কালি প্রতাৰিত চকুবোৰ
জ্বলি থাকিল গোটেই ৰাতি
তেল নোহোৱা হৈ চাকিবোৰ
বাৰে বাৰে নুমাইছিল
এটা মাথোঁ শিখাত উত্সাহ দিবলৈকো
শেষ হৈ গৈছিল আগ্রহ
সুৰ হেৰুৱাই ওঁঠৰ গীতবোৰ হৈছিল নিঠৰুৱা
নৈৰ পাৰৰ মৰিশালীত
চিতাজুইৰ আঙঠাত গা সেকিবলৈ
এন্ধাৰবোৰে ভিৰ কৰিছিল
মানুহবোৰ আছিল বৰ ভাগৰুৱা
তথাপিও টোপনিয়ে সান্ত্বনা দিয়াৰ
অলপো নকৰিলে অপচেষ্টা
জোনটো নিমাতে থৰ হৈ থকাৰ
দৃশ্যও আছিল মর্মান্তিক
ফেঁচাৰ প্রতিটো চিঞৰে
বাঁকুহিছিল গধুৰ গধুৰ বুকু
আজি বুদ্ধ পূর্ণিমা
য'ত পোহৰে মূৰ তুলি হাঁহিব নোৱাৰে
তাত বাহিৰৰ পূর্ণিমাৰ অর্থনো কি??
জ্বলি থাকিল গোটেই ৰাতি
তেল নোহোৱা হৈ চাকিবোৰ
বাৰে বাৰে নুমাইছিল
এটা মাথোঁ শিখাত উত্সাহ দিবলৈকো
শেষ হৈ গৈছিল আগ্রহ
সুৰ হেৰুৱাই ওঁঠৰ গীতবোৰ হৈছিল নিঠৰুৱা
নৈৰ পাৰৰ মৰিশালীত
চিতাজুইৰ আঙঠাত গা সেকিবলৈ
এন্ধাৰবোৰে ভিৰ কৰিছিল
মানুহবোৰ আছিল বৰ ভাগৰুৱা
তথাপিও টোপনিয়ে সান্ত্বনা দিয়াৰ
অলপো নকৰিলে অপচেষ্টা
জোনটো নিমাতে থৰ হৈ থকাৰ
দৃশ্যও আছিল মর্মান্তিক
ফেঁচাৰ প্রতিটো চিঞৰে
বাঁকুহিছিল গধুৰ গধুৰ বুকু
আজি বুদ্ধ পূর্ণিমা
য'ত পোহৰে মূৰ তুলি হাঁহিব নোৱাৰে
তাত বাহিৰৰ পূর্ণিমাৰ অর্থনো কি??
Comments
Post a Comment