এইখিনিতে এদিন আমি
বহি আছিলোঁ একেলগে
নদীখনৰ আঙুলি মূৰত।
হাঁহিমুখে পি খাইছিলোঁ
ঢলি পৰা সূৰুযৰ ৰং
আৰু মুখৰিত মৌনতা।
নিয়ৰে জুমুৰি দি ধৰা
ঘাঁহনি এডৰাৰ গোন্ধত
এতিয়াও তোমাৰ ওঁঠৰ ছবি।
পৰ্ণপাতী অৰণ্যৰ আঁচলৰ দৰে
সৰোঁ-নসৰোঁকৈ খহি পৰা
নিটাল নিৰ্বাক প্ৰাচীন সময়।
Comments
Post a Comment