
হাবিডৰাৰে ঢপলিয়াই অহা
ধুমুহাৰ জুৰ-জুৰ শব্দই
ৰাতি মোৰ টোপনি ভাঙিলে
উঠি গৈ দেখো বেলকনিত,
বৰষুণৰ চেতাৰ বাজিছে
সৰাপাতৰ সিয়নিত ধূলিবোৰ
জহি-খহি শেষ হয়
ৰি-ৰিকৈ বাজি থকা শব্দবোৰ
এটি এটিকৈ বুটলি লওঁ
নিজৰ উপস্থিতিৰ আনন্দত
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment