গ্ৰন্থপ্ৰেমী লোকেৰে ভৰি থকা এটা গোটত এজনে লিখিছে, "নিজৰ নামৰ প্ৰথম আখৰেৰে আৰম্ভ হোৱা অসমীয়া কিতাপ এখনৰ নাম লিখকচোন সকলোৱে। আ-কাৰ, ই-কাৰ মিলিব লাগিব।" এইটোনো কি ডাঙৰ কথাটো বুলি মিচিকিয়াই হাঁহি এটা মাৰি কিতাপৰ নাম ভাবিবলৈ ধৰিলোঁ। ইফালে গ্ৰুপত তিতাবৰৰ অমৰজ্যোতিয়ে অসীমত যাৰ হেৰাল সীমা, ঘিলামৰাৰ মৌচুমীয়ে মৌন ওঁঠ মুখৰ হৃদয় বুলি কমেণ্ট কৰিলেই। মই কমেণ্ট পঢ়ি পঢ়ি ভাবিবলৈ ধৰিলোঁ। চাহেবপুৰাৰ বৰষুণ। এহ নহয়, 'চা'হে হ'ল। চ...চ...চ...। চৰাঘৰ বুলি কিবা কিতাপ আছে নে? চলচ্চিত্ৰ বুলি। নাই দেই, নাই। হৰি, হৰি! নায়েই নেকি? মোৰ মুখৰ হাঁহিৰ বৰণ কলীয়া ডাৱৰলৈ ৰূপান্তৰিত হ'বলৈ বেছি সময় নালাগিল। মনত পেলাবলৈ চেষ্টা কৰিছোঁ। নাই নাই নাই। চমাংকান(?), চেনাবৰ স্ৰোত, ছিন্নমস্তাৰ মানুহটো, ছাংলট ফেনলা...। ধেৎ নহয়! এইবাৰ কান্দোন ওলাই আহিবৰ উপক্ৰম হ'ল। কোনো এজন সাহিত্যিকে বাৰু 'চ' আখৰেৰে আৰম্ভ হোৱা কিতাপ এখন লিখিব নাপায় নে! হাঁয় হাঁয়! চকুচৰহা, চলিহা, চৰ্চৰী, চকলা টেঙা...। ইফালে কমেণ্টেৰে উপচি পৰিছে গোটটো। হঠাৎ বিজুলী চমকৰ দৰে নাম এটা মনলৈ অহাত চিঞৰি উঠিলো-পাই গ'লো পাই গ'লো। চংখনিনাদ, মনালিছা শইকীয়াৰ চংখনিনাদ।
আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...
Comments
Post a Comment