স্বা ধীন অসম বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় এই কথাটোত দ্বিমত থাকিলেও এসময়ত বহুসংখ্যক লোকে ভাৰতৰ পৰা স্বাধীনতা লাভৰ আকুল ধাৰণা এটাক সংগোপনে পোহপাল দিছিল। ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰত জন্মলাভ কৰা সংযুক্ত মুক্তি বাহিনী বা চমুকৈ আলফাৰ প্ৰতি ৰাইজৰ সমৰ্থন আছিল মুক্ত, স্বতঃস্ফুৰ্ত। সৃষ্টি হৈছিল অসমৰ এক নতুন ইতিহাসৰ। বুজা-নুবুজা বয়সত সেই অস্থিৰ সময়ছোৱাৰ আমিও সাক্ষী আছিলো। প্ৰেমাস্পদৰ সৈতে হাঁহি-পাতি মছগুল হোৱাৰ বয়সত ল'ৰাবোৰে বুকুত জুই একুৰা লৈ হাবিলৈ ওলাই গৈছিল। ইয়াৰ পিছত ৰাতিয়ে-দিনে ৰজাৰ চিপাহীয়ে পিয়াপি দি ফুৰিছিল গাঁৱবোৰত। ঘেৰাও কৰি লোৱা গাঁওখন মূক হৈ পৰিছিল। কৰ্মসূত্ৰে দেউতা ঘৰত নাথাকিছিল প্ৰায়ে। এনে এটা দিনতে বনকৰা দাদাজনে এখন মোটোহা হাতৰ পূৰ্ণহতীয়া চৰ খাই কান্দিছিল। তথাপিও হিন্দী ভালদৰে ক'ব নজনা মোৰ মায়ে বাৰাণ্ডাত থিয় দি উত্তৰ দিছিল "মুঝে মালুম নহী।" আইতাই খামুচি ধৰিছিল মোৰ হাত। খবৰ কাগজ আৰু আলোচনীৰ ছবি চাই ধৰ্ষণ কি সেয়া কাৰোবাক সুধিবলৈ মোৰ ভয় লাগিছিল। কি নাম? ভনীমাই দত্ত। এনেকৈয়ে বহুদিন পাৰ ...
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।