Skip to main content

Posts

ক'ৰবাত তুমি বাঁ‌হী এটি হৈ

ফা গুনৰ ধূলিয়ৰি আঙুলিত ৰ'দ ওঁ‌ঠত আকাশীগংগাৰ বৰ্ষণ কামনা বাসন্তী-বৈভৱৰ শেষৰটো দিনতো ফুলিবলৈ উদবাউল হৈ থকা কলিৰ বাগিচা প্ৰেমৰ বাবে উচৰ্গিত হোৱা বা নোহোৱা  বাহসজা কপৌয়ে গীত জুৰা বা নুজুৰা এনেবোৰ দিনতে ক'ৰবাত তুমি বাঁ‌হী এটি হৈ  জোকাই থাকা গোটেই আবেলিটো

ধূসৰতাৰ কাব্য

নৈ য়ে এৰা সুঁ‌তি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা  সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ  সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে   (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে) 

মোক এনে এখন পৃথিৱীৰ সাধু কোৱা

            মো ক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত এই দৈনন্দিন বিদ্বেষ আৰু ঘৃণাৰ অন্ধকাৰ আয়তৰ সিপাৰে এখন বিশাল আকাশৰ ঘৰ, য'ৰ পৰা জাকে জাকে সৰি পৰা  হেজাৰ পপীয়া তৰাৰ কুহুমীয়া নিৰ্যাসত আমি মুকলি চোতালত ৰৈ নিৰ্ভয়ে জাহ যাব পাৰোঁ‌ ৰাতিটোৰ বাবে। মোক এনে এখন পৃথিৱীৰ সাধু কোৱা য'ত নাই কোনো নিৰ্বাক ঈশ্বৰৰ ঘৰ যিখন পৃথিৱীত তুমি, মই, তেওঁ একেলগে গলি গলি কুঁৱলীত মিলি যোৱা একাদশীৰ সেমেকা জোনৰ তলত বিনিময় কৰিব পাৰোঁ‌ বিশ্বাস, প্ৰেম আৰু  জীৱন-বৈভৱৰ বিলাসী টোপোলা মোক এনে এখন পৃথিৱীৰ সাধু কোৱা।

নিৰ্বাক

শ ৰতৰ একোটা নিৰল সন্ধিয়াৰ আঙুলিত ধৰি ইজনে সিজনৰ ছাঁ‌ খেদি ফুৰাৰ হাবিয়াস কাহানিও নাছিল সউ দিগন্তত ঢলি পৰা গাখিৰতী পথাৰৰ সিপাৰে নিয়ৰত ভিজি থকা চিনাকি চহৰৰ কোনোবা এখন শূণ্য খিৰিকিৰ মুখত ৰৈ তথাগত ভংগীৰে স্বনিৰ্বাসনৰ আখৰাৰ কথাও আমি কোৱা নাছিলো সেয়ে তেওঁ যোৱাৰ বাটত এতিয়াও আহিনৰ লহপহ ওঁ‌ঠ জাক জাক কুঁৱলীয়ে ভেঁ‌টি ধৰা পদূলিত মহুৰা-সূতাৰ দৰে মেৰ খাই ৰৈ যোৱা নিৰ্যাস

গীত

আ কাশৰ একাঁ‌জলি দুহাতে আনি আবেলিৰ বতাহে দিলেহি সানি পলাশৰ পদূলিত ফাগুনে আহি চিনাকি চিনাকি জুৰিলে বাঁ‌হী আঙুলিৰ ফাঁ‌কেৰে হেঙুলীয়া ৰং হেঁ‌পাহৰ দৰে বৈ পৰিছে এধানি আইনাৰ খিৰিকিত তোমাৰেই ছবি গুনগুন অনুৰাগ শেৱালী সুৰভি বুকুৰ চোতাল মোৰ জোনাকী জোনাকী তোমাৰ ওঁ‌ঠৰ গান ৰাখিছো সামৰি আৱেগৰ শলিতাৰে প্ৰতিপল জ্বলে পখিলা পাখিৰ ৰঙে পদূলি শুৱনি এখোজ দুখোজ মোৰ পদূলি গৰকি সুৰৰ শলিতা হৈ দূবৰি গচকি ৰ'দালি কবিতা এটি জাকি মাৰি আহি বাহ সাজি পোহৰালে মনৰ কোঠালি আবেলিৰ দাপোণত সোণাৰুৰ পাহি কেতেকী মাতৰ ৰাতি বুকুৰ জুৰণি

স-শ-চ

          গ্ৰ ন্থপ্ৰেমী লোকেৰে ভৰি থকা এটা গোটত এজনে লিখিছে, "নিজৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হোৱা অসমীয়া কিতাপ এখনৰ নাম লিখকচোন সকলোৱে। আ-কাৰ, ই-কাৰ মিলিব লাগিব।" এইটোনো কি ডাঙৰ কথাটো বুলি মিচিকিয়াই হাঁ‌হি এটা মাৰি কিতাপৰ নাম ভাবিবলৈ ধৰিলোঁ‌। ইফালে গ্ৰুপত তিতাবৰৰ অমৰজ্যোতিয়ে অসীমত যাৰ হেৰাল সীমা, ঘিলামৰাৰ মৌচুমীয়ে মৌন ওঁ‌ঠ মুখৰ হৃদয় বুলি কমেণ্ট কৰিলেই। মই কমেণ্ট পঢ়ি পঢ়ি ভাবিবলৈ ধৰিলোঁ‌। চাহেবপুৰাৰ বৰষুণ। এহ নহয়, 'চা'হে হ'ল। চ...চ...চ...। চৰাঘৰ বুলি কিবা কিতাপ আছে নে? চলচ্চিত্ৰ বুলি। নাই দেই, নাই। হৰি, হৰি! নায়েই নেকি? মোৰ মুখৰ হাঁ‌হিৰ বৰণ কলীয়া ডাৱৰলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিল। মনত পেলাবলৈ চেষ্টা কৰিছোঁ‌। নাই নাই নাই। চমাংকান(?), চেনাবৰ স্ৰোত, ছিন্নমস্তাৰ মানুহটো, ছাংলট ফেনলা...। ধেৎ নহয়! এইবাৰ কান্দোন ওলাই আহিবৰ উপক্ৰম হ'ল। কোনো এজন সাহিত্যিকে বাৰু 'চ' আখৰেৰে আৰম্ভ হোৱা কিতাপ এখন লিখিব নাপায় নে! হাঁ‌য় হাঁ‌য়! চকুচৰহা, চলিহা, চৰ্চৰী, চকলা টেঙা...। ইফালে কমেণ্টেৰে উপচি পৰিছে গোটটো। হঠাৎ বিজুলী চমকৰ দৰে নাম এটা মনলৈ অহাত চিঞৰি উঠিলো-পাই গ'লো...

পদূলিত মাৰ্চমাহ

প দূলিত মাৰ্চমাহ অলং-দলংকৈ  বোকোচাত বৈ অনা বছৰৰ হিচাপৰ মেটমৰা ভাৰ উদং উদং সউ ধূলিয়ৰি আলিবাট তুঁ‌হজুয়ে পোৰা দেহা  ইছাট-বিছাট ফাগুনৰ সেয়ে ঢং গোটেই আকাশজুৰি  ৰঙচুৱা পলাশৰ মুঠি মুঠি ৰং