Skip to main content

সময়

মই সময়
মই মহাকাল
ময়েই সকলো।
এহাতত মোৰ মৃত্যুবাণ
আনহাতত সৃষ্টিৰ বীজ
মোতেই বিলীণ হয় পুৰণিৰ ভগ্নাৱশেষ
মোতেই নতুনৰ অংকুৰণ ঘটে
ময়েই বিশ্বনিয়ন্তা
মোৰেই সামান্য ইংগিতত
বসন্তই পৰশি যায় পুষ্প কানন
বৰষাই চুমা খাই ৰুক্ষ মাটিক
মোৰেই আঙুলিৰ ঠাঁৰত
শীতে সেমেকাই তোলে এটি এটি ৰাতি
কুঁৱলীৰ ওৰণিৰে আৱৰে পৃথিৱী

ময়েই মৃত্যু, ময়েই ধ্বংস
অবিৰাম প্রলয় নৃত্যৰে মই
চূর্ণীকৃত কৰোঁ
শত গৌৰৱৰ উন্নত স্তম্ভ
ভৰিৰে মোহাৰো শত দম্ভ, কত বিজয় নিচান
কত জয়ৰ অভিমান।
ধ্বংসৰ শেষত সেই ভগ্নাৱশেষত
ময়েই সৃষ্টিৰ বন্তিগছি হৈ
গঢ়ি তোলো এক নতুন সভ্যতা
সঁজাল ধৰা একোটি নৱতম সপোন
মোৰেই বুকুৰ উমত জীপাল হৈ উঠে।

মই চিৰশাশ্বত, অবিনশ্বৰ
চিৰ গতিশীল,সর্বশক্তিমান।

Comments

জনপ্ৰিয় লেখাসমূহ

হীৰুদাৰ কবিতা ----- শাওণ, পথাৰ ইত্যাদি

তুমিতো জানাই               এই কবিৰ আৰু একো নাই এটাই মাথোঁ কামিজ          তাৰো ছিগো ছিগো চিলাই প্রেম নিশ্চয় এনেকুৱাই        আৱৰণ খুলি হৃদয় জুৰাই।                                               (ভোগালি)           হীৰেণ ভট্টাচার্য---- সাহিত্যপ্রেমী প্রতিজন অসমীয়াৰ মৰমৰ, শ্রদ্ধাৰ 'হীৰুদা'। তেওঁৰ অনুপম, বাছকবনীয়া শব্দৰাজিয়েই তেওঁৰ পৰিচয়। ১৯৩২ চনত যোৰহাটত জন্মলাভ কৰা এইগৰাকী কবিৰ কবিতাৰ মূল বিষয়বস্তু মানুহ আৰু বৰণীয়া প্রকৃতি; মানুহৰ সুখ-দুখ, প্রেম-প্রত্যাশা। বিষ্ণুৰাভা বঁটা বিজয়ী (১৯৫৮) হীৰুদাৰ প্রথমখন কবিতা সংকলন 'মোৰ দেশ মোৰ প্রেমৰ কবিতা' প্রকাশিত হয় ১৯৫৭ চনত। ...

পথাৰত খোৱা-লোৱাৰ আনন্দ

আলোকচিত্ৰ: চন্দন নদী আৰু পথাৰ   —   এই দুয়োটা উপাদান মিলিয়েই গঠিত হৈছে অসমৰ সাংস্কৃতিক জীৱনৰ কাঠামো । এই দুই উপাদানক কেন্দ্ৰ কৰি ৰচনা হয় অসমীয়া গ্ৰাম্য জীৱনৰ টুকুৰা - টুকুৰ ছবি । অসমত পথাৰ বুলিলে আমি সততে ধান খেতিৰ পথাৰকেই বুজো । আহাৰ - শাওনমহীয়া ডাৱৰীয়া আকাশৰ তলত ৰোৱণীয়ে ভূঁই ৰূই থকা , আঘোণৰ পথাৰত ধান বুটলা ভাটৌৰ জাক , জিৰিক জিৰিক ডাঙৰিভাৰৰ দৃশ্য সুলভ । খেতিৰ ভৰপকৰ সময়ছোৱা অসমীয়া খেতিয়কসকলৰ পুৱাৰ পৰা গধূলিলৈকে কাম । দিনটো প্ৰায় পথাৰতে পাৰ হয় । পুৱাৰ পালমৰা পঁইতা-কৰ্কৰাৰে দিনটো আৰম্ভ হ ’ লেও বাকী খোৱা - লোৱাবোৰো পথাৰতে কৰা হয় । পথাৰৰ মুকলিত বহি ইটো -সি টো খোৱাৰ আমেজই সুকীয়া । ৰোৱাৰ দিনত কামৰ ফাঁকতে ৰোৱণী - হালোৱা আটায়ে মিলি আলিতে বহি চাহ-জলপানৰ মেল পাতে । গুৰৰ সৈতে ৰঙাচাহকণ বৰ জুতিলগা হয় পথাৰত । চাহ দিবলৈ আহোঁতেই হালোৱাই হাল বাওতে ধৰা পুঠি - গৰৈচিৰিকা দুই - চাইটা দি পথায় । সেই মাছেই গৃহিণীয়ে দুপৰীয়াৰ ভাতসাঁজৰ লগত দি পথালে সমাৰ বোৱা মাটি আৰু পোৰা মাছৰ পিটিকাৰ ফুৰ্ফুৰীয়া ...

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা কুঢ়া চৰাইৰ কঠিয়াতলীত পোনা মাছৰ উলাহ সমাৰ বোৱা মাটিৰ গোন্ধত গাভিনী টোমবোৰ পাতল হয় হোলোঙাত ওলমি গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা? আলিৰ কানত ভেঁজা দি ৰোৱা এশাৰী খোকাত বন্দী ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক ৰংমন অ', বেলিটোচোন ভাগৰিলেই তোৰহে ব্যস্ততাৰ শেষ নাই।