আদিদেৱী গেইয়া আৰু তেওঁৰ সন্তানসকল
আদিতে জগতত একোকে নাছিল। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত অনাদি-অনন্ত মহাশূণ্যই বিৰাজ কৰিছিল। কোনোবা এক মুহূৰ্তত এই মহাশূণ্যৰপৰাই আদিদেৱী গেইয়া অৰ্থাৎ পৃথিৱীয়ে জন্মলাভ কৰে। তেওঁ আছিল সমস্ত জগতৰ মাতৃ আৰু উৰ্বৰতাৰ মূৰ্তমান স্বৰূপ। তেওঁৰ লগতে মহাশূণ্যৰ পৰা ইৰেবাছ অৰ্থাৎ আন্ধাৰ, হেমেৰা (দিবা) আৰু নিক্সৰো (নিশা) জন্ম হয়। এওঁলোক আটায়ে আছিল গ্ৰীকসকলৰ আদি দেৱ-দেৱী আৰু এওঁলোকে প্ৰকৃতিৰ একো একোটা প্ৰধান উপাদানক প্ৰতিনিধিত্ব কৰাৰ লগতে ইয়াক নিয়ন্ত্ৰণো কৰিছিল। সৃষ্টিৰ বিজয়ধ্বজাধাৰিণী গেইয়াই কালক্ৰমত কোনো পিতৃৰ অবিহনেই প'ণ্টাছ (সমুদ্ৰ), অ'ৰিয়া (পৰ্বত) আৰু ইউৰেনাচক (আকাশ) স্ৰজন কৰে।
গেইয়া আছিল স্বয়ং উৰ্বৰতা। সৃষ্টিৰ অদম্য তাড়নাত তেওঁ ইউৰেনাচক সংগী হিচাপে বাছি লয়। প্ৰতিনিশা দেৱী নিক্সে আন্ধাৰৰ দেৱতা ইৰেবাছৰ সহায়ত গেইয়াক ঢাকি ধৰে আৰু তেতিয়াই ইউৰেনাচ নভোমণ্ডলৰ পৰা নামি আহি গেইয়াৰ সৈতে মিলনৰত হয়। এই মিলনৰ ফলত তেওঁলোকৰ সূৰ্যোজ্বল ছজন পুত্ৰ আৰু ছগৰাকী কন্যাৰ জন্ম হয়। এওঁলোকেই হৈছে বিখ্যাত টাইটানসকল। ইয়াৰে মাজত ক্ৰ'নচ আছিল কনিষ্ঠতম টাইটান। পৰৱৰ্তী সময়ত গেইয়াই এশখন হাত আৰু পঞ্চাশটা শিৰযুক্ত তিনিটা দৈত্য অৰ্থাৎ হেকাটনখিয়েৰ আৰু তিনিটা এচকুৱা দানৱ বা চাইক্ল'পচক প্ৰসৱ কৰে। গেইয়াই তেওঁৰ আটাইবোৰ সন্তানকে সমান চকুৰে চাইছিল আৰু সকলো আছিল তেওঁৰ অতি মৰমৰ। কিন্তু ইউৰেনাচ? ইউৰেনাচে জৈৱিক বাসনাত গেইয়াৰ সৈতে মিলিত হ'লেও নিজৰ সন্তানসকলৰ প্ৰতি তেওঁৰ মনত কোনো প্ৰীতিৰ ভাব নাছিল। আনকি দৈত্য আৰু দানৱসমূহৰ জন্মৰ পিছত চৰম বিৰক্তি অনুভৱ কৰি ইউৰেনাচে এওঁলোকক গেইয়াৰ শৰীৰৰ অভ্যন্তৰত আবদ্ধ কৰি ৰাখে। ইয়াৰ ফলত গেইয়াই শৰীৰ আৰু মন উভয়তে প্ৰচণ্ড বেদনা অনুভৱ কৰিবলৈ ধৰে। কি নিষ্ঠুৰ ইউৰেনাচ! গেইয়াই ভাবে। এনেদৰে নহ'ব। ইউৰেনাচক এই অমানুষিক কাৰ্যৰ উচিত শাস্তি দিবই লাগিব। কিন্তু কোনে দিব এই শাস্তি? গেইয়াৰ মনলৈ আহিল টাইটানসকলৰ কথা। তৎক্ষণাত তেওঁ এখন চোকা কাঁচি সাজি টাইটানসকলক নিজৰ কাষলৈ মাতি আনিলে আৰু ক'লে, "হে মোৰ প্ৰিয় সন্তানসকল, তোমালোকৰ পিতৃৰ নিষ্ঠুৰতাত মই বিধ্বস্ত। ইউৰেনাচক ইয়াৰ যথোচিত শাস্তি দি মোৰ ওঁঠত হাঁহি বিৰিঙাব পাৰিবা নে? পাৰিবা নে?" নিজ পিতৃৰ ভয়ত কনিষ্ঠতম টাইটান ক্ৰ'নচৰ বাদে কোনো আগুৱাই নাহিল। ক্ৰ'নচ আছিল আগ্ৰাসী আৰু উচ্চাকাংক্ষী। তাৰোপৰি মাতৃৰ বেদনা তেওঁৰ মুঠেই সহ্য হোৱা নাছিল। গেইয়াই দিয়া কাঁচিখন হাতত লৈ তেওঁ নিজ মাতৃক আশ্বাস দিলে আৰু নিশাৰ অন্ধকাৰলৈ অপেক্ষা কৰি ৰ'ল।
✳️✳️✳️✳️✳️
ইউৰেনাচৰ পতন
নিশাৰ আন্ধাৰে চৌপাশ আৱৰি পেলোৱাৰ লগে লগেই ইউৰেনাচ নামি আহিল গেইয়াৰ কাষলৈ। কিন্তু সেইদিনা ইউৰেনাচৰ কপালত লিখা আছিল দুৰ্য্যোগ। পুত্ৰ ক্ৰ'নচে গেইয়াই দিয়া কাঁচিখন হাতত লৈ আক্ৰমণৰ সুযোগ বিচাৰি আন্ধাৰত ৰৈ আছিল। ইউৰেনাচ যেতিয়াই নিৰ্বস্ত্ৰ হ'ল ঠিক সেই মুহূৰ্ততে ক্ৰ'নচে আচম্বিতে কৰা অস্ত্ৰাঘাতত তেওঁৰ জননাংগ শৰীৰৰ পৰা বিচ্ছিন্ন হ'ল। ঘটনাৰ আকস্মিকতা আৰু বেদনাত ইউৰেনাচে চিৎকাৰ কৰি উঠিল আৰু তৎক্ষণাত নভোমণ্ডললৈ বুলি প্ৰস্থান কৰিলে। ইউৰেনাচৰ খণ্ডিত অণ্ডকোষ গৈ সমুদ্ৰত পতিত হ'ল। ইয়াৰপৰা উদ্ভৱ হোৱা সাগৰীয় ঢৌৰ ফেনৰপৰাই প্ৰেম আৰু সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটিৰ জন্ম হয়। তেওঁৰ দেহৰ পৰা নিৰ্গত ৰক্তৰ পৰা গেইয়াই ফিউৰি অৰ্থাৎ পাতালপুৰীৰ উপদেৱতা আৰু দানৱৰ লগতে মিলি নামৰ বনদেৱতাসকলৰ স্ৰজন কৰিলে।
ইফালে ইউৰেনাচে নিজৰ কৃতকৰ্মৰ যথোচিত শাস্তি পোৱা দেখি গেইয়াৰ মুখত প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিল। তেওঁ ক্ৰ'নচক প্ৰশংসাৰে উপচাই জগতৰ শাসনৰ ভাৰ পুত্ৰৰ হাতত অৰ্পণ কৰিলে। কিন্তু এয়া জানো এক সুখময় পৰিসমাপ্তি আছিল? ওঁহো! নিজ পুত্ৰৰ হাতত লাঞ্ছিত হোৱা ইউৰেনাচৰ মুখৰ পৰা নিৰ্গত হ'ল কঠোৰ অভিশাপ। যিদৰে নিজ পিতৃক পুৰুষত্বহীন কৰোঁতে ক্ৰ'নচৰ এবাৰো হাত নকঁপিল সেই একদৰে নিজ পুত্ৰৰ হাততেই ক্ষমতাচ্যুত হ'ব ক্ৰ'নচ। এই ভয়ংকৰ অভিশাপত ক্ৰ'নচৰ বুকু কঁপি উঠিল। অনাগত ভৱিষ্যতে জগতৰ নতুন অধিপতিৰ বাবে কি বা ৰাখি থৈছে বুকুত, সেয়া সময়েহে ক'ব।
✳️✳️✳️✳️✳️
অলিম্পিয়ানসকলৰ জন্ম
ব্ৰহ্মাণ্ডৰ গৰাকীৰূপে অধিষ্ঠিত হোৱাৰ পিছতেই ক্ৰ'নচে ভগ্নী তথা বাৰগৰাকী টাইটানৰ অন্যতম ৰীয়াক বিয়া কৰায়। ক্ৰ'নচে এশহতীয়া দৈত্য আৰু এচকুৱা চাইক্ল'পছসমূহক পুনৰ টাৰ্টাৰাছত বন্দী কৰি ৰাখে। দিন বাগৰাৰ লগে লগে ৰীয়াৰ গৰ্ভ সঞ্চাৰ হয়। যি সময়ত পিতৃ হিচাপে ক্ৰ'নচ এই বাতৰি পাই আনন্দিত হ'ব লাগিছিল ইয়াৰ বিপৰীতে ক্ৰ'নচৰ মনত পিতৃ ইউৰেনাচৰ অভিশাপ বাণীয়ে অহৰহ ভুমুকি মাৰিবলৈ ধৰে। ক্ৰমাৎ আতংকিত হৈ পৰা ক্ৰ'নচে থিৰাং কৰে যে তেওঁ এই সন্তানক প্ৰাপ্তবয়স্ক অৱস্থা পাবলৈকে নিদিয়ে। ইয়াৰ আগতেই গৰ্ভস্থ সন্তানটিৰ গতি লগাবলৈ বুলি তেওঁ মন বান্ধে। যথাসময়ত ৰীয়াই হেষ্টিয়াক জন্ম দিয়ে। তেওঁ আছিল গৃহস্থালি, পৰিয়াল, ঘৰ আৰু জুহালৰ দেৱী। ইতিমধ্যে অস্থিৰ ক্ৰ'নচে নিজৰ ক্ষমতা হেৰুওৱাৰ ভয়ত উন্মাদপ্ৰায় হৈ নৱজাতক হেষ্টিয়াক উদৰস্থ কৰে। এই ঘটনা দেখি ঘৃণা আৰু দুখত মাতৃ ৰীয়া স্তম্ভিত হৈ পৰে। কিন্তু এয়াই কাহিনীৰ শেষ নাছিল। ইয়াৰ পিছত ৰীয়াই এটা এটাকৈ চাৰিটি সন্তান প্ৰসৱ কৰে আৰু প্ৰতিবাৰ ক্ৰ'নচে সন্তানকেইটি উদৰস্থ কৰে আৰু সিংহাসন নিষ্কণ্টক বুলি ভাবি প্ৰশান্তি লাভ কৰে।
যেতিয়া ৰীয়া ক্ৰ'নচৰ ঔৰসত যষ্ঠবাৰলৈ গৰ্ভৱতী হয় তেওঁ নিজ সন্তানৰ ৰক্ষাৰ উপায় বিচাৰি গেইয়াৰ কাষ চাপে। গেইয়াও এগৰাকী মাতৃ। তেওঁ সমস্ত জগতৰে মমতাৰ মূৰ্তমান স্বৰূপ। আন এগৰাকী মাতৃৰ বেদনা তেওঁ কিদৰে সহ্য কৰে! গেইয়াই ৰীয়াক মন্ত্ৰণা দিলে যে কিদৰে গৰ্ভস্থ সন্তানক ক্ৰীটৰ এক গুহাত লোকচক্ষুৰ আঁৰত, আনকি ক্ৰ'নচেও উমান নোপোৱাকৈ জন্ম দিব লাগে আৰু কিদৰে উপযুক্ত বয়স নোহোৱালৈকে সন্তানটি গোপনে লুকুৱাই ৰাখিব লাগে। কথামতেই কাম। ৰীয়াই ষষ্ঠ সন্তানটি অতি গোপনে ক্ৰীটৰ এক গুহাৰ মাজত জন্ম দিয়ে। এই সন্তানেই আছিল ভৱিষ্যতৰ দেৱৰাজ জ্যুচ। জ্যুচৰ জন্মৰ পিছত ৰীয়াই এডোখৰ শিলকে কেঁচুৱাৰ দৰে মেৰিয়াই ক্ৰ'নচৰ হাতত দিয়ে আৰু তেওঁ উত্তেজনাত কাপোৰৰ বান্ধোন খুলি নাচাই শিলটুকুৰাকে নৱজাতক বুলি উদৰস্থ কৰি স্বস্তিৰ নিশ্বাস এৰে। কিন্তু ইফালেদি এমেলথিয়া নামৰ এজনী ভেঁড়াৰ দুগ্ধপান কৰি বনদেৱতাসকলৰ তত্বাৱধানত একলা-দুকলাকৈ জ্যুচ অতি সংগোপনে বাঢ়ি আহে আৰু চাওঁতে চাওঁতে পূৰ্ণযৌৱন লাভ কৰে। এনেদৰেই ইউৰেনাচৰ অভিশাপে ধীৰ গতিৰে গোপনে বাস্তৱায়িত হোৱাৰ দিশত আগবাঢ়ে।
✳️✳️✳️✳️✳️
অলিম্পিয়ান দেৱতাসকলৰ উদ্ধাৰ
যুৱাৱস্থা লাভ কৰাৰ পিছত মাতৃ ৰীয়াই জ্যুচক তেওঁৰ সহোদৰসকলৰ বিপৰ্যয়ৰ কাহিনী কয়। ক্ৰ'নচে কিদৰে জ্যুচৰ পাঁচোগৰাকী ভ্ৰাতৃ আৰু ভগ্নীক নিজৰ উদৰত বন্দী কৰি ৰাখিছে এই কথা শুনি জ্যুচ ক্ৰোধান্বিত হৈ পৰে। নিজ পিতৃৰ এই বৰ্বৰতাৰ অন্ত পেলাবলৈ তেওঁ সংকল্প গ্ৰহণ কৰে। এই কাৰ্যত তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে জ্ঞানৰ দেৱী মেটিচ। মেটিচ আছিল টাইটান অ'চেনাছ আৰু টেথিছৰ জীয়ৰী। মেটিচে জ্যুচক সুৰাৰে পূৰ্ণ এটি পাত্ৰ প্ৰদান কৰে। এই সুৰা সাধাৰণ সুৰা নাছিল। এই সুৰাত ক্ৰ'নচৰ উদৰৰ পৰা জ্যুচৰ আটাইকেইজন সহোদৰক উদ্ধাৰ কৰিব পৰা শক্তি আছিল। কিন্তু এই সুৰা ক্ৰ'নচক কেনেকৈ পান কৰোৱা যায়!
ৰীয়াৰ লগ লাগি জ্যুচে এক মন্ত্ৰণা ৰচিলে। এই সুৰা ক্ৰ'নচক উপহাৰ হিচাপে দিয়া যাওক। কথামতেই কাম। জ্যুচে ছদ্মবেশেৰে ক্ৰ'নচৰ কাষ চাপিল আৰু তেওঁলৈ 'বিশেষভাৱে তৈয়াৰ কৰা সুৰা' বুলি মেটিচে দিয়া সুৰাৰ পাত্ৰ উপহাৰ হিচাপে আগবঢ়ালে। ইয়াৰ লগতে তেওঁ বিভিন্নধৰণেৰে ক্ৰ'নচক প্ৰশংসা কৰি সন্তুষ্ট কৰাৰো চেষ্টা কৰিলে। ব্ৰহ্মাণ্ডৰ অধিপতিলৈ বিশেষ উপহাৰ! ক্ৰ'নচ আনন্দিত নহৈ পাৰে নে? তেওঁৰ শক্তি আৰু সামৰ্থ্যক যে কোনোবাই প্ৰত্যাহ্বান জনাব পাৰে এই কথা ক্ৰ'নচৰ সপোনৰো অগোচৰ আছিল। তেওঁ ভাবিছিল যে যিহেতু তেওঁ নিজৰ আটাইকেইগৰাকী সন্তানক বন্দী কৰি ৰাখিছে গতিকে তেওঁৰ বিৰুদ্ধাচৰণ কৰিব পৰা বা ষড়যন্ত্ৰ কৰা কোনো লোক এই পৃথিৱীত থাকিবই নোৱাৰে। তেওঁ আনন্দমনেৰে জ্যুচে দিয়া সুৰা পান কৰিলে। জ্যুচ আৰু ৰীয়াৰ মন্ত্ৰণা ফলপ্ৰসূ হ'ল। এই সুৰা পানৰ পিছতেই ক্ৰ'নচে অসুস্থ অনুভৱ কৰিবলৈ ধৰিলে আৰু এজন এজনকৈ পাঁচোগৰাকী সন্তান তেওঁ উকলিয়াই দিয়াৰ লগে লগে উদৰৰ পৰা ওলাই আহিল। যদিও শিশু অৱস্থাতে ক্ৰ'নচে নিজৰ সন্তানকেইজনক উদৰস্থ কৰিছিল, তেওঁলোকে ক্ৰ'নচৰ পেটতে নিজৰ পূৰ্ণাংগ ৰূপ লাভ কৰিছিল। এই কাৰ্যত হতভম্ব ক্ৰ'নচে সদ্যনিৰ্গত সন্তানসকলক আক্ৰমণ কৰিবলৈ উদ্যত হ'ল যদিও ৰীয়াৰ সহযোগত জ্যুচে চতুৰতাৰে আটাইকে লৈ সেই ঠাই তৎক্ষণাৎ ত্যাগ কৰিলে।
✳️✳️✳️✳️✳️
অলিম্পিয়ান আৰু টাইটানসকলৰ যুদ্ধ
জ্যুচে তেওঁৰ সহোদৰ অৰ্থাৎ হেষ্টিয়া (গৃহস্থালি, পৰিয়াল, ঘৰ আৰু জুহালৰ দেৱী), ডিমিটাৰ (শস্য, কৃষি আৰু উৰ্বৰতাৰ দেৱী), হীৰা (নাৰী, বিবাহ, সন্তান জন্মৰ দেৱী), প'জাইডন (সমুদ্ৰ আৰু ভূমিকম্পৰ দেৱতা) আৰু হেডিচক (পাতালপুৰীৰ অধিপতি আৰু মৃতকসকলৰ দেৱতা) লগত লৈ ক্ৰ'নচ আৰু অন্যান্য টাইটানসকলৰ বিৰুদ্ধে ৰণকৌশল ৰচনা কৰে। তেওঁলোক আটায়ে অলিম্পাচ পৰ্বতক নিজৰ মূল স্থান হিচাপে নিৰ্বাচন কৰে বাবে তেওঁলোক অলিম্পিয়ান নামেৰে জনাজাত হয়। তেওঁলোকে টাৰ্টাৰাছত বন্দী হৈ থকা হেকাটনখিয়েৰ আৰু চাইক্ল'পচসকলক উদ্ধাৰ কৰে। ইয়াৰে কৃতজ্ঞতাস্বৰূপে চাইক্ল'পচসকলে বজ্ৰ নিৰ্মাণ কৰি জ্যুচক উপহাৰস্বৰূপে দিয়ে।
আনহাতে ক্ৰ'নচো নীৰৱে হাত-সাৱটি বহি থকাবিধৰ নাছিল। অনাগত বিদ্ৰোহৰ আশংকা কৰি তেওঁ টাইটানসকলক লৈ যুদ্ধৰ আয়োজন চলায়। দুয়োপক্ষৰ এই আয়োজন বহুদিন ধৰি চলে। দ্বাদশ টাইটানৰ অন্যতম লেপিটাচৰ পুত্ৰ বীৰ এটলাচেও টাইটানসকলৰ পক্ষত যোগ দিয়ে। ইফালে আইন তথা দৈৱিক আৰু প্ৰাকৃতিক নীতি-নিয়মৰ দেৱী টাইটান থেমিচ আৰু তেওঁৰ পুত্ৰ প্ৰমিথিউচে অলিম্পিয়ানসকলৰ পক্ষ লয়।
অৱধাৰিতভাৱেই টাইটান আৰু অলিম্পিয়ানসকলৰ মাজত ভয়ংকৰ যুদ্ধৰ সূচনা হয়। তেওঁলোকৰ আটায়ে আছিল অসীম শক্তিৰ অধিকাৰী। দুয়োপক্ষৰ মাজত প্ৰায় দহবছৰ ধৰি চলা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে তোলপাৰ লাগে। কিন্তু অৱশেষত টাইটানসকলে অলিম্পিয়ানসকলৰ সন্মুখত পৰাজয় বৰণ কৰে। ইয়াৰ লগে লগেই ক্ৰ'নচৰ স্বেচ্ছাচাৰী শাসনৰ অন্ত পৰে। অলিম্পিয়ানসকলে টাইটানসকলক পৰাজিত কৰিয়েই ক্ষান্ত নাথাকে। ক্ৰ'নচ আৰু তেওঁৰ সহযোগীসকলক টাৰ্টাৰাছত অনন্তকাললৈ বন্দী কৰি ৰখা হয়। এই কাৰাগাৰৰ ৰখীয়াৰ দায়িত্ব পালন কৰে এশ হাত আৰু পঞ্চাশটা মূৰৰ অধিকাৰী হেকাটনখিয়েৰসকলে। কিন্তু জ্যুচৰ মতে এটলাচৰ বাবে এনে বন্দীত্বই যথেষ্ট নাছিল। টাইটানসকলৰ সহযোগিতা কৰাৰ অপৰাধত এটলাচক অনন্তকাললৈ পৃথিৱীখনক কান্ধত ধাৰণ কৰাৰ শাস্তি প্ৰদান কৰা হয়। বিশ্বাস কৰা হয় যে তেওঁ আজিও সমস্ত পৃথিৱীৰ ভাৰ নিজৰ কান্ধত ধাৰণ কৰি আছে।
যুদ্ধৰ সমাপ্তিৰ পিছত জ্যুচে নিজ সহোদৰ হীৰাক বিয়া কৰায়। ইয়াৰ লগতে জ্যুচ, প'জাইডন আৰু হেডিচে পৃথিৱীখন নিজৰ মাজত ভগাই লয়। জ্যুচ দেৱতাৰ ৰজা হয় আৰু আকাশ তথা বায়ুমণ্ডলৰ অধিকাৰ লাভ কৰে। প'জাইডনে সমগ্ৰ সমুদ্ৰৰ অধিকাৰ লাভ কৰাৰ বিপৰীতে হেডিচক পাতালপুৰীৰ স্বতন্ত্ৰ শাসনকৰ্তা হিচাপে নিযুক্ত কৰা হয়। অন্য অলিম্পিয়ান দেৱ-দেৱীসকলে অলিম্পাচ পৰ্বতত নিজ নিজ স্থান লয়। এনেদৰেই টাইটানসকলৰ শাসনৰ অন্ত পেলাই অলিম্পিয়ানসকলে এন নতুন যুগৰ সূচনা কৰে।
✳️✳️✳️✳️✳️✳️✳️
Comments
Post a Comment