Skip to main content

প্ৰাচীন মহাসিন্ধুৰ পাৰত

            য়া একো একোটা জীৱন্ত সাধুকথা। আজিৰ পৰা ৫-৬ হাজাৰ বছৰ আগৰ কাহিনী। আমাৰ উপৰি পুৰুষৰ
হৰপ্পাৰ পাশুপতি ছীল
কাহিনী। সেইসকল উপৰি পুৰুষ যি সুখ-দুখ, দুৰ্যোগ-আনন্দৰ মাজেৰে জীৱনক উদযাপন কৰিব জানিছিল। তেওঁলোকে নৃত্য কৰিছিল, হেঙুল-হাইতাল ছবি আঁ‌কিছিল, কপালৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰিছিল, যুঁজ-বাগৰত ভাগৰি পৰিছিল আৰু সেউজীয়া এডৰা শস্যমালাৰ সপোন দেখিছিল। নদীৰ বুকুৱেদি দিগন্ত বিচাৰি মেলি দিছিল বণিকৰ নাওঁ‌। কপাহী কাপোৰত নিজৰ পছন্দৰ ৰঙেৰে বোলাব জানিছিল তেওঁলোকে। মৌন ওঁ‌ঠ আৰু হাতৰ মৈলামেৰে তামবৰণীয়া কথাবোৰ লিখি ৰাখিছিল ভৱিষ্যৎ প্ৰজন্মৰ বাবে। পিতামহ-প্ৰপিতামহৰ স্মৃতিক মৃন্ময়  পাত্ৰত সাৱটি কঢ়িয়াই ফুৰিছিল দিনৰ পিছত দিন। বৃষ্টিহীনতাৰ শৈল-কঠোৰ আঙুলিকো তেওঁ‌লোকে চুমা দি সাজিছিল শীতল পানীৰ ঘৰ। হয়। এই সকলোবোৰ সঁ‌চা আছিল। প্ৰস্তৰৰ কাল অতিক্ৰমি সিন্ধু নদীৰ পাৰত পৃথিৱীৰ এক প্ৰাচীনতম সভ্যতাক হাজাৰ বছৰ ধৰি গঢ় দিছিল তেওঁ‌লোকে। এই গৌৰৱময়, প্ৰাচুৰ্যৰে ভৰা, সমৃদ্ধ সভ্যতা। কিন্তু সেয়া স্থায়ী নাছিল। কোনোৱেই কেতিয়াও স্থায়ী নাছিল। তথাপিও ইতিহাসত তেওঁ‌লোকৰ নিৰ্ভীক পদচিহ্নই আমাক বিস্মিত কৰে। এতিয়াও!! পুৰাতাত্বিক খননকাৰ্যত উদ্ধাৰ হোৱা সিন্ধু সভ্যতাৰ অৱশেষসমূহৰ বিষয়ে পঢ়িলে ভাব হয় যেন সেই প্ৰাচীন মহাসিন্ধুৰ পাৰতে থিয় দি আছোঁ‌। সন্মুখত স্থিতপ্ৰজ্ঞ মহেঞ্জোদাৰো।

(আলোকচিত্ৰৰ উৎস: https://commons.wikimedia.org/wiki/File:Yogi._Mold_of_Seal,_Indus_valley_civilization.jpg)

Comments

জনপ্ৰিয় লেখাসমূহ

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া গোন্ধ এক

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়।            হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে                    মৌ-সৰা দি জহি

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে)