প্ৰাচীন গ্ৰীচৰ আখ্যান। আদিতে পৃথিৱীত বাৰমাহে প্ৰাচুৰ্যৰ ঋতুৱেই বিৰাজ কৰিছিল। শীতাৰ্ত হৈ বিৰিখৰ পাতবোৰ খহি অৰণ্যখন লঠঙা হৈ পৰা নাছিল। সেউজীয়া ঘাঁহনিডৰা তুষাৰে আৱৰি নিদ্ৰামগ্ন কৰা নাছিল। নিয়মিত বৰষুণৰ টোপালে চৌপাশ জীপাল আৰু উৰ্বৰা কৰি ৰাখিছিল। নদীসমূহত অবিৰাম গতিৰে শীতল পানীৰ ফল্গুধাৰা প্ৰবাহিত হৈছিল। শস্য আৰু কৃষিকাৰ্যৰ লগতে ভূমিৰ উৰ্বৰতাৰ অধিষ্ঠাত্ৰী দেৱী ডিমিটাৰৰ কৃপাত সমগ্ৰ পৃথিৱীত চিৰবসন্তই অৱস্থান কৰিছিল।
ডিমিটাৰৰ মৰমৰ জীয়ৰীৰ নাম আছিল পাৰ্চিফোনি। তেওঁ প্ৰায়েই মাতৃৰ সৈতে অলিম্পাচ পৰ্বতৰ পৰা ধৰাৰ বুকুলৈ শস্যমালাৰ বৃদ্ধিৰ খতিয়ান ল'বলৈ আহিছিল। পাৰ্চিফোনিৰ খোজত বিবিধ ফুলে মূৰ ডাঙি উঠিছিল। তেওঁৰ মাত শুনি পক্ষীয়ে সুৰীয়া কণ্ঠৰে গীত জুৰিছিল। এইদৰেই এবাৰ তেওঁ লহপহকৈ বাঢ়ি অহা শস্য এডৰাৰ মাজেৰে উৎফুল্লিত হৈ ঘূৰি ফুৰিছিল। ইফালে সেই সময়তে উদ্গিৰণ হ'বলৈ ধৰা এক আগ্নেয়গিৰিক নিৰীক্ষণ কৰিবলৈ পাতালপুৰীৰ অধিপতি হেডিচো আহিছিল পৃথিৱীলৈ। বিধিৰ কি বিপাক! আগ্নেয়গিৰিৰ সলনি হেডিচৰ চকু পৰিল পাৰ্চিফোনিৰ ওপৰত। তেওঁ মুগ্ধ হৈ পাৰ্চিফোনিৰ ফালে ৰ লাগি চাই ৰ'ল। কি এই দৈৱিক সৌন্দৰ্য! কি নিৰ্মল, সদা হাস্যমুখী, আনন্দময়ী এই কোমলাংগী নাৰী! এই গোটেই ঘটনাটো প্ৰেমৰ দেৱতা ইৰ'ছৰ চকুৰ পৰা সাৰি যোৱা নাছিল। স্বভাৱজাত দুষ্টালিৰে তেওঁ হেডিচৰ বুকুলৈ লক্ষ্য কৰি নিজৰ পুষ্পবাণ নিক্ষেপ কৰিলে। অধীৰ হৈ পৰিল পাতাললোকৰ অধিপতি। এই অতীৱ সৌন্দৰ্যময়ী নাৰী পাতালপুৰীৰ ৰাণী হোৱাৰহে যোগ্য। তৎক্ষণাত তেওঁ নিজৰ ৰথখন আহ্বান কৰিলে আৰু ধৰাৰ বুকু বিদীৰ্ণ কৰি ক্ষণিকতে স্বৰ্ণখচিত সেই ৰথৰ আৱিৰ্ভাৱ হ'ল। হেডিচে আগ-পাচ নুগুনি হতভম্ব পাৰ্চিফোনিক সহায়ৰ বাবে কাকো মাতিবলৈয়ো সুযোগ নিদিয়াকৈ বলপূৰ্বক হাতত ধৰি ৰথত তুলি তৎক্ষণাৎ পাতালপুৰীত প্ৰৱেশ কৰিলে।
🍁🍁🍁🍁🍁
ইফালে ডিমিটাৰে নিজৰ চেনেহৰ জীয়ৰীক নেদেখি ব্যাকুল হ'ল। তেওঁ পাৰ্চিফোনিক চিঞৰি চিঞৰি মাতিলে, গোটেইখন বিচাৰি চলাথ কৰিলে কিন্তু তেওঁৰ একো শুংসূত্ৰকে নাপালে। নদীৰ পাৰত বিলাপ কৰি বহি থাকোঁতেই এগৰাকী বনকুঁৱৰীয়ে আহি ডিমিটাৰক কাণে কাণে ক'লে পাতালৰ অধিপতি, দেৱৰাজ জ্যুচৰ ভ্ৰাতৃ হেডিচৰ দ্বাৰা পাৰ্চিফোনিৰ হৰণৰ কথা। এই কথা শুনি ডিমিটাৰ খং আৰু দুখত ম্ৰিয়মাণ হ'ল। শস্য আৰু উৰ্বৰতাৰ দেৱীৰ এনে মানসিক অৱস্থাৰ লগে লগে পৃথিৱীৰ বাতাৱৰণলৈ দুৰ্য্যোগ নামি আহিল। চৌপাশে খৰাং পৰিস্থিতিয়ে দেখা দিলে। বৰষুণ নোহোৱা হ'ল। শস্য আৰু ফুলসমূহ মৰহি গ'ল। গছৰ পাতে হালধীয়া বৰণ ল'লে। ঘাঁহনিবোৰ ডেই-পুৰি গ'ল। এই পৰিস্থিতিত দেৱ-দেৱীসকলে ভয় খাই ডিমিটাৰক শান্ত হ'বলৈ কাকূতি কৰিলে। কিন্তু প্ৰিয়তমা কন্যাৰ এনে অনাকাংক্ষিত বিয়োগত ডিমিটাৰ শান্তই বা কেনেকৈ হ'ব!
হেডিচৰ সৈতে জ্যুচৰ সম্পৰ্ক বৰ মধুৰ নাছিল। তাৰোপৰি হেডিচ আছিল পাতালৰ স্বতন্ত্ৰ অধিপতি। সেই ঠাইত আনহে নালাগে জ্যুচৰো কোনো প্ৰভুত্ব নৰজিছিল। সেয়ে প্ৰথমাৱস্থাত দেৱৰাজ জ্যুচে বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰে যদিও প্ৰকৃতিৰ এই অৱস্থা দেখি উপায়হীন হৈ তেৱোঁ আহিল ডিমিটাৰক বুজনি দিবলৈ। কিন্তু তেওঁ নাচোৰবান্দা। ডিমিটাৰে ভাবুকি দিলে যে যদিহে পাৰ্চিফোনি তেওঁৰ কাষলৈ ঘূৰি নাহে তেন্তে তেওঁ চিৰদিনৰ বাবে পৃথিৱীলৈ খৰাং নমাই আনিব। সকলো শস্য-বন জহি-খহি যাব, মাটিত ফাট মেলিব, সমগ্ৰ পৃথিৱীক চিৰকাললৈ শুষ্কতাই আৱৰি ধৰিব। এই কথাত ভয় খাই জ্যুচে অনিচ্ছাস্বত্বেও মধ্যস্থতা কৰিবলৈ সাজু হ'ল। তেওঁ দেৱদূত হাৰ্মিচক হেডিচৰ কাষৰ পৰা পাৰ্চিফোনিক আনিবলৈ পাচিলে।
পাখিলগা সোণালী পাদুকাযোৰৰ সহায়ত হাৰ্মিচ ক্ষণিকতে গৈ হেডিচৰ কাষ পালেগৈ। হাৰ্মিচৰ সৈতে হেডিচৰ এক সু-সম্পৰ্ক আছিল কিয়নো মৃত্যুৰ পিছত আত্মাসমূহক হেডিচৰ নগৰী অৰ্থাৎ পাতালপুৰীলৈ বাট দেখুৱাই অনাৰ দায়িত্ব আছিল হাৰ্মিচৰ। তেওঁ দেখা পালে যে ইতিমধ্যে হেডিচে নিজৰ ভালপোৱাৰে পাৰ্চিফোনিৰ মন জয় কৰিছে আৰু তেওঁ হেডিচক নিজৰ সংগী হিচাপে মানি লৈছে। হাৰ্মিচৰ মুখেৰে ডিমিটাৰৰ কথা শুনি পাৰ্চিফোনি শোকত ম্ৰিয়মাণ হ'ল আৰু তেওঁক এবাৰ মাতৃক সাক্ষাৎ কৰিবলৈ দিবলৈ হেডিচক খাটনি ধৰিলে। হেডিচে পাৰ্চিফোনিক এটা তেজৰঙা ডালিম খাবলৈ বুলি দি হাৰ্মিচৰ সৈতে একেলগে যাবলৈ ওলাল।
যেতিয়া তিনিও গৈ পৃথিৱীৰ উপৰিভাগ পালেগৈ তেতিয়া ডিমিটাৰ আৰু জ্যুচকে ধৰি কেইবাগৰাকী দেৱ-দেৱীয়ে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল। মাতৃ-কন্যাই আনন্দত আত্মহাৰা হৈ আলিংগণ কৰিলে। কিন্তু ই কি! পাৰ্চিফোনিৰ হাতত আধা খোৱা ডালিমটো দেখি ডিমিটাৰ চক খাই উঠিল। এয়াতো পাতালপুৰীৰ ডালিমৰ বীজ। যি এবাৰ এয়া মুখত দিয়ে তেওঁৰ সৈতে পাতালপুৰীৰ এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠে। হেডিচৰ চতুৰালিৰ কথা উপলব্ধি কৰি ডিমিটাৰে মূৰে-কপালে হাত দিলে আৰু ডালিমটো মুখত দিয়াৰ বাবে পাৰ্চিফোনিকে গৰিহণা দিবলৈ ধৰিলে। বহু বাক-বিতণ্ডাৰ অন্তত সকলো এই সিদ্ধান্তত উপনীত হ'ল যে বছৰটোৰ আধাখিনি সময় পাৰ্চিফোনি হেডিচৰ সৈতে পাতালপুৰীত বাস কৰিব আৰু বাকী আধা সময় মাতৃৰ সৈতে অলিম্পাচত থাকিব। সেয়ে বছৰটোৰ যি সময়ত পাৰ্চিফোনি ডিমিটাৰৰ সৈতে থাকে সেই সময়ছোৱাত পৃথিৱীত বসন্ত আৰু গ্ৰীষ্মকালে বিৰাজ কৰে। সমগ্ৰ ধৰা ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে, বিৰিখে ন-কুঁহিপাত পিন্ধে। কিন্তু যেতিয়াই পাৰ্চিফোনি হেডিচৰ সৈতে পাতালপুৰীলৈ যায়গৈ ডিমিটাৰৰ মন বেজাৰেৰে ভৰি পৰে। ইয়াৰ ফলতেই শৰৎ আৰু শীতকালৰ আগমণ ঘটে। গছৰ পাতবোৰে হালধীয়া বৰণ লৈ খহি পৰে। বৰষুণৰ বতৰ শেষ হয়। খাদ্যৰ নাটনি হয় আৰু খৰাং পৰিস্থিতিয়ে চৌপাশে বিৰাজ কৰে।
Comments
Post a Comment