সপোনৰ ৰংবোৰ চুই চাবলৈ
তয়েই শিকাইছিলি এদিন
আশাবোৰ বুকুৰ উম দি
জীয়াই ৰাখিবলৈয়োতো তোৰেপৰা শিকিলো
যিদৰে শিকিলো চকুত পানী লৈ হাঁহিবলৈ
মনত পৰেনে ল'ৰালিৰ খিল্খিল্ হাঁহি?
কাজিয়া কৰি মুখ ফুলোৱা আবেলি?
নাইবা গৰমৰ দুপৰীয়াবোৰৰ এটা এটা বদমাছি??
সময়ে কিমান বাগৰ সলালে
নতুন কথাবোৰ পুৰণি হ'ল
কিমান কথা আহি নতুন হ'লহি
মাথোঁ সলনি নহ'লো আমি
সময়ে আমাৰ ল'ৰালি মোহাৰি পেলালেও
টগ্বগ্ যৌৱন আঁজুৰি নিলেও
আমিতো সদায়েই চেনেহৰ ভাই-ভনী
(ভগ্নী কৃষ্ণা গগৈৰ হাতত)
তয়েই শিকাইছিলি এদিন
আশাবোৰ বুকুৰ উম দি
জীয়াই ৰাখিবলৈয়োতো তোৰেপৰা শিকিলো
যিদৰে শিকিলো চকুত পানী লৈ হাঁহিবলৈ
মনত পৰেনে ল'ৰালিৰ খিল্খিল্ হাঁহি?
কাজিয়া কৰি মুখ ফুলোৱা আবেলি?
নাইবা গৰমৰ দুপৰীয়াবোৰৰ এটা এটা বদমাছি??
সময়ে কিমান বাগৰ সলালে
নতুন কথাবোৰ পুৰণি হ'ল
কিমান কথা আহি নতুন হ'লহি
মাথোঁ সলনি নহ'লো আমি
সময়ে আমাৰ ল'ৰালি মোহাৰি পেলালেও
টগ্বগ্ যৌৱন আঁজুৰি নিলেও
আমিতো সদায়েই চেনেহৰ ভাই-ভনী
(ভগ্নী কৃষ্ণা গগৈৰ হাতত)
Comments
Post a Comment