ঘৰৰ পিৰালিতে লগ পালোঁ আজি
মোৰ এৱাঁ নভঙা ল'ৰালি
অমলিন হৈ থকা তাৰ হাঁহি এটা
নাওৰা পানীৰ খল্মল্ ধেমালিত
হেঁপাহ পলুৱাই তিতিছিল
মায়ে আঁচুৰি দিয়া চুলিত জপিয়াই বহি
বৰষুণৰ টোপালবোৰেও খুব ৰং কৰিছিল
কাগজৰ কণমানি নাও এখনতে উঠি
পানী যোৱা বাটেৰে গ'লগৈ সি
পুনৰ কেতিয়াকৈ আহিব নোকোৱাকৈ
মোৰ এৱাঁ নভঙা ল'ৰালি
অমলিন হৈ থকা তাৰ হাঁহি এটা
নাওৰা পানীৰ খল্মল্ ধেমালিত
হেঁপাহ পলুৱাই তিতিছিল
মায়ে আঁচুৰি দিয়া চুলিত জপিয়াই বহি
বৰষুণৰ টোপালবোৰেও খুব ৰং কৰিছিল
কাগজৰ কণমানি নাও এখনতে উঠি
পানী যোৱা বাটেৰে গ'লগৈ সি
পুনৰ কেতিয়াকৈ আহিব নোকোৱাকৈ
Comments
Post a Comment