Skip to main content

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই              
এই কবিৰ আৰু একো নাই
এটাই মাথোঁ কামিজ         
তাৰো ছিগো ছিগো চিলাই
প্রেম নিশ্চয় এনেকুৱাই    
   আৱৰণ খুলি হৃদয় জুৰাই। 
                                             (ভোগালি)

          হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। 

          হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে-----

"মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ
ভঁৰালঘৰৰ চোতালখনতে                   
মৌ-সৰা দি জহি শুকাই সৰিম।            
পানী পালে, মাটি পালে, ৰ'দে বৰষুণে     
ভুৰ্‌ভুৰ্‌কৈ আকৌ গজি উঠিম...।"        
                                (শস্যমালাৰ ভ্রমণ)

          যাদু জানে তেওঁ; শব্দৰ যাদু, ছন্দৰ যাদু। শব্দেৰে শাওণৰ ভৰুণ পথাৰৰ অবিকল ছবি আঁকে হীৰুদাই। সঁজালধৰা পথাৰৰ বিবিধ সেউজীয়াত একাকাৰ হৈ যায় সতেজ শব্দবোৰ। সমাহিত ৰমন্যাসবাদেৰে আৰম্ভণি ঘটে কবিতাৰ----

তোৰ ভূঁই ৰোৱা হাতৰ মুঠিত উচপিচাই আছে মোৰ ধানৰ কঠীয়া                            
ধানবোৰ যেতিয়া লহ্‌পহকৈ বাঢ়ি উঠিব তোৰ সেমেকা হাতেৰে নিৰাই ল'বি ধাননিডৰা
                                                                                          (ভূঁইতলৰ গীতপদ)
ঠন ধৰা ধাননিডৰালৈ চাই ৰ-লাগি আছে সৰুদৈ                                                      
মুখৰ মিচিকিটো তাই বৰ ধুনীয়াকৈ ৰিহাৰ আগেৰে ঢাকি থ'ব পাৰে                           
                                                        (পথৰুৱা গোন্ধ)
আৰু-----
শাওণৰ ডাৱৰ একেলুটিয়ে আহি পথাৰ পালেহি।             
মোৰ বুকুত শুই থকা কঠীয়াডৰা ঠাইতে ঠন ধৰি উঠিল
                                             (সেউজীয়া কঠিয়াডৰা)

          বতৰে খেতিয়কক সদায়ে সুখৰ বতৰা নিদিয়ে। কেতিয়াবা শুকান খৰাঙে জ্বলায়, কেতিয়াবা বানত উটে লহ্‌পহ্‌ কঠীয়া। খেতিয়কলৈ কবিৰ গভীৰ সমব্যাথা। শব্দেৰে তেওঁ উদ্বুদ্ধ কৰিব খোজে ভাঙি পৰা প্রতিজন কৃষকক প্রকৃতিৰ কঠোৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ। উত্‍সাহ দিব খোজে মাটিৰ সন্তানক-----

তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ'দৰ
তপত পথাৰ
. . . . . . . . . . . . . . .
পানী আনা, ভাঙা নদী নলা-খাল বিল।
. . . . . . . . . . . . . . .
চহাই পেলোৱা মানুহ মাটি-তেজ-ঘামৰ পথাৰখন
(মানুহ-মাটি-তেজ-ঘামৰ পথাৰ)

নৈ বিলৰ পানী গৈ তেনেই তলি পালেগৈ মাছ পুঠি বোকাৰ তল
চাৰিওফালে দুখৰ গুমগুমনি...                                           
(বৰষুণ নাই)
আকৌ-----
ধান হওক। বাঢ়নী পানীৰ লগত ফেৰ মাৰি ধান বাঢ়ক।       
                                         (ধান হওক)

  নাই যি নাই উৰাল ঢেঁকীৰ চাব এটাকে নুশুনি, কেউফালে পানী,
           ক'ৰবাত অকনমান শুকনিমুৱা, ক'ৰবাত ডোঙা বান্ধি আছে একঁকাল
                                                        (পানীয়ে মৰা মন-মাটি)

          শাওণমহীয়া মেঘালী আকাশে জোকাই থকা পথাৰৰ ৰূপৰ বর্ণনাত হীৰুদা সিদ্ধহস্ত। তেওঁৰ কবিতাৰ একোটি শাৰীয়ে দুচকুত আঁৰি দিয়ে বর্ষাসিক্ত ধৰাৰ একোখন ফট্‌ফটীয়া ছবি। বৰষুণ বুলি ক'লেই বৰষুণ এজাকে তিয়াই যায়, ডাৱৰচপৰা বুলিলেই কপহুৱা ডাৱৰে চুই যায় পঢ়োঁতাজনক। শুকান ফাগুনতো দি যাব পাৰে সজল শাওণৰ সিক্ত অনুভূতি।

গোমাই থকা আকাশখনে হঠাত্‍ বৰকৈ বিজুলীয়াইছে 
কপাহগুটীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
                                             (এটা গানৰ ক'লি)

 একোজাক বৰষুণৰ মাজেৰে ৰিব্‌ৰিব্‌কৈ বতাহ ব'লিছে।
বতাহত সেউজীয়া কঠিয়াডৰা হালিছে জালিছে---      
 মই এই কেইশাৰী কবিতাকে লৈ গোটেই দিনটো কটালো
                                                   (সেউজীয়া কঠিয়াডৰা)

           বাছকবনীয়া, প্রাণময় আৰু সতেজ শব্দেৰে হীৰুদাই মানুহ আৰু প্রকৃতিৰ কথা কয়। আটকধুনীয়াকৈ চিত্রকল্পৰ কাচোনেৰে কাচে তেওঁৰ কবিতাই। শব্দৰ মাজেৰে মূর্ত্তমান হৈ উঠে আকাশ, পথাৰ, হাবি-বন, মেঘ, বাৰিষা। প্রাণ পাই উঠে মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা, ভালপোৱা।

তোৰ ম'হৰজীয়া ৰোৱণী হাতৰ টিপতে সেমেকে
মোৰ পৰালি পৰা এমুঠি ধান
উচ্‌পিচ্‌ ভৰিৰ সৰু গাঁঠিলৈকে তোৰ
তলসুঁতিয়া মাটিৰ ভুৰ্‌ভুৰীয়া বোকা
                                (ধানৰ ছকাছন্দা সুৰৰ ৰৈ ৰমলী)

          তেওঁৰ কবিতাবোৰে কথা কয়। শব্দবোৰে, অভিনৱ বাক্যৰ গাঁথনিয়ে পঢ়ুৱৈক সোঁৱৰাই থাকে আঁৰৰ কবিগৰাকীৰ কথা। এই কাৰণেই তেওঁ হীৰুদা। 'সুগন্ধি পখিলা'ৰ স্রষ্টা প্রতিজন অসমীয়া সাহিত্যানুৰাগীৰ অতিকে আপোন হীৰুদা।

তামস আকাশখনৰ স্তব্ধতা ভাঙে কোমল কঁহুৱা ফুলে।
কবিতাৰো বতৰ আছে                                           
আহিনৰ আকাশে কাণে কাণে ক'লে                          
(আহিনৰ লেণ্ডস্কেপ)

Comments

জনপ্ৰিয় লেখাসমূহ

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)