শাওণীয়া আকাশৰ আঁচলৰ তলত
খেলিমেলি বৰষুণজাকত
ৰাতিবোৰে গা পখালে,
চকামকা ৰ'দ আৰু থুপি থুপি মেঘৰ ছাঁৰ
লুকাভাকু খেলত চঞ্চল হয় দিনবোৰো।
কানিমুনি সন্ধিয়াৰ চপল বতাহজাকৰ ওঁঠতো
বকুলবনৰ সুগন্ধি গুনগুননি
চিফুংৰ চিনাকী মায়াবী সুৰে
হেঁচুকি জগাই যায় হৃদয়ৰ আলফুল ভাৱনা।
শাওণৰে মৰমত জীপাল হৈ উঠে
খেতিয়কৰ লহ্পহ্ সেউজীয়া সপোন
আশাৰ উক্মুক্ গজাঁলি।
এনেকৈয়ে সুখৰ নিঃকিন ভঁৰালবোৰ
ৰঙেৰে উপচাবলৈ সাজু হয় শাওণ
বাঢ়ি আহে আকলুৱা সপোনৰ আলসুৱা কোঁহ।
(আগষ্ট, ২০১০)
খেলিমেলি বৰষুণজাকত
ৰাতিবোৰে গা পখালে,
চকামকা ৰ'দ আৰু থুপি থুপি মেঘৰ ছাঁৰ
লুকাভাকু খেলত চঞ্চল হয় দিনবোৰো।
কানিমুনি সন্ধিয়াৰ চপল বতাহজাকৰ ওঁঠতো
বকুলবনৰ সুগন্ধি গুনগুননি
চিফুংৰ চিনাকী মায়াবী সুৰে
হেঁচুকি জগাই যায় হৃদয়ৰ আলফুল ভাৱনা।
শাওণৰে মৰমত জীপাল হৈ উঠে
খেতিয়কৰ লহ্পহ্ সেউজীয়া সপোন
আশাৰ উক্মুক্ গজাঁলি।
এনেকৈয়ে সুখৰ নিঃকিন ভঁৰালবোৰ
ৰঙেৰে উপচাবলৈ সাজু হয় শাওণ
বাঢ়ি আহে আকলুৱা সপোনৰ আলসুৱা কোঁহ।
(আগষ্ট, ২০১০)
Comments
Post a Comment