢ়াই দিওঁ‌তেই চাৰ্বেৰাছে বাট এৰি দিলে। পাতালৰ ৰাণী তথা হেডিচৰ সহধৰ্মিণী প্ৰজাৰপিনা অলেখ পৰিচাৰিকাৰ সৈতে নিজেই আগুৱাই আহিল ছাইকীক আগুৱাই নিবলৈ। আথেবেথে বহিবলৈ দি প্ৰজাৰপিনাই ক'লে, "ছাইকী, তুমি অহাৰ বাতৰি মই দেৱী এফ্ৰোডাইটিৰ পৰা পাইছোঁ‌। তুমি ক্ষন্তেক জিৰণি লোৱা। মই চিৰসৌন্দৰ্যৰ পেৰাটো বান্ধি আনোঁ‌।" ছাইকীয়ে ক'লে "হে পাতালৰ মহান ৰাণী দেৱী প্ৰজাৰপিনা, মোৰ প্ৰিয়তম ইৰ'চক দেখা পাবলৈ মই ব্যাকুল হৈ পৰিছোঁ‌। গতিকে পলম নকৰি আপুনি যদিহে পেৰাটো মোৰ হাতত দান কৰে তেন্তে বৰ অনুগ্ৰহ হ'ব।" ছাইকীৰ কথা শুনি প্ৰজাৰপিনাই মাত্ৰ মিচিকিয়াই হাঁ‌হিলে আৰু চকুৰ পচাৰতে শূণ্যৰপৰা চিৰসৌন্দৰ্যৰ পেৰাটোৰ আৱিৰ্ভৱ ঘটাই ছাইকীৰ হাতত তুলি দিলে। ইফালে ইমান সহজতে এই কাম সমাধা হোৱা দেখি ছাইকীৰ হিয়া উলাহে নধৰা হ'ল। "এইবাৰ আমাৰ মিলনক কোনে বাধা দিব পাৰে!" প্ৰজাৰপিনাক বিদায় সম্ভাষণ জনায়েই খৰখেদাকৈ ছাইকীয়ে চাৰণৰ কাষলৈ খোজ দিলে।


যেতিয়া হেঙুলী বেলিয়ে অস্তাচললৈ গতি কৰিছিল তেতিয়া ছাইকীয়ে এফ্ৰোডাইটিৰ প্ৰাসাদলৈ খোজ লৈছিল। আৰু কেইটামান মুহূৰ্ত মাত্ৰ। ইয়াৰ পিছতেই হ'বলগা পুনৰ্মিলনৰ কথা ভাবি পুলকিত হ'ল তেওঁ। ইমান দিনৰ মূৰত ইৰ'চক লগ পাব, এনেহেন অবিন্যস্ত ৰূপ লৈয়েই যাব নে চিৰপ্ৰেমিকৰ সন্মুখলৈ? নাই নাই। ছাইকীয়ে ভাবিলে। মধুৰতম মিলনৰ বাবে এই চিৰসৌন্দৰ্যৰ পেৰাৰপৰা এধানমান নিজৰ বাবে যতনাই ৰখা যাওক। সেই ভাবিয়েই ঘাঁ‌হনিত বহি উত্ৰাৱল ছাইকীয়ে পেৰাটো খুলিলে। কিন্তু ক'ত সেই দৈৱিক সৌন্দৰ্য? সেয়া আছিল পাতালপুৰীৰ চিৰনিদ্ৰা। চিৰনিদ্ৰাৰ চিৰ সৌন্দৰ্য। হাঁ‌য়, হেঙুলী পোহৰে উজ্বলাই তোলা ছাইকীৰ সমগ্ৰ শৰীৰ সেই নিদ্ৰাই ক্ষণিকতে অলস কৰি পেলালে আৰু তেওঁ মাটিতেই মূৰ পেলাই বাগৰি পৰিল! সফলতাৰ চৰম মূহূৰ্তত অনুসন্ধিৎসা আৰু ধৈৰ্যহীনতাই ছাইকীৰ কাল হ'ল। এই মহানিদ্ৰাৰপৰা তেওঁক আজি কোনে তুলিব?

লাহে লাহে পশ্চিম আকাশৰ ৰক্তিম আভা ম্লান পৰিল। চিৰনিদ্ৰাৰ আৱেশত ঘাঁ‌হনিত বাগৰি থকা ছাইকীৰ কাষত তেতিয়া কোনো নাই। কিন্তু প্ৰেম আৰু কামনাৰ সৌৰভ বিলাই সোণোৱালী ডেউকা মেলি গোটেই জগততে ভ্ৰমি ফুৰা ইৰ'চে এই বাতৰি নোপোৱাকৈ কেনেকৈ থাকিব! গঙাচিলনীৰ জাক এটাৰ মুখত ছাইকীৰ দুৰৱস্থাৰ কথা শুনিয়েই মাতৃৰ আদেশ অমান্য কৰি প্ৰাসাদৰ খিৰিকিৰে নিমিষতে ইৰ'চ উৰা মাৰি ছাইকীৰ নিচেই কাষ পালেগৈ। আয়ৈ দেহি! এনেনো মায়ালগা এইখনি মুখ! এনেহেন সুকোমল শৰীৰটো অতদিনৰ ক্লান্তি আৰু বিৰহ বেদনাত তেনেই মোলান পৰিছে। ছাইকীৰ দুৰ্দশাৰ কাৰণে ইৰ'চে নিজকে ধিক্কাৰ দিলে। তেওঁ লাহেকৈ ছাইকীৰ মূৰটো কোলাত তুলি ল'লে আৰু নিজৰেই পুষ্পবাণ এডালেৰে প্ৰজাৰপিনাই দিয়া চিৰনিদ্ৰাৰ প্ৰতিটো কণিকা ছাইকীৰ শৰীৰৰ পৰা এৰুৱাই আনি পেৰাটোত ভৰালে। ইয়াৰ পিছতেই তেওঁ লালকাল ছাইকীক তুলি লৈ আকাশী পথেৰে ক্ষণিকতে এফ্ৰোডাইটিৰ প্ৰাসাদ পালেহি। ফেঁ‌হু কোমল শয্যাত ছাইকীক এৰি ইৰ'চ পোনছাটেই দেৱৰাজ জ্যুচৰ কাষ পালেগৈ আৰু আঁ‌ঠু লৈ কাকূতি কৰিলে-

: হে অলিম্পাচৰ মহান অধিপতি, হে জগতৰ পিতা জ্যুচ, মোৰ আবেদন মঞ্জুৰ কৰক। প্ৰেমৰ অধিষ্ঠান আপুনি যিজনক দিলে তেৱেঁ‌ই আজি নিজৰ প্ৰেমৰ অধিকাৰ বিচাৰি আপোনাৰ সন্মুখত আঁ‌ঠু লৈছে। মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰি অনুগ্ৰহ কৰক পিতা।

গম্ভীৰ কণ্ঠৰে জ্যুচে ক'লে,

: হে ইৰ'চ, এগৰাকী সাধাৰণ মৰণশীল মানৱ কন্যৰ প্ৰতি তুমি যিদৰে অনুৰক্ত হৈ গোপনে তাইক জীৱনসংগীনি কৰাৰ বাসনাক ঠাই দিলা সেয়া তোমাৰ কৈশোৰসূলভ চপলতা। এই সকলোবোৰ বাতৰি দেৱতা হাৰ্মিচৰ পৰা মই ইতিমধ্যে লাভ কৰিছোঁ‌। তুমি স্বভাৱতে চঞ্চল আৰু তোমাৰ সেই ধনুৰ্বাণেৰে তুমি আমাৰ সকলোকে সদায়েই জ্বলাকলা দেখুৱাই আহিছা।

: হে আকাশৰ সৰ্বশক্তিমান পিতা, প্ৰেম আৰু কামভাৱতেই সমস্ত জীৱৰ সৃষ্টি সম্ভৱ হৈছে আৰু তাক নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ আপুনিয়েই মোক দিছে। মই নিজৰ দায়িত্ব পালন কৰোঁতে যদিহে কিবা দোষ কৰিছোঁ‌ মই কৰযোৰে ক্ষমা খুজি সকলো শাস্তি শিৰত পাতি ল'ম পিতা। কিন্তু আপুনি আমাৰ দুয়োৰে ওপৰত দয়া বৰ্ষণ কৰি আমাক বিবাহৰ যোগেৰে বান্ধ খোৱাৰ অনুমতি দিয়ক পিতা। মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰক।

ইৰ'চৰ অনুনয় শুনি দেৱৰাজ জ্যুচৰ অন্তৰ কুমলিল। অৱশেষত তেওঁ ক'লে,

: উঠা ইৰ'চ। স্বয়ং প্ৰেমৰ অধিষ্ঠাতা হৈয়ো ছাইকীৰ প্ৰতি তোমাৰ অকৃত্ৰিম ভালপোৱাত মই সুখী হৈছোঁ‌। তুমি যদি মোক কথা দিয়া যে মোৰ বিনা অনুমতিত তোমাৰ সেই কামনাৰ বাণেৰে মোক আগলৈ আমনি নকৰা তেন্তে ছাইকীক মই দেৱীৰ শাৰীলৈ লৈ যাম।

অভিভূত ইৰ'চৰ দুচকুত চকুলো।

: হে মহান পিতা, আপোনাৰ ইচ্ছা আৰু আদেশ শিৰোধাৰ্য।

শেষত সকলো বাধা অতিক্ৰমি ভালপোৱাৰেই জয় হ'ল। এই বাতৰি নিমিষতে সকলোতে বিয়পি পৰিল।জ্যুচৰ আদেশত অলিম্পাচত এক বিশাল বিবাহোৎসৱৰ আয়োজন চলিল। আৰু এফ্ৰোডাইটি? হাজাৰ হ'লেও তেওঁ মাতৃ। পুত্ৰৰ সুখ দেখি পূৰ্বৰ সকলো অভিমান, ক্ৰোধ আৰু অসূয়া পাহৰিবলৈ তেওঁক বেছিপৰ নালাগিল। অসীম মমতাৰে ছাইকীক আঁ‌কোৱালি লৈ নিজহাতে এফ্ৰোডাইটিয়ে তেওঁক দেৱতাৰ অমৃত সুধা পান কৰোৱালে। ইৰ'চ আৰু ছাইকীৰ এই প্ৰেমৰ গাঁ‌থাও যুগ-যুগান্তৰলৈ তিনিও লোকতে অমৰ হৈ ৰ'ল।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।            হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে                    মৌ-সৰা দি জহি

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)