গোটেই বাগিচাখন শুকাই আছে
শীতে লঠঙা কৰি যোৱা গছবোৰ থিয় হৈ আছে
প্ৰাচীন কীৰ্তিচিহ্ন একোটাৰ দৰে
নাই, এইফালে বৰষুণৰ নাম-গোন্ধ নাই
বনে-পাতে মাথো ফাগুনে এৰি যোৱা ধূলিৰ চামনি
আকাশত শৰালীৰ কোৰ্হাল এটা নাই
নাই, এইফালে বৰষুণৰ চিন-চাব নাই
চ'তৰ কুলিৰ মাত এটা বহু দূৰৈত বাজে
এই ঠাইলৈ বসন্তৰ কানসাৰেই নাই
নাই, এইফালে কলীয়া ডাৱৰৰ ছাঁটোও নাই
Comments
Post a Comment