স্বাধীন অসম বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় এই কথাটোত দ্বিমত থাকিলেও এসময়ত বহুসংখ্যক লোকে ভাৰতৰ পৰা স্বাধীনতা লাভৰ আকুল ধাৰণা এটাক সংগোপনে পোহপাল দিছিল। ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰত জন্মলাভ কৰা সংযুক্ত মুক্তি বাহিনী বা চমুকৈ আলফাৰ প্ৰতি ৰাইজৰ সমৰ্থন আছিল মুক্ত, স্বতঃস্ফুৰ্ত। সৃষ্টি হৈছিল অসমৰ এক নতুন ইতিহাসৰ। বুজা-নুবুজা বয়সত সেই অস্থিৰ সময়ছোৱাৰ আমিও সাক্ষী আছিলো। প্ৰেমাস্পদৰ সৈতে হাঁহি-পাতি মছগুল হোৱাৰ বয়সত ল'ৰাবোৰে বুকুত জুই একুৰা লৈ হাবিলৈ ওলাই গৈছিল। ইয়াৰ পিছত ৰাতিয়ে-দিনে ৰজাৰ চিপাহীয়ে পিয়াপি দি ফুৰিছিল গাঁৱবোৰত। ঘেৰাও কৰি লোৱা গাঁওখন মূক হৈ পৰিছিল। কৰ্মসূত্ৰে দেউতা ঘৰত নাথাকিছিল প্ৰায়ে। এনে এটা দিনতে বনকৰা দাদাজনে এখন মোটোহা হাতৰ পূৰ্ণহতীয়া চৰ খাই কান্দিছিল। তথাপিও হিন্দী ভালদৰে ক'ব নজনা মোৰ মায়ে বাৰাণ্ডাত থিয় দি উত্তৰ দিছিল "মুঝে মালুম নহী।" আইতাই খামুচি ধৰিছিল মোৰ হাত। খবৰ কাগজ আৰু আলোচনীৰ ছবি চাই ধৰ্ষণ কি সেয়া কাৰোবাক সুধিবলৈ মোৰ ভয় লাগিছিল। কি নাম? ভনীমাই দত্ত। এনেকৈয়ে বহুদিন পাৰ হৈ গৈছিল। স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত আমি বাটলৈ ওলাবলৈ পাহৰিছিলোঁ। বতাহত ধোঁৱা আৰু বাৰুদৰ গোন্ধ পাইছিলোঁ। ইয়াৰ বহুদিনৰ পিছতো কথাবোৰ প্ৰায় একেদৰেই আছিল। গুলীৰে থকা-সৰকা হৈ কাষৰ গাঁৱৰ দমকলৰ মিস্ত্ৰীজনে হাত এখন হেৰুৱাইছিল। মৌচাক আলোচনীৰ এটা সংখ্যা কণমানি মৌগুটি এজাকৰ নামত উচৰ্গা কৰা হৈছিল। কি আছিল বেটুপাতত? ফুলৰ পাপৰিৰে ঢাকিব খোজা অবোধ শিশুৰ কণ কণ হাতৰ আঙুলি। ধেমাজি! সৰল মানুহজাক ভয় আৰু খঙত কঁপিছিল। এনেকৈ বহু বছৰ বাগৰি গ'ল। অসম আজিও ভাৰতৰ অভিন্ন অংগ হৈয়েই থাকিল। কিন্তু শাসক আৰু বিপ্লৱীৰ এই যুঁজখনত কিমান নিৰপৰাধ লোকে অমানুষিক অত্যাচাৰ সহিলে, কিমান লোকে প্ৰাণ হেৰুৱালে তাৰ খতিয়ান সাহসেৰে ল'বলৈ আমি হয়তো আজি অপাৰগ।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment