বেলি, তেজে টগ্বগ্
মোৰ প্রিয় প্রতিৱেশী
কাতৰে মাতিছোঁ---
ৰ'দজাক বুকুৰ দলৈকে
হেঁচি হেঁচি গুঁজি দি যাবি
কতদিন ধৰি দেখা নাই এছোৱা আকাশৰ ফৰকাল ৰং
ভেঁকুৰা চোতালত লেপেট কাঢ়ি বহে গোটেইখিনি ভাগৰ
ৰৈ আছোঁ,
দি যাবিহি বুলি এবুকু কুহুমীয়া পোহৰ
য'ত নিজেই গলি যাব পাৰি
মোৰ প্রিয় প্রতিৱেশী
কাতৰে মাতিছোঁ---
ৰ'দজাক বুকুৰ দলৈকে
হেঁচি হেঁচি গুঁজি দি যাবি
কতদিন ধৰি দেখা নাই এছোৱা আকাশৰ ফৰকাল ৰং
ভেঁকুৰা চোতালত লেপেট কাঢ়ি বহে গোটেইখিনি ভাগৰ
ৰৈ আছোঁ,
দি যাবিহি বুলি এবুকু কুহুমীয়া পোহৰ
য'ত নিজেই গলি যাব পাৰি
Comments
Post a Comment