গ্ৰন্থপ্ৰেমী লোকেৰে ভৰি থকা এটা গোটত এজনে লিখিছে, "নিজৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হোৱা অসমীয়া কিতাপ এখনৰ নাম লিখকচোন সকলোৱে। আ-কাৰ, ই-কাৰ মিলিব লাগিব।" এইটোনো কি ডাঙৰ কথাটো বুলি মিচিকিয়াই হাঁহি এটা মাৰি কিতাপৰ নাম ভাবিবলৈ ধৰিলোঁ। ইফালে গ্ৰুপত তিতাবৰৰ অমৰজ্যোতিয়ে অসীমত যাৰ হেৰাল সীমা, ঘিলামৰাৰ মৌচুমীয়ে মৌন ওঁঠ মুখৰ হৃদয় বুলি কমেণ্ট কৰিলেই। মই কমেণ্ট পঢ়ি পঢ়ি ভাবিবলৈ ধৰিলোঁ। চাহেবপুৰাৰ বৰষুণ। এহ নহয়, 'চা'হে হ'ল। চ...চ...চ...। চৰাঘৰ বুলি কিবা কিতাপ আছে নে? চলচ্চিত্ৰ বুলি। নাই দেই, নাই। হৰি, হৰি! নায়েই নেকি? মোৰ মুখৰ হাঁহিৰ বৰণ কলীয়া ডাৱৰলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিল। মনত পেলাবলৈ চেষ্টা কৰিছোঁ। নাই নাই নাই। চমাংকান(?), চেনাবৰ স্ৰোত, ছিন্নমস্তাৰ মানুহটো, ছাংলট ফেনলা...। ধেৎ নহয়! এইবাৰ কান্দোন ওলাই আহিবৰ উপক্ৰম হ'ল। কোনো এজন সাহিত্যিকে বাৰু 'চ' আখৰেৰে আৰম্ভ হোৱা কিতাপ এখন লিখিব নাপায় নে! হাঁয় হাঁয়! চকুচৰহা, চলিহা, চৰ্চৰী, চকলা টেঙা...। ইফালে কমেণ্টেৰে উপচি পৰিছে গোটটো। হঠাৎ বিজুলী চমকৰ দৰে নাম এটা মনলৈ অহাত চিঞৰি উঠিলো-পাই গ'লো পাই গ'লো। চংখনিনাদ, মনালিছা শইকীয়াৰ চংখনিনাদ।
তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...
Comments
Post a Comment