বাৰিষাৰ হাইকু May 24, 2011 আজি বৰকৈ তিতিলে খেতিয়কৰ খৰাং হেঁপাহ এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ ভৰিত ছট্ফট্ মাছৰ লাহ-বিলাহ Share Get link Facebook X Pinterest Email Other Apps Share Get link Facebook X Pinterest Email Other Apps Comments
হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি August 04, 2017 তুমিতো জানাই এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই। (ভোগালি) হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ... পৰৱৰ্তী প'ষ্টসমূহ»
পথাৰত খোৱা-লোৱাৰ আনন্দ January 17, 2019 আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ — এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ... পৰৱৰ্তী প'ষ্টসমূহ»
ধূসৰতাৰ কাব্য December 26, 2020 নৈ য়ে এৰা সুঁতি এটাৰ গাত এলানি নিৰ্জল পদচিহ্ন গৰখীয়া হাবিত হেৰাই যোৱা সুহুৰিৰ দৰে মাত মাজনিশাৰ বনকেতেকী অথবা মেঘমালাত বিলীন হোৱা ভাসমান নক্ষত্ৰপুঞ্জ বুকুত তপ্ত বালিৰ সহস্ৰ সূৰ্য বান্ধি কৰা সমুজ্বল কাব্য কামনাৰ বাবেই মদৰুৱা ধূলিত আকণ্ঠ ডুব গৈয়ো আমি বাট বুলিম অনন্তকাল ধূসৰতাৰ মাজেৰে (বুকুত হাত ৰাখিও হেৰাই যোৱা প্ৰতিগৰাকী ব্যক্তিলৈ অকৃত্ৰিম ভালপোৱাৰে) পৰৱৰ্তী প'ষ্টসমূহ»
Comments
Post a Comment