স্বাধীন অসম বৰ্তমান সময়ত প্ৰাসংগিক হয় নে নহয় এই কথাটোত দ্বিমত থাকিলেও এসময়ত বহুসংখ্যক লোকে ভাৰতৰ পৰা স্বাধীনতা লাভৰ আকুল ধাৰণা এটাক সংগোপনে পোহপাল দিছিল। ১৯৭৯ চনৰ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰত জন্মলাভ কৰা সংযুক্ত মুক্তি বাহিনী বা চমুকৈ আলফাৰ প্ৰতি ৰাইজৰ সমৰ্থন আছিল মুক্ত, স্বতঃস্ফুৰ্ত। সৃষ্টি হৈছিল অসমৰ এক নতুন ইতিহাসৰ। বুজা-নুবুজা বয়সত সেই অস্থিৰ সময়ছোৱাৰ আমিও সাক্ষী আছিলো। প্ৰেমাস্পদৰ সৈতে হাঁহি-পাতি মছগুল হোৱাৰ বয়সত ল'ৰাবোৰে বুকুত জুই একুৰা লৈ হাবিলৈ ওলাই গৈছিল। ইয়াৰ পিছত ৰাতিয়ে-দিনে ৰজাৰ চিপাহীয়ে পিয়াপি দি ফুৰিছিল গাঁৱবোৰত। ঘেৰাও কৰি লোৱা গাঁওখন মূক হৈ পৰিছিল। কৰ্মসূত্ৰে দেউতা ঘৰত নাথাকিছিল প্ৰায়ে। এনে এটা দিনতে বনকৰা দাদাজনে এখন মোটোহা হাতৰ পূৰ্ণহতীয়া চৰ খাই কান্দিছিল। তথাপিও হিন্দী ভালদৰে ক'ব নজনা মোৰ মায়ে বাৰাণ্ডাত থিয় দি উত্তৰ দিছিল "মুঝে মালুম নহী।" আইতাই খামুচি ধৰিছিল মোৰ হাত। খবৰ কাগজ আৰু আলোচনীৰ ছবি চাই ধৰ্ষণ কি সেয়া কাৰোবাক সুধিবলৈ মোৰ ভয় লাগিছিল। কি নাম? ভনীমাই দত্ত। এনেকৈয়ে বহুদিন পাৰ হৈ গৈছিল। স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত আমি বাটলৈ ওলাবলৈ পাহৰিছিলোঁ। বতাহত ধোঁৱা আৰু বাৰুদৰ গোন্ধ পাইছিলোঁ। ইয়াৰ বহুদিনৰ পিছতো কথাবোৰ প্ৰায় একেদৰেই আছিল। গুলীৰে থকা-সৰকা হৈ কাষৰ গাঁৱৰ দমকলৰ মিস্ত্ৰীজনে হাত এখন হেৰুৱাইছিল। মৌচাক আলোচনীৰ এটা সংখ্যা কণমানি মৌগুটি এজাকৰ নামত উচৰ্গা কৰা হৈছিল। কি আছিল বেটুপাতত? ফুলৰ পাপৰিৰে ঢাকিব খোজা অবোধ শিশুৰ কণ কণ হাতৰ আঙুলি। ধেমাজি! সৰল মানুহজাক ভয় আৰু খঙত কঁপিছিল। এনেকৈ বহু বছৰ বাগৰি গ'ল। অসম আজিও ভাৰতৰ অভিন্ন অংগ হৈয়েই থাকিল। কিন্তু শাসক আৰু বিপ্লৱীৰ এই যুঁজখনত কিমান নিৰপৰাধ লোকে অমানুষিক অত্যাচাৰ সহিলে, কিমান লোকে প্ৰাণ হেৰুৱালে তাৰ খতিয়ান সাহসেৰে ল'বলৈ আমি হয়তো আজি অপাৰগ।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। 'শইচৰ পথাৰ মানুহ' কবিতা সংকলনৰ বাবে ১৯৯২ চনত হীৰুদাক সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হয়। হীৰেণ ভট্টাচার্যৰ কবিতাৰ এক বুজন সংখ্যক কবিতাৰ বিষয়বস্তু সদা পৰিৱর্ত্তনময়ী প্রকৃতি। ইয়াৰে বহুখিনি শইচৰ পথাৰ, খেতিয়ক আৰু কৃষিকার্যক লৈ ৰচিত। তেওঁৰ কবিতাত কথা কয় শস্যৰ বীজে----- "মোক টানকৈ ৰ'দাই টোমত ভৰাই থোৱাঁ ভঁৰালঘৰৰ চোতালখনতে মৌ-সৰা দি জহি
Comments
Post a Comment