কুঁৱলীজাকত ৰৈ বাহিৰত
ৰাতি এটা কঁপি আছে
জোনৰ পোহৰে জিলিকাব নোৱাৰা
তাৰ নিৰুত্সাহ মুখ ...
আইনাৰ খিড়িকীৰ এইপাৰে
ৰৈ আছোঁ মই,
সাক্ষী হৈছোঁ----
লাইট প'ষ্টটোৰ তলত
ফটা কেঁথাৰ উমত(?)
জীয়াই থকাৰ কিছুমান
অদম্য হেঁপাহৰ খৰ্মৰণিৰ ...
ৰাতি এটা কঁপি আছে
জোনৰ পোহৰে জিলিকাব নোৱাৰা
তাৰ নিৰুত্সাহ মুখ ...
আইনাৰ খিড়িকীৰ এইপাৰে
ৰৈ আছোঁ মই,
সাক্ষী হৈছোঁ----
লাইট প'ষ্টটোৰ তলত
ফটা কেঁথাৰ উমত(?)
জীয়াই থকাৰ কিছুমান
অদম্য হেঁপাহৰ খৰ্মৰণিৰ ...
Comments
Post a Comment